বেজৰ দৌল বা বেজ দৌল (Bezor Doul) ডিব্ৰুগড় জিলাৰ জিলাৰ ধেমেচী অঞ্চলৰ বেজপথাৰত অৱস্থিত ঐতিহাসিক দৌল। ই শিৱসাগৰ জিলাৰ ডিমৌৰ পৰা প্ৰায় ৫ কিলোমিটাৰ নিলগত অৱস্থিত। বেজৰ দৌল আচলতে এটা বিষ্ণু দৌল আৰু অষ্টভূজাকৃতি গৰ্ভগৃহ আৰু এটা ঠেক অন্তৰালৰ সৈতে নিৰ্মিত। ই উত্তৰ মধ্যযুগৰ ইটাৰে নিৰ্মিত আহোম ৰাজত্বকালৰ মন্দিৰ-স্থাপত্য নিদৰ্শন। আহোম যুগত পৰম্পৰাগতভাৱে ঔষধৰ চৰ্চা কৰা 'চাং খেল'ৰ এজন বেজে নিজৰ কৰ্মপটুতাৰ বাবে বেজবৰুৱা পদবী লাভ কৰিছিল। তেখেতক বৰ্তমানৰ বেজৰপথাৰ অঞ্চলত আহোম ৰজাই বিশাল ভূ-সম্পত্তি প্ৰদান কৰিছিল। সেইজনা বেজবৰুৱাই নিজৰ স্মৃতি ৰক্ষাৰ্থে আহোম স্বৰ্গদেউ চুখ্ৰংফাই এই দৌল নিৰ্মাণ কৰোৱাইছিল।১
দেখাত সৰুফুটীয়া এই দৌলটোৰ বেৰবোৰ যথেষ্ট ডাঠ। দৌলৰ বেৰত পূৰ্বে নানান ফুল-জালী আছিল যদিও বৰ্তমানে সেইবোৰ নাই। এই দৌলত কোনো বিগ্ৰহ নাই যদিও বৰ্তমাননেও ইয়াত বিষ্ণুৰ পূজা-অৰ্চনা কৰা হয়। অসম চৰকাৰৰ পুৰাতত্ত্ব বিভাগে বেজৰ দৌলক ৰাজ্যিক সংৰক্ষিত স্মৃতিচিহ্ন হিচাপে স্বীকৃতি প্ৰদান কৰিছে।২
অৱস্থান
ডিব্ৰুগড় জিলাৰ ধেমেচী অঞ্চলৰ বেজপথাৰত বেজ দৌল বা বেজৰ দৌল অবস্থিত। ই শিৱসাগৰ জিলাৰ ডিমৌৰ পৰা প্ৰায় ৫ কিলোমিটাৰ দূৰত্বত থকা আহোম যুগৰ প্ৰাচীন কীৰ্তিচিহ্ন বিশেষ।
ইতিহাস
আহোম যুগত পৰম্পৰাগতভাবে ঔষধ চৰ্চা কৰা চাং খেলৰ এজন বেজে নিজৰ কৰ্মপটুতাৰ বাবে বেজবৰুৱা পদবী লাভ কৰিছিল। তেখেতক বৰ্তমান বেজৰ পথাৰ অঞ্চলত বিশাল ভূ-সম্পত্তি আহোম স্বৰ্গদেউ সকলে প্ৰদান কৰিছিল। স্বৰ্গদেউ ৰুদ্ৰ সিংহই সেইজনা বেজবৰুৱাৰ স্মৃতি ৰক্ষাৰ্থে এই বেজৰ দৌল নিৰ্মাণ কৰোৱাইছিল। কিছুমানৰ মতে বেজবৰুৱা গৰাকীয়ে নিজেই এই দৌল নিৰ্মাণ কৰাইছিল। পৰৱৰ্তী কালত এই দৌল বেজ দৌল বা বেজৰ দৌল হিচাপে জনাজাত হয়।৩
স্থাপত্য
বৰ্তমান বেজৰ দৌলটো আৰু তাৰ চৌপাশৰ বৃহৎ পৰিমাণৰ এলেকা চাৰিওফালে পকী বেৰেৰে সংৰক্ষিত কৰি থোৱা হৈছে। দৌলটো দেখাত অত্যন্ত মনোমোহা আৰু ইয়াৰ বেৰবোৰ যথেষ্ট ডাঠ। এই দৌলটো এটা সৰু দৌল। ইয়াৰ শিখৰৰ ওপৰলৈ লক্ষ্য কৰি বিষ্ণু দৌল বুলি ঠাৱৰ কৰিব পৰা যায়। দৌলৰ ভিতৰত কোনো বিগ্ৰহ নাথাকিলেও বৰ্তমানেও ইয়াত বিষ্ণুৰ পূজা কৰা হয়। বেজৰ দৌলটো অষ্টভুজাকৃতিব গৰ্ভগৃহ আক এটা ঠেক অন্তৰালৰ সৈতে নিৰ্মিত।৪ শেষ মধ্যযুগৰ ইটাৰে নিৰ্মিত আহোম ৰাজত্বকালৰ কৃৰ্তিচিহ্ন।৫
বেজৰ দৌলৰ জগমোহনৰ প্ৰৱেশ-পথ পশ্চিম দিশে আছে। জগমোহনৰ চালি ধেনুভিৰীয়া, চালিৰ মধ্যস্থান টুপীয়া সীবলুযুক্ত, টুপ মাজুবন্ধনীৰ গঢ়ৰ আৰু সীবলু জংঘালৈকে দুই চালি সংযুক্ত।৫ অন্তৰাল জগমোহনৰ ভিতৰতে জগমোহনৰ পৰা পৃথকভাবে সংলগ্ন হৈ আছে। অন্তৰাল ইউ বৰ্ণৰ ওলোটা আকৃতিৰ প্ৰৱেশ-পথেবে নিৰ্মিত। দৌলৰ বেৰ যথেষ্ট ডাঠ আৰু বেৰত এখন গবাক্ষ আৰু গবাক্ষৰ ওপৰত ১টা কুন্দ্ৰাক্ষ আছে। গবাক্ষ আৰু কুন্দ্ৰাক্ষৰ বিৱবণ দ্বিতীয় বেবৰ সৈতে একেই। ভিতৰৰৰ গণ্ডীৱ শংকু আকৃতিৰ আৰু ইয়াৰ গাঁথনি উন্নত মানৰ। ইয়াত কোনো ভাস্কৰ্য নাই।৫
দৌলটোত পূৰ্বতে তলৰ পৰা ওপৰলৈ লতাফুল আৰু পাতেৰে অলংকৃত কৰা আছিল। কালব সোঁতত সেই খোদাই কৰা শিল্প-কৰ্মসমূহ দৌলৰ গাৰ পৰা মচ খাই গ'ল। জংঘাৰ মাজৰ অংশটো বাহিবৰ ফালৰ পৰা দেখাত ঢোল এটাৰ দবে সামান্য ফুলি থকা আকৃতিত নিৰ্মিত।৫
দৌলৰ গণ্ডী অংশটো কলডিলীয়া আৰ্হিৰ আৰু ইয়াৰ উত্তৰ দিশে সামান্য উঠঙা। শিখৰত অৱস্থিত কলচী পদুম ফুলব কলিৰ নিচিনা। কলচীৰ ওপৰত আয়ুধ হিচাপে শ্ৰীচক্ৰ স্থাপন কৰা হৈছে।৫
যাতায়াত
বেজৰ দৌল ডিমৌ চহৰৰ পৰা প্ৰায় ৫ কিঃমিঃ নিলগত ডিমৌ-খোৱাং পথৰ দাঁতিত অৱস্থিত। মৰাণহাট, ডিমৌ চহৰৰ পৰা ইয়ালৈ যাতায়াতৰ সু-ব্যৱস্থা আছে। ইয়াৰ পৰা মৰাণহাট ৰেল ষ্টেচন প্ৰায় ২১ কিঃমিঃ আৰু ডিব্ৰুগড় বিমানবন্দৰ প্ৰায় ৬০ কিঃমিঃ নিলগত অৱস্থিত।
তথ্যসূত্ৰ
- ↑ Protected Archaeological Sites and Monuments. Department of Cultural Affairs, Government of Assam
- ↑ Protected Monuments in Assam. Archeological Survey of India
- ↑ Bezor Doul. Dibrugarh district
- ↑ সংৰক্ষিত পূৰাতাত্ত্বিক স্থান আৰু স্মৃতিসৌধসমূহ. Archeological Survey of India
- ↑ বুঢ়াগোহাঁই, নবীন. (20 June 2018). বেজপথাৰৰ বেজ দৌল. জনমভূমি
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বেজৰ দৌল” প্ৰবন্ধৰ সংশোধন ৫১৪৯৭০ (৫ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।