অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

নলেশ্বৰ থান

নলেশ্বৰ থান তেজপুৰ চহৰৰ দ-বেছেৰীয়া গাঁৱত অৱস্থিত| তথ্য অনুসৰি, ১৭৬০ চনৰ ভাদ মাহত সেই গাঁৱৰে মূৰাৰী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু নমোৰাম গোস্বামীদেৱে এই থান খন প্ৰতিষ্ঠা কৰিছিল।

হালনাগাদ: ৮ ডিচেম্বৰ ২০২৫ ২৪০ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

নলেশ্বৰ থান তেজপুৰ চহৰৰ দ-বেছেৰীয়া গাঁৱত অৱস্থিত| তথ্য অনুসৰি, ১৭৬০ চনৰ ভাদ মাহত সেই গাঁৱৰে মূৰাৰী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু নমোৰাম গোস্বামীদেৱে এই থান খন প্ৰতিষ্ঠা কৰিছিল। লোক বিশ্বাস অনুসৰি, এবাৰ কোনোবা এক শুভক্ষণত গাঁৱৰে তিনিজন বয়োজ্যেষ্ঠ লোকক আচৰিত ভাৱে একেটা নিশাতে মহাপ্ৰভুৱে তেখেত বলুকাৰ জাঁজিৰ মাজত অনাহূত অৱস্থাত থকাৰ কথা কৈ পাৰলৈ লৈ যাবলৈ সপোনত দেখুৱালে। সেই অনুসৰিয়েই গঞা ৰাইজ একত্ৰিত হৈ দেৱ বাদ্য বজাই সপোনত দেখুওৱা ঠাইলৈ গৈ ব্ৰহ্মপুত্ৰৰ বানে উটুৱাই অনা নল-খাগৰিৰ ওচৰত সিঁচৰিত হৈ থকা সাঁচিপতীয়া দেৱনাগৰী লিপি লিপিত লিখা ভাগৱতৰ দশম স্কন্ধ উদ্ধাৰ কৰে, পিছত সেই পুথি উলুৱনিৰ টিকাত অস্থায়ীভাৱে খেৰ-বাঁহেৰে ঘৰ সাঁজি প্ৰতিষ্ঠা কৰে আৰু চাকি বন্তি জ্বলাই সেৱা আগবঢ়াব লয়। কালক্ৰমত এইয়াই আজিৰ নলেশ্বৰ থানলৈ ৰূপান্তৰিত হয়। প্ৰবাদ আছে নল খাগৰিৰ মাজত পোৱাৰ বাবে নলেশ্বৰ থান বুলি নামকৰণ কৰা হয়। থানত নিতৌ পুৱাৰ প্ৰসংগ আৰু দুপৰীয়া নামকীৰ্ত্তন হয়। প্ৰতি বৃহস্পতি বাৰে ভাগৱত পাঠ হয়। পৰম্পৰা অনুযায়ী এই থানত আজিও খোল আৰু নাগাৰা নবজাই।

উপাসনা পদ্ধতি আৰু আচাৰ নীতি

নলেশ্বৰ থানত দৈনিক মহাপুৰুষ শংকৰদেৱ সৃষ্ট নাম-কীৰ্ত্তন কৰা হয়। দুপৰীয়া ভকত বৈষ্ণ্বে নামকীর্তন কৰা হয়। যদিও মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱ সৃষ্ট নাম কীর্ত্তনৰ আর্হিৰে ৰাইজে সেৱা জনাই আহিছে তথাপি এই থানত পূৰ্বৰ পৰম্পৰা অনুযায়ী খোল আৰু নাগাৰা বজোৱাত বাধা নিষেধ আছে। থানত প্রতি বৃহস্পতি বাৰে ভাগবত পাঠ কৰা হয় আৰু প্রতি বছৰৰ ফাগুণ, চ'ত মাহাত চাৰিদিনকৈ অখণ্ড ভাগৱত পাঠ অনুষ্ঠিত কৰা হয়। ইয়াৰোপৰি প্রতি বছৰে এক ব'হাগত ৰাজহুৱা পাল নাম অনুষ্ঠিত কৰা হয়। পৰম্পৰা অনুসৰি এই খানত পূজা পাতল, হোম যজ্ঞ কৰা নহয় আৰু আমিষ ভোজন নিষিদ্ধ।

লগতে চাওক

সম্পৰ্কিত শ্ৰেণী

অসমৰ ধৰ্মীয় স্থানহিন্দুধৰ্মৰ মঠ-মন্দিৰশোণিতপুৰ জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নলেশ্বৰ থান” প্ৰবন্ধৰ সংশোধন ৫৬১৯৩৩ (৮ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।