হ'-ফি লাং-কু-ৰি১(𑜑𑜦𑜡 𑜇𑜣 𑜎𑜡𑜂𑜫 𑜀𑜥 𑜍𑜣) অসমীয়াত লাংকুৰি দেওশাল (Temple of Langkuri২) ফুৰালুং ধৰ্মৰ লাংকুৰি দেৱতাক আৰাধনা কৰা এখন হ'ফি দেউশাল। ১২৫৩ খ্ৰীষ্টাব্দত বৰাহী মুখিয়া থাকুমথাৰ উপদেশত চাওলুং চুকাফাই চৰাইদেউৰ এই অঞ্চলকে প্ৰথম স্থায়ী ৰাজধানী হিচাপে পাতি লয়৩ আৰু তেওঁ আগবঢ়োৱা দেওঘৰক চুকাফাই দেওশাল হিচাপে পুনৰ প্ৰতিষ্ঠা কৰি লয়।৪ লাংকুৰি দেওশাল আৰু তাৰ পশ্চিমফালে থকা লাংকুৰি দৌল ফুৰালুং ধৰ্মৰ আটাইতকৈ পবিত্ৰ উপাসনাস্থল, য’ত লাংকুৰি দেওশাল পাহাৰৰ ওপৰত অৱস্থিত প্ৰাচীন প্ৰথম আহোম উপসনা স্থলীৰ স্ধ্বংসাৱশেষ এতিয়াও দেখা যায়। ৫ দেওশালত বৰ্তমানেও আহোম সম্প্ৰদায়ৰ লোকসকলে পৰম্পৰাগত ফুৰালুং ধৰ্মৰ ৰীতি-নীতিৰে বিভিন্ন পূজা-পাতল কৰি আহিছে। এই দেওশালত বছৰৰ পঞ্চম, দশম আৰু দ্বাদশ মাহত লাংকুৰি দেৱতাক পুজা কৰা হয়। ইয়াৰে কাষতে লাংকুৰি দৌল অৱস্থিত।৬
চৰাইদেউত লাংকুৰী দেওশাল, খাও খাম দেওশাল আৰু মূল বৰ দেওশালকে ধৰি কেইবাটাও পৱিত্ৰ দেওশাল অৱস্থিত আছিল।৭ পাছলৈ চৰাইদেউৰ মূল দেওশালখন আম-লা-খী দেওশাললৈ লৈ যোৱা হয়।৮
ইতিহাস
স্থাপন
১২৫৩ খৃষ্টাব্দৰ পূৰ্বে এই স্থানত এটা দেওঘৰ আছিল, য'ত স্থানীয় বড়ো-কছাৰী মূলৰ বৰাহী-মৰাণ৯ (কিছু বুৰঞ্জীবিদৰ মতে চুতীয়া সকলৰো)১০ সকলে মিলি উপাসনা কৰিছিল। ১২৫৩ খৃষ্টাব্দত দেহং দাই লোক সকলৰ (পাছলৈ এইখিনি লোকে স্থানীয় লোকৰ লগত মিলি টাই-আহোম জনগোষ্ঠী গঠন কৰে১১১২১৩) প্ৰব্ৰজন ঘটে আৰু এই লোক সকলে দেওঘৰটোক নিজৰ পূজা কৰা শাল হিচাপে পুণৰ প্ৰতিষ্ঠা কৰে।১৪ সাতসৰী বুৰঞ্জীত উল্লেখ কৰা অনুসৰি এই অঞ্চলৰ বৰাহী-মৰাণৰ ৰজা বা মুখিয়াল থামিথুমাই দাই লোক সকলৰ ৰজা চুকাফাক জনাইছিল যে চৰাইদেউ পাহাৰত সিহঁতৰ কোনোবা ৰজা এজনৰ দেওঘৰ এটা আছিল য'ত থাকিবলৈ অনুকূল আছিল।৩১৫ সেই উপদেশ অনুসৰিয়ে চুকাফাই চৰাইদেউত নগৰ পাতি দেওঘৰ খনত পূজা কৰিবলৈ লয়।
দেওশালৰ পূজা নিয়মিত ভাৱে পৰিচালিত কৰিবৰ বাবে চুকাফাই কিছুমান বিষয় পদৰো সৃষ্টি কৰিছিল। যেনে- দেওধাই বৰুৱা, দেওধাই ফুকন, বাইলুং ফুকন ইত্যাদি। সময় সলনি হোৱাৰ লগে লগে চৰাইদেউ ওচৰত জনবসতি বৃদ্ধি হৈ অহাৰ লগতে অন্যান্য ৰাজকীয় কাৰণত স্বৰ্গদেউ সকলৰ আদেশানুসাৰে মহামন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁঞিয়ে (এওঁ গৌৰী নাথ সিংহ (১৭৮০-১৭৯৫), কমলেশ্বৰ সিংহ(১৭৯৫-১৮১০), চন্দ্ৰকান্ত সিংহ(১৮১০-১৮১৭) খ্ৰীষ্টাব্দত) দিনত মন্ত্ৰী আছিল) দেওশালত স্থান পৰিবৰ্তনৰ বাবে আলোচনা কৰি ৰজা প্ৰজা সকলোৰে সন্মতিক্ৰমে লাকুৱা লৈ স্থানান্তৰিত কৰে (আমলখি দেওশাল ৰূপে খ্যাত)। অৱশ্যে চৰাইদেউ দেওশাল ৰজাসকলৰ বাবে সংৰক্ষিত অৱস্থাতে আছিল।১৬ পাছলৈ চাওফা চুপাতফাই ওচৰতে থকা লাংকুৰি দৌল নিৰ্মাণ কৰিছিল।১৭
ফুৰালুং ধৰ্ম
লাংকুৰি
লাংকুৰি ফুৰালুং ধৰ্মৰ এজন অতি গুৰুত্বপূৰ্ণ আৰু প্ৰাচীন প্ৰাচীন দেৱতা।১৮ লাংকুৰীক পৰ্বতত বাস কৰা প্ৰাচীন দেৱতা বুলি বিশ্বাস কৰা হয় আৰু সেইবাবে তেওঁৰ উপাসনা কৰা হয়।১৯ লাংকুৰীক ‘আই লেং দিন’ বুলিও জনা যায়। আই লেং দিন হৈছে পৃথিৱীৰ অধিষ্ঠাত্ৰী দেৱতা। সৰগদেউ-লাংকুৰী পূজাত আই লেং দিনক ‘খুনথাউ ঙেউ লাংকুৰী’ ৰূপে উপাসনা কৰা হয়। টাই ভাষাৰ মন্ত্ৰ গাই তেওঁৰ পূজা সম্পন্ন কৰা হয়।
হ'-ফি
মূল প্ৰবন্ধ: ফুৰালুং ধৰ্মৰ উপাসনালয়
হ'-ফি এক প্ৰকাৰৰ ফুৰালুং ধৰ্মৰ উপসনা গৃহ। ই ফুৰালুং ধৰ্মৰ তিনিটা মুখ্য উপসনা স্হল হ'-লু, হ'-ফি আৰু ৰুন চাও চেংৰ ভিতৰত সৰ্বোচ্চ উপাসনালয়। অসমীয়া ভাষাত এই তিনিওবিধ উপাসনাস্থলক দেউশাল বুলি কোৱা হয়। চৰাইদেউত সাতখন তেনে পৱিত্ৰ উপাসনাস্থল আছে। সেইসমূহ হ'ল: হ'-ফি ম'লাই, হ'-ফি কা-লাই বা দাই, হ'-ফি হুকুম, হ'-ফি বান্টুং, হ'ফি ফা নটিং ৰু বা ৰৌন ফা, ৰৌন চুম আৰু ৰৌন খুন চেং। দেওশালত টাই পৰম্পৰাগত আচাৰ-অনুষ্ঠান অনুসৰি লাংকুৰীৰ উপাসনা কৰা হয়।২০ হাবি দেওশাল’ৰ অৰ্থ হৈছে অৰণ্যত বাস কৰা দেৱতাসকলৰ উদ্দেশ্যে সম্পন্ন কৰা দেওশাল। ‘হাবি’ শব্দৰ অৰ্থ হৈছে অৰণ্য বা জংঘল।২১ ফুৰালুং ধৰ্মৰ পুৰোহিতসকলৰ বিশ্বাস অনুসৰি, টাই নববৰ্ষৰ আৰম্ভণিতে লাংকুৰী আৰু আন চাৰি দেৱতাৰ পূজা নকৰিলে পূৰ্বপুৰুষ বা দামসকলে পাকঘৰৰ দক্ষিণ দিশৰ খুটা ফ’ কামত আগবঢ়োৱা প্ৰসাদ গ্ৰহণ নকৰে। সেইবাবে সৰগদেউ-লাংকুৰী পূজাৰ পিছতহে পূৰ্বপুৰুষসকলৰ উপাসনা সম্পন্ন কৰা হয়।২২ দেওশালত সম্পাদন হোৱা বিভিন্ন অনুষ্ঠান বা পূজা, যেনে বিকখন, ওমফা, মে-ডাম-মে-ফী আদি পূজাত গৰু, ম'হ, গাহৰি, হাঁহ, পাৰ, কুকুৰা আদি জীৱ জন্তু বলি দিয়া হয়। আহোম পৰম্পৰাত বলি দিবৰ বাবে ‘বলিমৰা’ খেল আছিল। তাই আহোম পৰম্পৰাত দেও পূজাৰ বাবে উদ্গা কৰা হাঁহ কুকুৰা আদি মন্ত্ৰপূত কৰি মুচৰি অথবা টঙনিয়াই মৰাৰ প্ৰথাহে আজিও প্ৰচলন হৈ আছে।২৩২৪ বুৰঞ্জী অনুসৰি দিনছাম মাহত চাওফা চুজিনফাই বৰ পাহাৰত অৱস্থিত লাংকুৰি দেওশালত গৰু আৰু ম’হ লৈ গৈ সেই লাংকুৰি দেৱতাৰ উদ্দেশ্যে উৎসৰ্গ কৰিছিল।২৫
পুন:নিৰ্মাণ আৰু সংৰক্ষণ
অসম চৰকাৰৰ টাই আহোম উন্নয়ণ পৰিষদে ১ কোটি ৮ লাখ টকাৰ অনুমোদন কৰে।২৬
অন্যান্য দেওশাল আৰু উপসনাস্থলী সমূহ
- কৰদৈ পুখুৰী:দিনছি মাহত চাওফা চুপাটফাই চৰাইদেউ পাহাৰৰ তলত কৰদৈ নামৰ এটা পুখুৰী খন্দোৱাইছিল, য’ত চাওফাসকলৰ মৃতদেহ সমাধিস্থ কৰা হৈছিল। এই পুখুৰী লাংকুৰীৰ উদ্দেশ্যে উৎসৰ্গ কৰা হৈছিল।২৭
তথ্যসূত্ৰ
- ↑ Konwar, Paranan. Town Planning and Architectural Study of the Medieval Ahom Royal Palaces at Che-Hong (Gargāon) and Che-Muan (Rangpur). Sonari College, Assam. পৃ. 6
- ↑ Barua, Golap Chandra. (1930). Ahom-Buranji: From the Earliest Time to the End of Ahom Rule. Baptist Mission Press. পৃ. 251
- ↑ Bhuyan, SK,"Satsari Assam Buranji, p.6,"সি বোলে, মোক থামিথুমা বোলে। মই বৰাহী মৰাণৰ অধিকাৰ। লখাই বিলৰ কোখত মোৰ ঘৰ।...পৰ্ব্বতত চুকাফাৰ পাট।— পাছে ৰজা বোলে, আমি থাকিবলে ক’ত ভাল? থামিথুমাৱে বোলে, আমাৰ ৰজাৰ দেওঘৰ আছে, তাতে থাকিবলৈ চল। পাছে আমাৰ মানুহে চাবলৈ গ’ল। ৰজাদেৱে তাহাতক খুৱাই-বুজাই পঠালে, বোলে, আমাৰ এখেলৈ অহা-যোৱাকৈ থাকিবি। এইবুলি বিদাই দিলে। আতপাচে আমাৰ মানুহে ভাল ঠাই বুলি কলেহি ৰজাত। পাছে ন-ভাত খাই নাংকুৰিদেৱৰ ওচৰত উজনিত সৰু পৰ্ব্বত খনিত পাটকে থাকিল।"
- ↑ Konwar, Paranan. Town Planning and Architectural Study of the Medieval Ahom Royal Palaces at Che-Hong (Gargāon) and Che-Muan (Rangpur). Sonari College, Assam. পৃ. 6
- ↑ "...It was founded as the first temple site for the Ahom kings. Currently, remnants of the Ahom temple..." Borah, Deepjyoti; Kumar, Pradip. (2024). The Role of UNESCO World Heritage Site Charaideo Moidam in Promoting Tourism Through Tai-Ahom’s Intangible Cultural Heritage. International Journal for Multidisciplinary Research
- ↑ Saikia, Joyshree; Bora, Prasangsha. (2025-08). Tracing the memories of the Ahoms at Charaideo and adjacent areas. International Journal of Creative Research Thoughts
- ↑ Gogoi, Shrutashwinee. (2011). Tai Ahom Religion: A Philosophical Study. Shodhganga, INFLIBNET Centre. পৃ. 225
- ↑ Gogoi, Shrutashwinee. (2011). Tai Ahom Religion: A Philosophical Study. Shodhganga, INFLIBNET Centre. পৃ. 225
- ↑ {{Cite report |last=Konwar |first=Paranan |title=Town Planning and Architectural Study of the Medieval Ahom Royal Palaces at Che-Hong (Gargāon) and Che-Muan (Rangpur) |publisher=Sonari College, Assam |url=http://sonaricollegedigitallibrary.in:8080/jspui/bitstream/123456789/230/1/Konwar_Tow_Art_withAbstract.pdf |access-date=2026-06-15 |pages=6|quote="In Assamese chronicles it is mentioned that Barāhi Chief offered their ‘Deoghar’ (worshiping place, temple) to the new king Süa-kaa-faa. In ‘Deoghar’, Süa-kaa-faa founded the ‘Deo-Shāl’ (worship place) (Sātsari Asom Buranji, 1999:5)."
- ↑ Bharali, Ankur Jyoti. (2026). Charaideo in Early Ahom Polity: Establishment, History and Significance. International Journal of Novel Research and Development. পৃ. b15
- ↑ Saikia, Yasmin. (1997). In the Meadows of Gold: Telling Tales of the Swargadeos at the Crossroads of Assam. Spectrum Publications. পৃ. 181. ISBN 8185319618
- ↑ Gogoi, Padmeswar. (1968). The Tai and the Tai Kingdoms. Gauhati University. পৃ. 59
- ↑ {{cite journal |last=Guha |first=Amalendu |title=The Ahom Political System: An Enquiry into the State Formation Process in Medieval Assam (1228–1714) |journal=Social Scientist |volume=11 |issue=12 |year=1983 |pages=3–34 |jstor=3516963 |doi=10.2307/3516963 |quote=“The process of Ahomization continued through the absorption of the Barahi and Moran tribes and, later, also large sections of the Chutiya and Kachari tribes.”
- ↑ {{Cite report |last=Konwar |first=Paranan |title=Town Planning and Architectural Study of the Medieval Ahom Royal Palaces at Che-Hong (Gargāon) and Che-Muan (Rangpur) |publisher=Sonari College, Assam |url=http://sonaricollegedigitallibrary.in:8080/jspui/bitstream/123456789/230/1/Konwar_Tow_Art_withAbstract.pdf |access-date=2026-06-15 |pages=6|quote="In Assamese chronicles it is mentioned that Barāhi Chief offered their ‘Deoghar’ (worshiping place, temple) to the new king Süa-kaa-faa. In ‘Deoghar’, Süa-kaa-faa founded the ‘Deo-Shāl’ (worship place) (Sātsari Asom Buranji, 1999:5)."
- ↑ Konwar, Paranan. Town Planning and Architectural Study of the Medieval Ahom Royal Palaces at Che-Hong (Gargāon) and Che-Muan (Rangpur). Sonari College, Assam. পৃ. 6
- ↑ সম্পাদক: সৰ্বানন্দ ৰাজকুমাৰ. ইতিহাসে সোঁৱৰা ছশটা বছৰ. নলতা
- ↑ Gogoi, Padmeswar. (1976). Tai-Ahom Religion and Customs. Publication Board, Assam. পৃ. 52
- ↑ Historical and Socio-cultural Aspects of North-East India. Google Books. পৃ. 48
- ↑ Gogoi, Shrutashwinee. (2011). Tai Ahom Religion: A Philosophical Study. Shodhganga, INFLIBNET Centre. পৃ. 102
- ↑ Gogoi, Shrutashwinee. (2011). Tai Ahom Religion: A Philosophical Study. Shodhganga, INFLIBNET Centre. পৃ. 102
- ↑ Gogoi, Shrutashwinee. (2011). Tai Ahom Religion: A Philosophical Study. Shodhganga, INFLIBNET Centre. পৃ. 102
- ↑ Gogoi, Shrutashwinee. (2011). Tai Ahom Religion: A Philosophical Study. Shodhganga, INFLIBNET Centre. পৃ. 150
- ↑ কাশীনাথ তামূলী. আসাম বুৰঞ্জী
- ↑ পৰানন কোঁৱৰ. (জুন ২০২০). প্ৰবন্ধৰ নাম. প্ৰান্তিক
- ↑ "...cows and buffaloes to the temple of Langkuri (Siva) on the Barpa-här hill ..." Bhuyan, Suryya Kumar. (1960). Satsari Assam Buranji. Department of Historical and Antiquarian Studies, Assam. পৃ. 251
- ↑ শিৱসাগৰৰ ঐতিহাসিক লাংকুৰি দেওশালত ডাম-ফী পূজা, পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণ হৈ পৰিব লাংকুৰি দেওশাল. News18 Assam. www.news18.com
- ↑ "...named, Kardai where the dead bodies of the kings were entombed. The tank was dedicated to Langkuri (Siva)..." Bhuyan, Suryya Kumar. (1960). Satsari Assam Buranji. Department of Historical and Antiquarian Studies, Assam. পৃ. 270
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লাংকুৰি দেওশাল” প্ৰবন্ধৰ সংশোধন ৬১৫২৯৬ (২ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।