অসমৰ ধৰ্মীয় স্থান
৬৫ প্ৰবন্ধ
-
লেতেকুপুখুৰী
লেতেকুপুখুৰী হৈছে অসমৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত এখন ঐতিহাসিক গাঁও। এই স্থানটো মাধৱদেৱৰ জন্মস্থান হিচাপে জনাজাত। এই অঞ্চল অতীতত বৰ-নাৰায়ণপুৰ নামেৰে জনাজাত আছিল আৰু কামতা ৰাজ্যৰ সময়ৰে পৰা এক ঐতিহাসিক স্থান হিচাপে বিবেচিত। অঞ্চলটো শোণিতপুৰ জিলাৰ কলাবাৰী অঞ্চললৈকে বিস্তৃত আছিল।
-
শ্ৰী শ্ৰী কেশৱচৰণ আতা থান সত্ৰ
ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰে অৱস্থিত লখিমপুৰ জিলাৰ পশ্চিম প্ৰান্তত ধলপুৰ মৌজাৰ অন্তৰ্গত এখন সৰু ঠাই হৈছে ভাটৌকুছি। এই স্থানতেই অৱস্থিত শ্ৰী শ্ৰী কেশৱ চৰণ আতা থান সত্ৰ।
-
শ্ৰীশ্ৰীবুঢ়ী গোঁসানী (দুৰ্গাদেৱী) মন্দিৰ
শ্ৰীশ্ৰীবুঢ়ী গোঁসানী (দুৰ্গাদেৱী) মন্দিৰ গুৱাহাটী মহানগৰৰ পশ্চিম দিশৰ পাৰ্শ্বৱৰ্তী পাটগাঁওত অৱস্থিত৷ ১৯২০ চনত স্থাপন কৰা এই মন্দিৰত ৰাণী অঞ্চলৰ সজ্জনপাৰাৰ ৰজাদিনীয়া পৰম্পৰাৰে পূজা অৰ্চনা কৰা হয়৷ ৰাণীৰাজ্যৰ শেষ ৰজা পৰমানন্দ সিংহই “লাৰা পাহাৰ’’ত শ্ৰীশ্ৰীবুঢ়ী গোঁসানীৰ পূজা আৰম্ভ কৰিছিল আৰু…
-
ৰাইদঙীয়া দৌল
ৰাইদঙীয়া দৌল বা ৰাইদঙ্গীয়া দৌল (Raidongia Doul) ডিব্ৰুগড় জিলাৰ লেজাই-কলাখোৱা অঞ্চলত অৱস্থিত ঐতিহাসিক দৌল। ১৭৫০ চনত আহোম ৰজা স্বৰ্গদেউ প্ৰমত্ত সিংহয়ে (১৭৪৪–১৭৫১) নিৰ্মাণ কৰাইছিল। ইটাৰে সজা দৌলটো পূৰ্বতে দেৱী মন্দিৰ আছিল। কালক্ৰমত দৌলৰ কাষতেই এটি ঘৰ নিৰ্মাণ কৰি অঞ্চলৰ ৰাইজে শিৱ পূজা কৰি আহিছে।
-
ৰামখাপীঠ দেওশাল
ৰামখাপীঠ দেৱালয় বা দেওশাল শিৱসাগৰ জিলাৰ দিখৌমুখৰ দেওঘৰীয়াস্থিত এখন প্ৰাচীন ক্ষেত্ৰ৷ জনশ্ৰুতি মতে কালিকা পুৰাণ, দেৱী পুৰাণ আদিত উল্লেখ কৰা সতীৰ শৱদেহ খণ্ড-খণ্ড কৰাৰ ফলত এই শৱদেহৰ ৫১ টা খণ্ড ভাৰতৰ ৫১ খন ঠাইত পৰি যিসমূহ শক্তিপীঠৰ সৃষ্টি হৈছিল তাৰে এখন হ’ল ৰামখাপীঠ৷ পিছে পুৰাণত উল্লেখ কৰা ৫১ খন…