দেৱী দৌল গৌৰীসাগৰ পুখুৰীৰ উত্তৰ তীৰৰ পূৱ সীমান্তত অৱস্থিত এটা দৌল বা মন্দিৰ। গৌৰীসাগৰৰ তিনিওটা মন্দিৰৰ ভিতৰত ই সকলোতকৈ ডাঙৰ।
মন্দিৰটো ৰজা চুতণফাৰ(১৭১৪-৪৪) ৰাণী ফুলেশ্বৰীৰ নিৰ্দেশ অনুসৰি ইটা আৰু পাথৰেৰে (শিল) নিৰ্মাণ কৰা হৈছিল। মন্দিৰটোৰ মূল গৰ্ভগৃহৰ ওপৰত এটা নগৰাশিখৰ আছে আৰু চাৰিটা মূল দিশত চাৰিটা অঙ্গাশিখৰৰ দ্বাৰা গুচ্ছযুক্ত। গৰ্ভগৃহৰ পৰিকল্পনা পঞ্চাৰ্থ ক্ৰমৰ দৰে আৰু ইয়াৰ মণ্ডপ চতুৰ্ভূজাকৃতিৰ দুখন চাঁদৰ দ্বাৰা আবৃত | দৌলৰ মণ্ডপটো গৰ্ভগৃহৰ লগত এক অন্তৰালৰ মাধ্যমেৰে সংযুক্ত আছে, দৌলৰ বাহ্যিক প্ৰাচীৰ ব্ৰাহ্মণ্যবাদী বিশ্বাসৰ বিভিন্ন দৈৱিক ব্যক্তিত্বৰ দ্বাৰা সজ্জিত। দৌলৰ পৰিসৰৰ চাৰিওফালে বিশাল প্ৰাচীৰ আছে।১
তথ্যসূত্ৰ
- ↑ Devidol,Gaurisagar. Archaeological Survey of India(ASI), Guwahati Circle, Assam
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দেৱী দৌল” প্ৰবন্ধৰ সংশোধন ২৫৭৮৬৯ (৫ জানুৱাৰী ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।