শ্ৰী শ্ৰী কলি আই থান (Sri Sri Koli Aai Thaan) ডিব্ৰুগড় জিলাৰ ৰাজভেটা পঞ্চায়তৰ অন্তৰ্গত চেঙামাৰী হাবি গাঁৱত অৱস্থিত এখন ঐতিহাসিক থান। এই থান ডিবৰু সত্ৰৰ সত্ৰাধিকাৰৰ দুহিতা কলি আইৰ প্ৰতি উছৰ্গিত। দিহিং সত্ৰৰ কোনো পুৰুষ উত্তৰাধিকাৰী নথকাত কলি আইয়ে ইয়াৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল। ইয়াত কোনো মন্দিৰ বা মূৰ্তিৰ উপাসনা কৰা নহয়।১
ইতিহাস আৰু কিংবদন্তি
আহোম স্বৰ্গদেউ চুখ্ৰংফাৰ ৰাজত্বকালত ডিব্ৰুগড় জিলাৰ বগীবিলৰ ব্ৰহ্মপুত্ৰ নদৰ পাৰত বুদবাৰী মহন্ত বিজয়া নন্দয়ে কলীয়া মহন্ত গোঁসাই থানখন স্থাপন কৰিছিল। টাই-আহোম বুৰঞ্জী মতে স্বৰ্গদেউ চুহিত্পংফাৰ ৰাজত্বকালত ১৭৮৭ খ্ৰীষ্টাব্দত ডিবৰুমুখৰ অমৰা তলিত আহোম আৰু মটকৰ মাজত এখন ৰণ হৈছিল। এই ৰক্তাক্ত ৰণত মটকসকল জয়ী হৈ বুদবাৰী মহন্ত কলীয়া গোঁসাই সত্ৰলৈ আহিছিল। মটকসকলে ইয়াত থকা সকলো ব্যক্তি আৰু সত্ৰৰ গোঁসাই-মহন্তক হত্যা কৰিছিল আৰু বিদ্ৰোহৰ সময়ত সত্ৰখনো ভাঙিছিল।
স্বৰ্গদেউ চুক্লিংফা ৰাজত্বকালত ৰাজ্যলৈ শান্তি ঘূৰি অহাত উক্ত সত্ৰখন উত্তৰাধিকাৰী সত্ৰাধিকাৰ সুদৰ্শনে পুনৰ প্ৰতিষ্ঠা কৰে। তেওঁৰ কৃষ্ণা দেৱী নামৰ এগৰাকী কন্যা সন্তান আছিল। জনবিশ্বাস মতে কৃষ্ণাদেৱী দেখাত কৃষ্ণ বৰ্ণৰ আছিল। ডিব্ৰু নদীৰ পাৰত অৱস্থিত হোৱাৰ সত্ৰখনক ডিবৰু সত্ৰ বুলিও জনা গৈছিল। সত্ৰাধিকাৰ সুদৰ্শনৰ মৃত্যুৰ পিছত কোনো পুৰুষ উত্তৰাধিকাৰী নথকাত কৃষ্ণা দেৱীয়ে সত্ৰৰ গুৰুদায়িত্ব গ্ৰহণ কৰিছিল। তেওঁ নদীকাষৰীয়া মিচিং জনগোষ্ঠীৰ ভকত সকলৰ মাজত কলি আই বুলি জনাজাত হৈছিল। জনশ্ৰুতি মতে তেওঁক বিয়া কৰাব বিচৰা ডেকা জনে 'কলি' বুলি ইতিকিং কৰাত তেওঁ ৰাতিৰ ভিতৰতে অন্তৰ্ধান হৈছিল। তেওঁ ভূগৰ্ভত অন্তৰ্ধান হল বুলি বিশ্বাস কৰা হয়। তেতিয়াৰ পৰা ইয়াৰ নাম কলি আই থান হ'ল।
অতীজৰ কলীয়া মহন্ত থান সত্ৰ বা কলি আই থান কালক্ৰমত ব্ৰহ্মপুত্ৰত জাহ গ'ল। আজিৰ পৰা প্ৰায় ১০০ বছৰ পূৰ্বে কলি আই থানখন বৰ্তমান স্থানলৈ স্থানান্তৰ কৰা হৈছিল। ব্ৰিটিছৰ শাসন কালত বগীবিল ঘাটৰ পৰা ডিব্ৰুগড় চহৰলৈ ৰে'ল চলিছিল। এই ৰে'লখন প্ৰায়ে কলি আইৰ থানৰ বৰ্তমান স্থানত বিকল গৈছিল। পিছলৈ ৰেলকৃতপক্ষয়ে স্থানীয় লোকৰ পৰা গম পালে যে সেই ঠাই কলি আইৰ বাসস্থান হোৱাৰ বাবে ৰেল চলাচলত ব্যাঘাত জন্মিছিল। ৰে'ল কৃতপক্ষয়ে এই কথা জানি বৰ্তমান স্থানত এখন থান প্ৰতিষ্ঠা কৰিছিল।
পৰ্যটন
কলি আই থান হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ উপাসনাস্থল। ইয়ালৈ দৈনন্দিন বহু ভক্তৰ সমাগম হয়। স্থানীয় লোকসকলে কলি আইৰ থানত পূজা দি কৃষিকৰ্মত ধৰে। বহাগ মাহত ইয়ালৈ বহু লোকৰ সমাগম হয়। বহু দূৰ দুৰণিৰ পৰা ভক্তসকলে মনোকামনা সিদ্ধিৰ বাবে ইয়ালৈ আহে। কিছুমানে থানৰ পৰিসৰত থকা ঔ টেঙাৰ খোলাত চাকি জ্বলাই প্ৰাৰ্থনা জনায়। ইয়াৰ ওচৰতে বনভোজ থলী আছে। সেয়ে নৱেম্বৰৰ পৰা জানুৱাৰী মাহত ইয়াত মানুহৰ যথেষ্ট ভিৰ দেখা যায়।২ বৰ্তমান অসম চৰকাৰে থানখনৰ উন্নয়নৰ বাবে 'অসম দৰ্শন' আঁচনিৰ অধীনত অনুদান আগবঢ়াইছে।
অৱস্থান
কলি আই থান ডিব্ৰুগড় জিলাৰ জামিৰা মৌজাৰ বৰবৰুৱা খণ্ডৰ ৰাজভেটা পঞ্চায়তৰ অন্তৰ্গত চেঙামাৰী হাবি গাঁৱত অৱস্থিত। ডিব্ৰুগড় চৰহৰ পৰা এই থান প্ৰায় ১১ কিঃমিঃ নিলগত অৱস্থিত। ইয়াৰ নিকটৱৰ্তী ৰেলষ্টেচন ডিব্ৰুগড় ৰেল ষ্টেচন ১৬ কিঃমিঃ আৰু ডিব্ৰুগড় বিমানবন্দৰ ২৬ কিঃমিঃ নিলগত অৱস্থিত। কলি আইৰ থানৰ পৰা বগীবিল দলং নিচেই কাষত অৱস্থিত।৩
তথ্যসূত্ৰ
- ↑ Koli Aair Thaan. tourmyindia.com
- ↑ Koli Aair Thaan. hotelteacounty.com
- ↑ Koli Aair Thaan. indiaairport.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কলি আই থান” প্ৰবন্ধৰ সংশোধন ৩৮৪৮৭৪ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।