অধ্যাপক দিলীপ বৰা (ইংৰাজী Dilip Borah); জন্ম: ১৯৬৪, ১ আগষ্ট) একাধাৰে লেখক, সমালোচক, সম্পাদক আৰু অধ্যাপক) তেওঁ অসমীয়া সাৰেগামা আলোচনীৰ সম্পাদনা উপদেষ্টা আছিল। দৈনিক জনমভূমি আৰু অসমীয়া খবৰ কাকতৰ দৈনিক স্তম্ভ লেখক আছিল। নতুন নিনাদৰ মুক্তভাসৰ নিয়মীয়া লেখক আছিল। দৈনিক গণ অধিকাৰৰ মুখ্য সম্পাদকৰ দায়িত্বও গ্ৰহণ কৰিছিল। তেওঁ বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যায়ন বিভাগৰ জেষ্ঠ অধ্যাপক। ১
বংশ পৰিচয়
বৰাৰ পিতৃ স্বৰ্গীয় ডম্বৰুধৰ বৰা পেছাত এজন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক আছিল। মাতৃৰ নাম আছিল হেমলতা বৰা। ২
কৰ্ম জীৱন
তেখেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ অধ্যাপক ৰূপে কৰ্মৰত। ইয়াৰোপৰি তেওঁ Comparative Indian Literature Associationৰ সাধাৰণ সম্পাদক, North East India Network for Academic Discourseৰ অধ্যক্ষ আৰু অসমীয়া সাহিত্য সন্মিলনীৰ মুখ্য় সচেতক ৰূপে কৰ্মৰত। ৩
সাহিত্য
- সাহিত্য আৰু চিন্তা
- জীৱনৰ বাবে যোগ
- চৰ্যাপদ
- ভক্তি মহিমা
- সমাজ সাহিত্য আৰু সংহতি
- অসম আলাপন
- গৱেষণা পদ্ধতি: বিতৰ্ক আৰু সিদ্ধান্ত
- তুলনাত্মক সাহিত্য
- প্ৰতিৱেশী ৰাষ্ট্ৰত পাঁচোটা দিন
- অনুভৱৰ মহত্ব
- প্ৰত্ন অসমীয়া সাহিত্য
- বিশ্বায়ন
- অসম আন্দোলন: প্ৰতিশ্ৰুতি আৰু ফলশ্ৰুতি৪ (হীৰেন গোহাঁইৰ সৈতে যুতীয়াভাৱে)
- মুক্তি দেউলৰ ৰূপকাৰ (সহ সম্পাদনা: অনুৰাধা শৰ্মা)
- অন্বেষণ: বিশ্ব সাহিত্যৰ পৰা তুলনামূক সাহিত্যলৈ
- সাহিত্যত প্ৰগতিৰ দৰ্শন (অনূদিত)
- ৰুজুঠিয়াৰি থুলনাই (বড়ো ভাষালৈও অনুবাদ)
- গৱেষণা প্ৰণালীঃ বিতৰ্ক আৰু সিদ্ধান্ত
- From Vishwa to Bharatiya New Essays on Comparative Indian Literature (Ed.)
বাতৰি কাকত
- দৈনিক গণঅধিকৰ- মুখ্য সম্পাদক
আলোচনী
- সাৰেগামা- সম্পাদনা উপদেষ্টা
- নতুন নিনাদ- উপদেষ্টা
বঁটা
- সংহতি বঁটা (আৱাহন গোষ্ঠীৰ)
- মাধুমীয়া মেমৰীয়াল এৱাৰ্ড (চৰ চাপৰি সাহিত্য পৰিষদ)
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দিলীপ বৰা” প্ৰবন্ধৰ সংশোধন ৩৮৫২১০ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।