ৰজনীকান্ত দত্ত হৈছে অসমৰ এজন শিক্ষাবিদ, বক্তা আৰু শঙ্কৰদেৱ সঙ্ঘৰ প্ৰাক্তন পদাধিকাৰ। তেখেতৰ জন্ম হৈছিল শিৱসাগৰ জিলাৰ জোলাগাঁওত; ১৯৩৪ চনৰ ১৩ এপ্ৰিলত৷ তেখেতৰ পিতৃৰ নাম হাওবড়া দত্ত আৰু মাতৃৰ নাম গোলাপী দত্ত ৷ ২০১১ চনত কাৰ্বি আংলঙৰ বকলীয়াঘাটৰ "জয়হৰি ক্ষেত্ৰ"ত অনুষ্ঠিত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ অধিৱেশনৰ তেঁও সভাপতি আছিল।
শিক্ষা
ৰজনীকান্ত দত্তদেৱে প্ৰাথমিক শিক্ষা নিতাইপুখুৰী প্ৰাথমিক বিদ্যালয়ত লাভ কৰাৰ অন্তত তেখেতে ১৯৫৪ চনত নিতাইপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক, ১৯৫৬ বৰ্ষত শিৱসাগৰ মহাবিদ্যালয়ৰ, জয়সাগৰৰ পৰা ইণ্টাৰমিডিয়েট, ১৯৫৮ বৰ্ষত সেই কলেজৰ পৰাই স্নাতক আৰু ১৯৭০ বৰ্ষত অসম স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয়, যোৰহাটৰ পৰা সুখ্যাতিৰে বি. টি. উত্তীৰ্ণ হয় ৷
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘলৈ অৱদান
শিক্ষকতাৰ বৃত্তিৰে কৰ্ম জীৱনৰ পাতনি মেলা দত্তই নিতাইপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অধ্যক্ষ পদত থাকোঁতে অৱসৰ গ্ৰহণ কৰে। তেখেতে নিতাইপুখুৰীত কৰ্মৰত অৱস্থাতেই শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ লগত নিবিড়ভাৱে আত্মনিয়োগ কৰি এজন সুবক্তা আৰু সংগঠক ৰূপে জনমানসত প্ৰতিষ্ঠা লাভ কৰে। ১৯৮৮ বৰ্ষত ৰূপহী পথাৰত অনুষ্ঠিত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ৫৭তম মূল অধিৱেশনৰ আদৰণী সমিতিৰ সম্পাদক আছিল। ১৯৯০ চনৰে পৰা তেঁও সংঘৰ মূল কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য হিচাপে দায়িত্ব পালন কৰাৰ ওপৰিও শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ উপ-পদাধিকাৰ, শিক্ষা শাখা সমিতিৰ সভাপতি, শিক্ষা আৰু আৰ্থ-সামাজিক উন্নয়ন ন্যাসৰ প্ৰতিষ্ঠাপক সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে। ২০১১ চনত তেঁও শ্ৰীমন্তশঙ্কৰদেৱ সঙ্ঘৰ পদাধিকাৰ হিচাপে নিৰ্বাচিত হয়।১ তেখেতৰ কাৰ্যকালতেই সঙ্ঘৰ ভালেসংখ্যক আঁচনি কাৰ্যকৰী আৰু শুভাৰম্ভ কৰা হৈছিল; তাৰ ভিতৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰতিস্থা উল্লেখযোগ্য।
ভাষা আন্দোলন
১৯৬০ চনৰ ভাষা আন্দোলনত ৰজনীকান্ত দত্তদেৱে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি এসপ্তাহৰ বাবে কাৰাবৰণ কৰিছিল। সেইদৰে ১৯৭২ চনৰ ভাষা মাধ্যম আন্দোলনতো তেখেতে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল আৰু অস্তিত্ব ৰক্ষাৰ আন্দোলনত কৰ্মচাৰী পৰিষদৰ কৰ্মী হিচাপে যোগদান কৰিছিল।১
সাহিত্য কৰ্ম
ৰজনীকান্ত দত্তদেৱৰ প্ৰকাশিত গ্ৰন্থসমূহ হৈছে,-
- মহাপুৰুষীয়া ধৰ্ম,
- নাম-ঘোষা: এটি আলোক,
- এই যাত্ৰা নিৰবধি।
তথ্যসূত্ৰ
- ↑ বৰ্ণময় জীৱনৰ জ্যোতিৰ্ময় যাত্ৰা, নিতাইপুখুৰী শাখা সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰজনীকান্ত দত্ত” প্ৰবন্ধৰ সংশোধন ২২৬২০২ (৮ মে’ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।