অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অমিয়া ৰাজবংশী

অমিয়া ৰাজবংশী (Dr Amiya Rajbonshi) অসমৰ এগৰাকী শিক্ষাবিদ, গৱেষক আৰু জনপ্ৰিয় বিজ্ঞানৰ লেখক। তেখেতে ১৯৭০ চনত নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগত অধ্যাপনা কৰিছিল। বৰ্তমান তেওঁ জিনিয়াছ একাডেমী ৰ ৰেক্টৰ ।

হালনাগাদ: ২ জুন ২০২০ ৩৩৪ শব্দ · ২ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

অমিয়া ৰাজবংশী (Dr Amiya Rajbonshi) অসমৰ এগৰাকী শিক্ষাবিদ, গৱেষক আৰু জনপ্ৰিয় বিজ্ঞানৰ লেখক। তেখেতে ১৯৭০ চনত উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগত অধ্যাপনা কৰিছিল। বৰ্তমান তেওঁ জিনিয়াছ একাডেমী ৰ ৰেক্টৰ ১। তেওঁ প্ৰান্তিক আলোচনীৰ নিয়মীয়া লেখক৷ তেওঁ অসমৰ বিজ্ঞান সমিতিৰ আজীৱন সদস্য৷ তেওঁ অসম বিজ্ঞান লেখক সংস্থাৰ সভাপতি আছিল৷ ৰাজবংশীয়ে ২০২০ চনত কেন্দ্ৰীয় চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰালয়ে প্ৰদান কৰা ৰাষ্ট্ৰীয় বঁটা লাভ কৰে।

জন্ম আৰু বংশ পৰিচয়

অমিয়া ৰাজবংশীয়ে ১৯৪৯ চনত ডিব্ৰুগড় জিলাৰ শালকটাত জন্মগ্ৰহণ কৰে। পিতৃ বীৰেণ ফুকন আৰু মাতৃ লক্ষীমা ফুকন। তেওঁৰ স্বামী মুকুন্দ ৰাজবংশী অসমৰ এজন বিখ্যাত গণিতজ্ঞ আৰু বিজ্ঞান লেখক৷

শিক্ষা

অমিয়া ৰাজবংশীয়ে জামুগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৬৪ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ পৰৱৰ্তী সময়ত কটন বিশ্ববিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক (১৯৬৬) উত্তীৰ্ণ হয় আৰু ১৯৬৮ চনত স্নাতক ডিগ্ৰী লাভ কৰে়৷ ১৯৭০ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা গল্ড মেডেল সহ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷২।

কৰ্মজীৱন

অমিয়া ৰাজবংশীয়ে ১৯৭০ চন মানতে উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ত প্ৰাণীবিজ্ঞান বিভাগত প্ৰবক্তা হিচাপে চাকৰি কৰিছিল৷ সেই সময়তে ১৯৬৭ চনত উত্তৰ লখিমপুৰ কলেজ বিজ্ঞান সমিতিৰ লগত জড়িত হয়৷ ২০০১ চনৰ পৰা তেওঁ প্ৰান্তিক আলোচনীত বিজ্ঞান বিষয়ক প্ৰবন্ধ লিখিবলৈ আৰম্ভ কৰে৷ ৩ তেওঁ হায়দৰাবাদৰ ওছমানিয়া বিশ্ববিদ্যালয়ৰ পৰা জন্মতত্ব বিভাগত (Depertment of Genetics) পি এইচ ডি ডিগ্ৰীৰ বাবে গৱেষণা গ্ৰন্থ লিখে৷ গৱেষণাৰ বিষয় হ’ল- ‘Genetics Elements in some trails connected with finger and palmer dermatoglypjics a study among the Muslims of Lakhimpur District, Assam.’ কিন্তু বিভিন্ন কাৰণত এই গৱেষণা সম্পূৰ্ণ হৈ নুঠিল৷ পৰৱৰ্তী সময়ত ২০০৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা তেওঁ পি এইচ ডি ডিগ্ৰী লাভ কৰে। প্ৰাণীববিজ্ঞান বিভাগৰ বিভাগীয় মুৰব্বী হোৱাৰ লগতে তেখেত ২০০৬ চনৰ পৰা ২০০৯ চনলৈকে উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ উপাধ্যক্ষ হিচাপেও কৰ্মৰত আছিল৷ ৪

সাহিত্য চৰ্চা

তেখেতে অসমীয়া সাহিত্যলৈ যথেষ্ট অৱদান আগবঢ়াইছে। বিজ্ঞান জনপ্ৰিয়কৰণৰ বাবে তেখেতে লিখা কিতাপসমূহ হ'ল:

  1. নাৰীত্ব প্ৰাপ্তি (Reching Womenhood গ্ৰন্থৰ অনুবাদ, ২০০৬ চন, প্ৰকাশক- নেশ্বনেল বুক ট্ৰাষ্ট)
  2. পুৰণ প্ৰতিশোধ (Prevention of Barns গ্ৰন্থৰ অনুবাদ, প্ৰকাশক- নেশ্বনেল বুক ট্ৰাষ্ট)
  3. প্ৰাণীৰ বিৱৰ্তন (অসম প্ৰকাশন পৰিষদ, প্ৰকাশ-২০০৮)
  4. জীৱন ৰহস্য সন্ধান্ত কেইজনমান তপস্বী আৰু তেওঁলোকৰ অৱদান (ষ্টুডেন্টছ্ ষ্ট’ৰছ, প্ৰকাশ-২০০১৩)
  5. শৰীৰতত্ব বা চিকিৎসা বিজ্ঞানত ন’বেল বঁটা বিজেতা বিজ্ঞানীসকল (১৯০১-১৯৫০ চনলৈকে৷ ভৱানী প্ৰকাশন, প্ৰকাশ-২০১৭)
  6. শৰীৰতত্ব বা চিকিৎসা বিজ্ঞানত ন’বেল বঁটা বিজেতা বিজ্ঞানীসকল (১৯০৫১-২০০০ চনলৈকে৷ ভৱানী প্ৰকাশন, প্ৰকাশ-২০১৮)

লগতে চাওক

  1. মুকুন্দ ৰাজবংশী

তথ্যসূত্ৰ

  1. ↑ সম্পাদনা-অৰবিন্দ ৰাজখোৱা. (2018). পৃষ্ঠা-318,=অসমীয়া বিজ্ঞান সাহিত্য
  2. ↑ সম্পাদনা-অৰবিন্দ ৰাজখোৱা. (2018). পৃষ্ঠা-309,=অসমীয়া বিজ্ঞান সাহিত্য
  3. ↑ সম্পাদনা-অৰবিন্দ ৰাজখোৱা. (2018). পৃষ্ঠা-313,=অসমীয়া বিজ্ঞান সাহিত্য
  4. ↑ সম্পাদনা-অৰবিন্দ ৰাজখোৱা. (2018). পৃষ্ঠা-318,=অসমীয়া বিজ্ঞান সাহিত্য

সম্পৰ্কিত শ্ৰেণী

অসমীয়া শিক্ষাবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অমিয়া ৰাজবংশী” প্ৰবন্ধৰ সংশোধন ২৩৪০৩৭ (২ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।