ময়িদুল ইছলাম বৰা (জন্ম:১৮৯৯ - মৃত্যু:১৯৪৪) এগৰাকী শিক্ষাবিদ আৰু সাহিত্যিক। ফাৰ্চী সাহিত্যৰ গৱেষণা কৰিছিল। অসম সাহিত্য সভাৰ ১৯৪০ চনত বহা যোৰহাট অধিবেশনৰ সভাপতি আছিল।
জন্ম আৰু শিক্ষাজীৱন
ময়িদুল ইছলাম বৰাৰ জন্ম হৈছিল শিৱসাগৰ চহৰত। তেখেতৰ পিতৃৰ নাম মেহেৰুদ্দিন। সৰু থাকোঁতেই পিতৃৰ মৃত্যু হোৱাত ময়িদুল ইছলাম বৰাই ককায়েকহঁতৰ তত্বাৱধানত ডাঙৰ-দীঘল হৈছিল। ১৯১৭ চনত শিৱসাগৰ চৰকাৰী হাইস্কুলৰপৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কটন বিশ্ববিদ্যালয়ত নাম লিখায়।১
কটন কলেজৰ পৰা আই.এ. পাছ কৰে ১৯১৯ চনত আৰু ১৯২১ চনত বি.এ. পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পাছত উচ্চ শিক্ষাৰ বাবে ঢাকা বিশ্ববিদ্যালয়লৈ যায়। ঢাকা বিশ্ববিদ্যালয়ৰপৰা ফাৰ্চী সাহিত্যত ১ম শ্ৰেণীৰ প্ৰথম হৈ এম.এ. পাছ কৰে।১
কৰ্মজীৱন
এম.এ. পাছ কৰাৰ পাছতে ঢাকা বিশ্ববিদ্যলয়তে অধ্যাপকৰ পদত যোগদান কৰে। ১৯২৯ চনত বিলাতলৈ যায় আৰু ১৯৩০ চনত লণ্ডন বিশ্ববিদ্যালয়ত ফাৰ্চী কবি আমীৰ হাছানৰ ওপৰত গৱেষণা কৰি পি.এইচ.ডি. ডিগ্ৰী লাভ কৰে।১
সাহিত্যিক জীৱন
মীৰ্জা নাথনে লিখা 'বাহাৰিস্তান-ই-গাইবী' ইংৰাজীলৈ অনুবাদ কৰিছিল। অসমীয়া ভাষাতো প্ৰৱন্ধ ৰচনা কৰিছিল। My First Reader, My Second Reader-কে ধৰি পাঁচখন পাঠ্যপুথিৰ ৰচয়িতা।১ ১৯৪০ চনত যোৰহাটত বহা অসম সাহিত্য সভাৰ সভাপতি আছিল।২৩
মৃত্যু
১৯৪৪ চনৰ ৫ মে'ত ময়িদুল ইছলাম বৰাৰ মৃত্যু হয়।
তথ্যসূত্ৰ
- ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী. পৃ: ২১৫
- ↑ Axom Xahitya Xabha (The Literary Society of Assam). www.assam.org আহৰণ কৰা তাৰিখ: ১০-১২-২০১২
- ↑ Presidents of Asam Sahitya Sabha since 1917. www.asamsahityasabha.com আহৰণ কৰা তাৰিখ: ১০-১২-২০১২
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ময়িদুল ইছলাম বৰা” প্ৰবন্ধৰ সংশোধন ৬১৬৭১৩ (১১ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।