গোলোকচন্দ্ৰ গোস্বামী (১৯২৩-২০২০) এজন অসমীয়া শিক্ষাবিদ আৰু ভাষাতত্ত্ববিদ। অসমীয়া ভাষাৰ ৰূপতত্ত্ব, ধ্বনিতত্ত্ব বিষয়ত তেওঁৰ অৱদান অতুলনীয়। তেওঁ ১৯৫৪ চনৰ পৰা ১৯৮৫ চনলৈকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত অধ্যাপনা কৰিছিল। ১৯৬৬ চনত প্ৰকাশিত তেওঁৰ গ্ৰন্থ "An Introduction to Assamese Phonology"ক অসমীয়া ভাষাতত্ত্বলৈ এক আপুৰুগীয়া অৱদান হিচাপে গণ্য কৰা হয়। জীৱনকালত ড॰ গোস্বামীয়ে প্ৰায় ৬০ খনৰো অধিক গুৰুত্বপূৰ্ণ গ্ৰন্থ, শতাধিক প্ৰবন্ধ ৰচনা কৰি অসমীয়া ভাষা-সাহিত্যক সমৃদ্ধ কৰি গৈছে।১ ২০২০ চনৰ ২৪ জানুৱাৰী ৯৬ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।
জন্ম
তেখেতৰ জন্ম হয় ১৯২৩ চনৰ ১৫ নৱেম্বৰত অবিভক্ত নগাঁও জিলাৰ (বৰ্তমান মৰিগাঁও জিলাৰ) অন্তৰ্গত মায়ং মৌজাৰ দৈপাৰা সত্ৰত। পিতৃৰ নাম পৰমানন্দ দেৱ গোস্বামী আৰু মাতৃৰ নাম দময়ন্তী দেৱী।২
শিক্ষা
১৯৪২ চনত গোলোক চন্দ্ৰ গোস্বামীয়ে জাগী হাইস্কুলত দশম শ্ৰেণীত পঢ়ি থাকোঁতে স্বাধীনতা আন্দোলনত পশ্চিম নগাঁও চাৰ্কুলৰ শাস্তিসেনাৰ সহ-অধিনায়ক হিচাপে যোগ দিয়াত এটা শিক্ষাবৰ্ষ আনুষ্ঠানিক শিক্ষাৰপৰা বঞ্চিত হয়।২ ১৯৪৪ চনত তেওঁ ৰহা হাইস্কুলৰপৰা প্ৰৱেশিকা পৰীক্ষাত ষ্টাৰ নম্বৰসহ চাৰিটা বিষয়ত লেটাৰ লাভ কৰি প্ৰথম বিভাগত উত্তীৰ্ণ হয়। তাৰ পাছত ১৯৪৬ চনত কটন বিশ্ববিদ্যালয় পৰা বিজ্ঞান শাখাত প্ৰথম বিভাগত প্ৰাক-বিশ্ববিদ্যালয় শ্ৰেণীত উত্তীৰ্ণ হৈ চৰকাৰী বৃত্তি লাভ কৰে। ১৯৪৮ চনত কটন কলেজৰ পৰাই বি এ পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৫০ চনত দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়াৰ পৰা তেওঁ স্নাতকোত্তৰ বুনিয়াদী প্ৰশিক্ষণ লাভ কৰে।২ ইয়াৰ পাছত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়ন কৰি ১৯৫৩ চনত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লভি স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে। ড॰ গোস্বামীয়েই আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়াত প্ৰথম শ্ৰেণী পোৱা প্ৰথমজন ছাত্ৰ।১
কৰ্মজীৱন
১৯৪৮-৪৯ চনত গোলোক চন্দ্ৰ গোস্বামীয়ে প্ৰায় এটা বছৰ গুৱাহাটীৰ কামৰূপ একাডেমীত শিক্ষকতা কৰিছিল। ১৯৫০ চনত তেওঁ নতুন অসমীয়া নামৰ দৈনিক কাকতখনত জ্যেষ্ঠ উপ-সম্পাদক হিচাপে কিছুদিন কাম কৰে। ১৯৫৪ চনৰ জুলাইত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত প্ৰবক্তা হিচাপে যোগদান কৰে। ১৯৫৫ চনৰ মে' মাহৰ পৰা ১৯৫৬ চনৰ মাজভাগলৈকে পুনেৰ ডেক্কান কলেজত ভাষা বিজ্ঞানৰ গৱেষক ছাত্ৰ হিচাপে প্ৰশিক্ষণ গ্ৰহণ কৰে। ১৯৫৮ চনত তেওঁ নিউয়ৰ্কৰ ৰকদ=ফেলাৰ ফাউণ্ডেচনৰ ৰিছাৰ্ছ ফেল' হিচাপে কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ত বৰ্ণনামূলক ভাষা বিজ্ঞানৰ দুবছৰীয়া প্ৰশিক্ষণ গ্ৰহণ কৰিছিল।১ ১৯৬২ চনত অসমীয়া ভাষাতত্ত্ব-চৰ্চাৰ ইতিহাসত মাইলৰ খুঁটি স্বৰূপ ড॰ বাণীকান্ত কাকতিৰ "Assamese, Its Formation and Development" শীৰ্ষক গ্ৰন্থখনৰ নতুন সংস্কৰণটোৰ সংশোধন, সংযোজন আৰু সম্পাদনাৰ নিচিনা গুৰুত্বপূৰ্ণ দায়িত্ব গ্ৰহণ কৰে।২ ১৯৬৭ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ ৰিডাৰ হিচাপে পদোন্নতি পায়। এনে সময়তে পুনেৰ ডেক্কান কলেজৰ ডিৰেক্টৰ ড॰ সুমিত্ৰ মংগেশ কাত্ৰেৰ তত্ত্বাৱধানত "Structure of Assamese Language" বিষয়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা তেওঁ ডক্টৰেট ডিগ্ৰী লাভ।২
ইয়াৰ পাছত ১৯৭৮ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰে। ১৯৮১ চনত মহীশুৰত অনুষ্ঠিত হোৱা দক্ষিণ এছিয়া ভাষা আৰু ভাষাতত্ত্বৰ তৃতীয় আন্তৰ্জাতিক সমাৰোহত ‘Sanskrit Words in Siamese: An Observation on Consonantal Change' শীৰ্ষক গৱেষণাপত্ৰ পাঠ কৰে। ১৯৮৫ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ চাকৰি জীৱনৰপৰা অৱসৰ গ্ৰহণ কৰে। সেই বছৰেই তেওঁ অসম সাহিত্য সভাৰ বিহপুৰীয়া অধিৱেশনৰ ভাষা-সম্মিলনত সভাপতিৰ দায়িত্ব পালন কৰিছিল।৩ ১৯৯০ চনত নকৈ প্ৰতিষ্ঠিত Linguistic Society of Assamৰ প্ৰতিষ্ঠাপক সভাপতি দায়িত্ব গ্ৰহণ কৰে।
মৃত্যু
ৰোগ আৰু বাৰ্ধক্যজনিত কাৰণত গোলোকচন্দ্ৰ গোস্বামী ২০২০ চনৰ ২ জানুৱাৰীৰ পৰা গুৱাহাটীৰ গীতানগৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। ২৪ জানুৱাৰীৰ পুৱা প্ৰায় ৬-১৫ টাত ৯৬ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।৪ ৫
প্ৰকাশিত সাহিত্য-গ্ৰন্থসমূহ
ভাষা বিষয়ক গ্ৰন্থ
- ধ্বনিবিজ্ঞানৰ ভূমিকা, ১৯৬৬
- অসমীয়া বৰ্ণপ্ৰকাশ, ১৯৬৯
- অসমীয়া আখৰ-জোটনি, ১৯৭২
- অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ, ১৯৮৭৬
- অসমীয়া গোলোক ব্যাকৰণ, প্ৰবোধ ভাগ, ১৯৭২ আৰু সুবোধ ভাগ, ১৯৭৪;
- ভাষা-ভাষণিকা, ১৯৯২
- অসমীয়া ব্যাকৰণ প্ৰৱেশ, ২০০০
- অসমীয়া ভাষাৰ উচ্চাৰণ, ২০০১
ইংৰাজী গ্ৰন্থ
- An Introduction to Assamese Phonology, ১৯৬৬৭
- Structure of Assamese, ১৯৮৩
সম্পাদনা
- সুধৰ্মাৰ উপাখ্যান (পদ্মাৱতী দেৱী ফুকননী), ১৯৬৭
- ধৰ্মনাথ বৰঠাকুৰ: শতবৰ্ষৰ স্মৃতি-অৰ্ঘ্য, ১৯৮৭ ভাৰতৰ মুক্তিযুদ্ধত পাণবাৰীত ৰেলগাড়ী বগৰোৱাৰ ইতিবৃত্ত (মহদানন্দ দেৱ গোস্বামী), ১৯৯৫
- Assamese, Its Formation and Development (Dr. Banikanta Kakati), ১৯৬২
- An Assamese Grammar, (Fr. O.Paviotti), ১৯৮৭
- Dr. Banikanta Kakati Commeroration Volume, ১৯৯৭
অভিধান
- হিন্দী-অসমীয়া-ইংৰাজী ত্ৰিভাষী অভিধান, ১৯৮৫
- হিন্দী-অসমীয়া লঘুকোষ, ১৯৮৫
- ভাৰতীয় ভাষাকোষ, ১৯৮৫
অনুবাদ
- ঈশ্বৰৰ বাণী, ১৯৯৩
- ব্যাকৰণ-মহাভাষ্য: পম্পশাহ্নিক (মহৰ্ষি পতঞ্জলি), ১৯৯৬
ভাষাতত্ত্ব
- মায়াং প্ৰসঙ্গ, ১৯৮৪
- ঠাকুৰব্ৰহ্ম হৰিদাস চৰিত, ১৯৮৭
- আনন্দ সাগৰ শ্ৰীকৃষ্ণ, ১৯৮৭
- পৰমাৰ্থকথা, ১৯৯৪
বঁটা আৰু সন্মান
- অসম ভাষা বিকাশ সমিতিৰপৰা ভাষাচাৰ্য’ সন্মান লাভ (২০০১)
- আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থাৰ তৰফৰপৰা আনন্দৰাম বৰুৱা বঁটা লাভ। (২০০১)২
- 'ভাষাচাৰ্য' সন্মান (২০০১)
- অসম সাহিত্য সভাৰ 'সাহিত্যাচাৰ্য' উপাধি (২০০২)
- প্ৰবাসী অসমীয়াৰ দ্বাৰা 'ভাষাগুৰু' উপাধি (২০০৮)
- হেমচন্দ্ৰ বৰুৱা ভাষা-সাহিত্য সাধনা বঁটা (২০১৮)
তথ্যসূত্ৰ
- ↑ (25 January 2020). ভাষাতত্ত্ববিদ, সাহিত্যাচাৰ্য গোলোকচন্দ্ৰ গোস্বামীৰ দেহাৱসান
- ↑ কথা বৰেণ্য, সম্পাদক-শোণিত বিজয় দাস আৰু মুনীন বায়ন, কথা প্ৰকাশন, প্ৰথম প্ৰকাশ, পৃষ্ঠা-৩১৩
- ↑ কৌশিক বৰুৱা, শান্তনু. (২০১৫). অসম ইয়েৰ বুক ২০১৬
- ↑ (24th Jan, 2020). Renowned Linguist, Prof. Golok Chandra Goswami Passes Away
- ↑ (24th Jan, 2020). Golok Chandra Goswami Passes Away
- ↑ খাউণ্ড, স্মৃতি ডেকা. অসমীয়া ভাষাৰ ব্যাকৰণ চৰ্চাৰ ইতিহাস
- ↑ An Introduction to Assamese Phonology
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গোলোকচন্দ্ৰ গোস্বামী” প্ৰবন্ধৰ সংশোধন ৪৪৯৮৬৬ (৩০ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।