পদ্মধৰ চলিহা (১৮৯৫–১৯৬৯) এগৰাকী শিক্ষাবিদ, সাহিত্যিক আৰু ভাৰতৰ স্বাধীনতা আন্দোলনৰ মুক্তি যুঁজাৰু আছিল। তেখেতে গীত আৰু নাটকো ৰচনা কৰিছিল। কৰ্মজীৱনত প্ৰথমে অধিবক্তা আছিল আৰু পাছলৈ শিৱসাগৰ কলেজৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল। ১৯৫৮ চনত তিনিচুকীয়াত হোৱা অসম সাহিত্য সভাৰ তিনিচুকীয়া অধিবেশনৰ সভাপতি আছিল। অসম ছাত্ৰ সন্মিলনৰো প্ৰথম সম্পাদক আছিল।
জন্ম আৰু শিক্ষা
পদ্মধৰ চলিহাৰ জন্ম হৈছিল ১৮৯৫ চনত শিৱসাগৰত। তেখেতৰ পিতৃ আছিল ফণীধৰ আৰু মাতৃ গুণদালতা। তেখেতৰ পিতৃ ফণীধৰ চলিহা বৰুৱা আছিল কায়স্থ বংশৰ ব্যক্তি। তেওঁৰ দুগৰাকী পত্নী আছিল। প্ৰথম গৰাকী বংশীধৰ নামতিয়াল বৰুৱাৰ বৰ জীয়ৰী সাবিত্ৰী চলিহা বৰুৱানী। তেওঁৰ দুই পুত্ৰ ক্ৰমে প্ৰেমধৰ চলিহা আৰু কুলধৰ চলিহা। দ্বিতীয়গৰাকী হ'ল দামোদৰ নামতিয়াল বৰুৱাৰ মাজু জীয়ৰী গুণদা চলিহা বৰুৱানী। এইগৰাকীৰ পুত্ৰ হ'ল পদ্মধৰ চলিহা, পুণ্যধৰ চলিহা, পুষ্পধৰ চলিহা, বুদ্ধধৰ চলিহা আৰু বিদ্যাধৰ চলিহা। উল্লেখযোগ্য যে এখেতসকলৰ মাতৃ গুণদা চলিহা আছিল শ্বহীদ মণিৰাম দেৱানৰ জীয়েকৰ ফালৰ নাতিনীয়েক। ১ শিৱসাগৰৰ চলিহা পৰিয়ালৰ সন্তান ফণীধৰ চলিহাই ঊনবিংশ শতিকাত শিৱসাগৰত শিক্ষা আৰু জ্ঞানৰ পোহৰ বিলোৱাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। ফণীধৰ চলিহাৰ সন্তান পদ্মধৰ চলিহা আৰু পদ্মধৰ চলিহাৰ একমাত্ৰ সন্তান হ'ল পৰাগধৰ চলিহা।
শিৱসাগৰতে তেখেতে ছাত্ৰজীৱনৰ আৰম্ভণি কৰিছিল আৰু ১৯০৮ চনত শিৱসাগৰ চৰকাৰী হাইস্কুলৰপৰা প্ৰৱেশিকা পৰীক্ষা পাছ কৰে। ইয়াৰ পাছত তেখেতে ১৯১০ চনত কটন বিশ্ববিদ্যালয়ৰপৰা আই.এ. আৰু ১৯১২ চনত কলিকতাৰ প্ৰেছিডেন্সী কলেজৰপৰা ইংৰাজীত সন্মান সহ বি.এ. পাছ কৰে। ১৯১২ চনতে গুৱাহাটীৰ বিষ্ণুৰাম মেধি চৰকাৰী আইন মহাবিদ্যালয়ৰপৰা বি.এল. উপাধি লাভ কৰে। কটন কলেজৰপৰাই ১৯১৬ চনত ইংৰাজী বিষয়ত এম.এ. পাছ কৰে।১
কৰ্মজীৱন
পদ্মধৰ চলিহাই প্ৰথমে শিৱসাগৰত ওকালতি কৰি কৰ্মজীৱন আৰম্ভ কৰিছিল। ১৯২৩ চনত তেখেত ডিব্ৰুগড়লৈ যায় আৰু তাতে ওকালতি আৰম্ভ কৰে। ১৯২৯ চনত শিৱসাগৰলৈ ঘূৰি আহি অধিবক্তা ৰূপে ১৯৪৪ চন পৰ্যন্ত কৰ্মব্যস্ত হৈ থাকে। ইয়াৰ পাছত ১৯৪৭ চনত শিৱসাগৰ কলেজ প্ৰতিষ্ঠা কৰে আৰু এই কলেজৰে প্ৰতিষ্ঠাপক অধ্যক্ষ হিচাপে বাৰ বছৰ কাল কৰ্মৰত হৈ থাকি অৱসৰ লয়। মাজতে ১৯৪৫-৪৬ চনত তেখেতে গুৱাহাটী আৰু শিৱসাগৰত অস্থায়ী ই.এ.চি. হিচাপে চাকৰি কৰিছিল।১
১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনত সক্ৰিয় অংশ লৈছিল আৰু কাৰাবাস খাটিছিল। দেশপ্ৰেমমূলক গীত, কবিতা লিখি এই আন্দোলনত অংশ ল'বলৈ ৰাইজক আহ্বান কৰিছিল। ছাত্ৰাৱস্থাৰপৰাই সামাজিক কাম-কাজত আগভাগ লোৱা পদ্মধৰ চলিহা অসম ছাত্ৰ সন্মিলনৰ প্ৰথম সম্পাদক আছিল (১৯১৭)।১
সাহিত্যিক জীৱন
ছাত্ৰৱস্থাৰপৰাই পদ্মধৰ চলিহাই লিখা-মেলা আৰম্ভ কৰিছিল। তেখেতৰ ৰচিত প্ৰথম পুথি ফুলনি প্ৰকাশ পাইছিল ১৯১৫ চনত। কবিতাৰ উপৰিও গীত আৰু নাটক লিখিছিল। ৱিলিয়াম শ্বেইক্সপিয়াৰৰ ৰোমিঅ'-জুলিয়েট নাটৰ অসমীয়া ভাঙনি কৰিছিল। আলোচনাত্মক পুথি ৰচনা কৰিছিল। ১৯৩৪ চনত মঙ্গলদৈত বহা অসম সাহিত্য সভাৰ সংগীত শাখাৰ সভাপতিত্ব কৰিছিল। ১৯৫৮ চনত তিনিচুকীয়াত অনুষ্ঠিত অসম সাহিত্য সভাৰ মূল অধিবেশনৰ সভাপতি আছিল।২৩
১৯২৮-২৯ সময়চোৱাত সিংহদত্ত দেৱ অধিকাৰীৰ সহযোগত এখনি পষেকীয়া আলোচনী উলিয়াইছিল। আলোচনীখনৰ নাম আছিল 'অৰ্ঘ্য'। 'সাদিনীয়া অসম' কাকতৰ সম্পাদক হিচাপে কাম কৰিছিল ১৯৩১-৩৪ কালচোৱাত। বাঁহী আলোচনীৰ সহকাৰী সম্পাদক দায়িত্বও বহন কৰিছিল।১
সাহিত্যিক কৃতি
- গীতৰ পুথি
- ফুলনি(১৯১৫)
- স্বৰাজ সংগীত (১৯২১)
- গীত লহৰী (১৯২৮)
- কবিতা পুথি
- শৰাই (১৯২৮)
- পদুমণি (১৯৬৬)
- নাট
- অমৰ লীলা (ৰোমিঅ' জুলিয়েটৰ অসমীয়া অনুবাদ)
- নিয়ন্ত্ৰণ (১৯১৮)
- ৰংপুৰে কথা কয়
- ধেমেলীয়া নাট
- কেনে মজা (১৯২৮)
- প্ৰৱন্ধ পুথি
- অসমীয়া সাহিত্যলৈ ৰংপুৰৰ বৰঙণি (১৯৫৬)
- মহাবীৰ লাচিত বৰফুকন (১৯৫৬)
- Sahityarathi of Assam (১৯৫৬)
- সম্পাদিত গ্ৰন্থ
- গল্পমালা (১৯৩২)
- আত্মজীৱনীমূলক
- জীৱন বীণৰ সুৰ (১৯৬৩)
তথ্য সমল
২০০৬ চনতে চলিহাৰ প্ৰায় পাঁচশ পৃষ্ঠাৰ ৰচনাৱলীখন (ফুলনি কবি পদ্মধৰ চলিহাৰ ৰচনাৱলী) সম্পাদনা কৰিছে যোৰহাটৰ পকামূৰা নিবাসী ত্ৰৈলোক্য শৰ্মাই।
তথ্যসূত্ৰ
- ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী. পৃ: ১৫০-১৫১
- ↑ Axom Xahitya Xabha (The Literary Society of Assam). www.assam.org আহৰণ কৰা তাৰিখ: ১০-১২-২০১২
- ↑ Presidents of Asam Sahitya Sabha since 1917. www.asamsahityasabha.com আহৰণ কৰা তাৰিখ: ১০-১২-২০১২
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পদ্মধৰ চলিহা” প্ৰবন্ধৰ সংশোধন ৬১৬৭৪২ (১১ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।