খনীন্দ্ৰ চন্দ্ৰ চৌধুৰী (Khanindra Chandra Chowdhury) এগৰাকী ভাৰতীয় গণিতজ্ঞ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ অৱসৰপ্ৰাপ্ত (UGC, EMERITUS) অধ্যাপক। তেওঁ বিমুৰ্ত গণিত (Pure Mathematics)-ত বিশেষকৈ বীজগণিতত বহুলভাৱে কৰা গৱেষণাৰ বাবে পৰিচিত। তেওঁক গল্ডি মডিউল(Goldie Module)ৰ গঠন আৰু গল্ডি নিয়েৰ-ৰিং(Goldie Near-Ring) বুলি কোৱা ধাৰণাটো সম্প্ৰসাৰণ কৰাৰ মান্যতা দিয়া হৈছে।১ চৌধুৰীয়ে গৱেষণামূলক কিতাপৰ লগতে বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ বাবে পাঠ্যক্ৰম সংক্ৰান্ত বহুতো কিতাপ লিখিছে। তেওঁ লিখা প্ৰথমখন জনপ্ৰিয় কিতাপ গণিত এটি বিৰক্তিকৰ বিষয়; কিতাপখন অবিৰত ভগ্নাংশ (Continued Fraction) আৰু সংখ্যাতত্ত্বক বিস্তৃতভাৱে সাঙুৰি লোৱা জ্ঞানৰ উত্স হিচাপে বহুলভাৱে প্ৰশংসিত হৈছে।
গৱেষণা বা শৈক্ষিক কামৰ উপৰিও মাজে সময়ে তেওঁ কবিতা চৰ্চা আৰু বিভিন্ন বাতৰি কাকতত লেখা-মেলাও কৰে। তেওঁ ভাৰতীয় গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজনৰ জীৱনৰ আধাৰত ৰামানুজন কথা নামৰ নাটক এখনো লিখিছে।২
জন্ম আৰু শিক্ষা জীৱন
১৯৪৮ চনত বৰপেটা জিলাত জন্মগ্ৰহণ কৰা খনীন্দ্ৰ চৌধুৰীয়ে বৰপেটাতে শিক্ষাজীৱনৰ পাতনি মেলে।
কৰ্মজীৱন আৰু গৱেষণা
খনীন্দ্ৰ চন্দ্ৰ চৌধুৰীয়ে অষ্ট্ৰিয়াৰ জোহান্স কেপলাৰ বিশ্ববিদ্যালয়ৰ পৰা গণিত সন্মিলনত কথা ক'বলৈ আমন্ত্ৰণ পাইছিল।৩
২০১৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণিত বিভাগত অধ্যাপনা কৰি থাকোতে ইউ জি চি (UGC)এ দুবছৰৰ বাবে ড০ ভবেন্দ্ৰ চন্দ্ৰ কলিতাৰ সৈতে দুয়োজনক এমেৰিটাছ ফেলশ্বিছ অধ্যাপক আগবঢ়াইছিল।
ৰচনাৰাজি
গ্ৰন্থ
- গণিত এটি বিৰক্তিকৰ বিষয়
- Anglo Assamese Dictionary Of Mathematics
নাটক
- ৰামানুজন নাটক
লগতে চাওক
- কামেশ্বৰ দাস
- জ্যোতিপ্ৰসাদ মেধি
- ভূপতি চন্দ্ৰ ডেকা
- নয়নদীপ ডেকা বৰুৱা
- অনুপম শইকীয়া (গণিতজ্ঞ)
- দিলীপ কুমাৰ দত্ত
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Biography of KCC. People Pill
- ↑ Daulat Rahman. (5 July 2011). খনিন্দ্ৰ চৌধুৰীৰ নাটক ৰামানুজন কথা. e-news paper. The Telegraph Online
- ↑ ড০ খনীন চৌধুৰী. (১৭ মে', ২০২১). হোমেন বৰগোহাঞিৰ পৰা জীয়াই থাকিবলৈ শিকিছিলোঁ. নিয়মীয়া বাৰ্তা. পৃ. ৭
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “খনীন্দ্ৰ চন্দ্ৰ চৌধুৰী” প্ৰবন্ধৰ সংশোধন ৩৮৪৯৫৩ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।