অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

অসমীয়া ব্যাকৰণ প্ৰৱেশ

অসমীয়া ব্যাকৰণ প্ৰৱেশ (Asamiya vyakaran pravesh) হৈছে গোলোকচন্দ্ৰ গোস্বামীৰ দ্বাৰা ৰচিত এখন অসমীয়া ভাষাৰ ওখ খাপৰ ব্যাকৰণ। ২০০০ চনৰ নৱেম্বৰ মাহত এই ব্যাকৰণখন প্ৰকাশ কৰে বীণা লাইব্ৰেৰী প্ৰকাশনে। ব্যাকৰণখনত মুঠ ১৮টা অধ্যায় আছে।

হালনাগাদ: ১৩ জানুৱাৰী ২০২৪ ১৮০ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

অসমীয়া ব্যাকৰণ প্ৰৱেশ (Asamiya vyakaran pravesh) হৈছে গোলোকচন্দ্ৰ গোস্বামীৰ দ্বাৰা ৰচিত এখন অসমীয়া ভাষাৰ ওখ খাপৰ ব্যাকৰণ। ২০০০ চনৰ নৱেম্বৰ মাহত এই ব্যাকৰণখন প্ৰকাশ কৰে বীণা লাইব্ৰেৰী প্ৰকাশনে। ব্যাকৰণখনত মুঠ ১৮টা অধ্যায় আছে।১

অধ্যায়সমূহ

  1. অসমীয়া ভাষা
  2. বাগ্‌ধ্বনি আৰু বৰ্ণ
  3. অসমীয়া বৰ্ণমালা
  4. ব্যঞ্জন বৰ্ণমালা
  5. বানান প্ৰকৰণ
  6. সন্ধি প্ৰকৰণ
  7. অসমীয়া সন্ধি
  8. প্ৰাকৃতি প্ৰকৰণ
  9. বিভক্তি প্ৰকৰণ
  10. শব্দ প্ৰকৰণ
  11. শব্দৰ সাধন: লিংগ প্ৰকৰণ
  12. শব্দৰ সাধন: বচন প্ৰকৰণ
  13. পদ প্ৰকৰণ: নামপদ
  14. বিশেষণ বা গুণপদ
  15. ক্ৰিয়াপদ
  16. অৱ্যয় শব্দ
  17. বাক্য প্ৰকৰণ
  18. বাক্য বিশ্লেষণ

লেখকৰ চমু পৰিচয়

মূল প্ৰবন্ধ: গোলোকচন্দ্ৰ গোস্বামী

গোলোকচন্দ্ৰ গোস্বামী (১৯২৩-২০২০) এজন অসমীয়া শিক্ষাবিদ আৰু ভাষাতত্ত্ববিদ। অসমীয়া ভাষাৰ ৰূপতত্ত্ব, ধ্বনিতত্ত্ব বিষয়ত তেওঁৰ অৱদান অতুলনীয়। তেওঁ ১৯৫৪ চনৰ পৰা ১৯৮৫ চনলৈকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত অধ্যাপনা কৰিছিল। ১৯৬৬ চনত প্ৰকাশিত তেওঁৰ গ্ৰন্থ "An Introduction to Assamese Phonology"ক অসমীয়া ভাষাতত্ত্বলৈ এক আপুৰুগীয়া অৱদান হিচাপে গণ্য কৰা হয়। জীৱনকালত ড॰ গোস্বামীয়ে প্ৰায় ৬০ খনৰো অধিক গুৰুত্বপূৰ্ণ গ্ৰন্থ, শতাধিক প্ৰবন্ধ ৰচনা কৰি অসমীয়া ভাষা-সাহিত্যক সমৃদ্ধ কৰি গৈছে।২ ২০২০ চনৰ ২৪ আগষ্টত ৯৬ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।

আনুষঙ্গিক গ্ৰন্থ

  • ধ্বনিবিজ্ঞানৰ ভূমিকা, ১৯৬৬
  • অসমীয়া বৰ্ণপ্ৰকাশ, ১৯৬৯
  • অসমীয়া আখৰ-জোটনি, ১৯৭২
  • অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ, ১৯৮৭৩
  • অসমীয়া গোলোক ব্যাকৰণ, প্ৰবোধ ভাগ, ১৯৭২ আৰু সুবোধ ভাগ, ১৯৭৪;
  • ভাষা-ভাষণিকা, ১৯৯২

তথ্যসূত্ৰ

  1. ↑ গোস্বামী, ড॰ শ্ৰীগোলোকচন্দ্ৰ. (Nov, 2000). অসমীয়া ব্যাকৰণ প্ৰৱেশ. বীণা লাইব্ৰেৰী
  2. ↑ (25 January 2020). ভাষাতত্ত্ববিদ, সাহিত্যাচাৰ্য গোলোকচন্দ্ৰ গোস্বামীৰ দেহাৱসান
  3. ↑ খাউণ্ড, স্মৃতি ডেকা. অসমীয়া ভাষাৰ ব্যাকৰণ চৰ্চাৰ ইতিহাস

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থঅসমীয়া ব্যাকৰণব্যাকৰণ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমীয়া ব্যাকৰণ প্ৰৱেশ” প্ৰবন্ধৰ সংশোধন ৪০২১৪৭ (১৩ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।