ৰমা দাশ (ইংৰাজী:Rama Das ১৯০৯-১৯৮১) ৩০ৰ দশকৰ এজন অসমীয়া চুটি গল্পকাৰ।১ আৱাহন আলোচনীৰ যোগেদি আত্মপ্ৰকাশ কৰে। তেখেত আৱাহন যুগৰ গল্পকাৰ। তেখেতৰ উল্লেখযোগ্য গল্প হ'ল 'বৰ্ষা যেতিয়া নামে', 'প্ৰায়শ্চিত্ত', 'অচল টকা', 'অবুজ মায়া', 'কোন এওঁ নতুন মিৰাণ্ডা' ইত্যাদি।২ ৰোমাণ্টিক যুগৰ নৰ-নাৰীৰ প্ৰেম ৰমা দাশৰ গল্পৰ মূল বৈশিষ্ট্য।
জন্ম, ব্যক্তিগত জীৱন
১৯০৯ চনৰ ১০ অক্টোবৰ তাৰিখে গুৱাহাটীত ৰমা দাশৰ জন্ম হয়। পিতৃ যজ্ঞৰাম দাশ আৰু মাতৃ হৰেশ্বৰী দাশ। ১৯৩৮ চনত উত্তৰা দাশৰ সৈতে তেখেতৰ বিবাহ হয়।৩
শিক্ষা
সৰুতেই পিতৃ-মাতৃ দুয়োগৰাকীৰে মৃত্যু হোৱাত ৰমা দাশে তেখেতৰ সম্পৰ্কীয় হৰিনাথ পাঠক চৌধাৰীৰ ৰক্ষণা বেক্ষনত থাকি পঢ়া-শুনা কৰে। ১৯২৮ চনত তেখেতে কলিকতা বিশ্ববিদ্যালয়ৰ ভিতৰত অসমীয়া বিষয়ত সৰ্ব্বোচ নম্বৰ লাভ কৰি ধুবুৰী হাইস্কুলৰপৰা শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীণ হয়। কটন বিশ্ববিদ্যালয়ৰপৰা আই এ আৰু কলিকতাৰ প্ৰেছিডেন্সী কলেজৰপৰা বি এ পৰীক্ষাত উৰ্ত্তীণ হৈ আইন পঢ়াৰ উদ্দেশ্যে ৰমা দাশে আইন কলেজত নামভৰ্ত্তি কৰে। কিন্তু আৰ্থিক অনাটনৰ বাবে আইন পঢ়া সামৰি শ্বিলঙৰ অসম সচিবালয়ত অনুবাদক আৰু লাইব্ৰেৰীয়ানৰ চাকৰিত যোগদান কৰে।৩
সাহিত্যিক জীৱন
আৱাহন আলোচনীত গল্প লিখি তেখেতে প্ৰথম সাহিত্য জগতত ভূমুকি মাৰে। আৱাহনৰ প্ৰথম বছৰ ২য় সংখ্যাত প্ৰকাশিত আপদীয়া ৰাতিয়ে গল্পকাৰ ৰূপে তেখেতক এক পৰিচিতি দিয়ে। তাৰ পিছতে গল্প আৰু উপন্যাসেৰে তেখেতে অসমীয়া সাহিত্য জগতত এক নিগাজী স্থান দখল কৰে। তেখেতৰ গল্পৰ ভাষা ত্ৰুটিপূৰ্ণ আৰু টেকনিক দুৰ্ব্বল৪ বুলি সমালোচকে মতপোষণ কৰিলেও ৰমা দাশে নিজৰ ৰচনাৰে পঢ়ুৱৈৰ মনত ঘৰ কৰিছিল। উপেন্দ্ৰনাথ শৰ্মাই তেখেতৰ আৱাহনৰ অৱদান প্ৰবন্ধটিত কবিতাৰ ক্ষেত্ৰত দেৱকান্ত বৰুৱাৰ যি স্থান, চুটিগল্পৰ ক্ষেত্ৰত ৰমা দাশৰো সেই স্থান। ৫ বুলি উল্লেখ কৰিছে আৰু কৈছে যে বৰ্ষা যেতিয়া নামে ৰমা দাশৰ প্ৰখ্যাত প্ৰেমৰ গল্প। উগ্ৰ ৰোমাণ্টিক প্ৰেমৰ চিত্ৰ অংকনত ৰমা দাশ সিদ্ধহস্ত বুলিও শৰ্মাই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে।৫
ৰমা দাশৰ উল্লেখযোগ্য সাহিত্যৰাজি হৈছে-৩
- ৰমা দাশৰ শ্ৰেষ্ঠ গল্প (১৯৫২)
- বৰ্ষা যেতিয়া নামে (১৯৬২)
- জাহ্নবী (১৯৬৫)
- অচল টকা (১৯৮৮)
- ৰমা দাশৰ গল্প সমগ্ৰ (২০০০)
কৰ্মজীৱন
অসম সচিবালয়ত অনুবাদকৰ কামত সোমোৱাৰ পিছত সচিবালয়ৰে বিত্ত বিভাগৰ উপ-সচিব৬ হিচাপে তেখেতে ১৯৬৭ চনত চাকৰি জীৱনৰপৰা অৱসৰ গ্ৰহণ কৰে। ১৯৫৭ চনত ৰমা দাশে ত্ৰৈলোক্য নাথ গোস্বামীৰ সৈতে নতুন দিল্লীত অল ইণ্ডিয়া ৰেডিঅ'ই আয়োজন কৰা সাহিত্য-সমাৰোহত যোগদান কৰিছিল।৩
মৃত্যু
১৯৮১ চনৰ নৱেম্বৰ মাহৰ ২১ তাৰিখে শ্বিলঙত ৰমা দাশৰ মৃত্যু হয়।৩
তথ্যসূত্ৰ
- ↑ rama das assamese
- ↑ অসমীয়া চুটিগল্পৰ উদ্ভৱ, বিকাশ আৰু ৰামধেনু যুগৰ সামাজিক প্ৰেক্ষাপট. পৃ. 7
- ↑ সম্পাদক: শোণিত বিজয় দাস আৰু মুনীন বায়ন. (২০০৬). ৰমা দাশ. কথা প্ৰকাশন. ISBN ৮১-৮৯১৪৮-১৪-১
- ↑ ড॰ প্ৰহ্লাদ কুমাৰ বৰুৱা. (২০১২). ৰমা দাশৰ গল্পৰ বৈশিষ্ট্য. বনলতা, ডিব্ৰুগড়-১. পৃ. ৯৬, ৯৯
- ↑ উপেন্দ্ৰনাথ শৰ্মা. (২০১০). আৱাহনৰ অৱদান. অসম প্ৰকাশন পৰিষদ. পৃ. ২৭৪, ২৭৫
- ↑ শিৱনাথ বৰ্মন. (১৯৯২). অসমীয়া জীৱনী অভিধান. মহতাব হুছেইন
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰমা দাশ” প্ৰবন্ধৰ সংশোধন ৫২৭৭৫১ (২৬ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।