অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

জলছবি

জলছবি (Jalchobi) অসমীয়া সাহিত্য জগতৰ এগৰাকী সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীৰ দ্বাৰা ৰচিত এখন উপন্যাস। ২০১৪ চনত প্ৰকাশ হোৱা এই উপন্যাসখন মূলতঃ এগৰাকী এলঝাইমাৰ ৰোগী আৰু তেওঁক কেন্দ্ৰ কৰি সৃষ্টি হোৱা ঘটনা-পৰিঘটনাৰ ঔপন্যাসিক বিৱৰণ।

হালনাগাদ: ১ ডিচেম্বৰ ২০২৩ ৩৬৭ শব্দ · ২ মিনিট সংগৃহীত ৬২
সংশোধনৰ পৰামৰ্শ

জলছবি (Jalchobi) অসমীয়া সাহিত্য জগতৰ এগৰাকী সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীৰ দ্বাৰা ৰচিত এখন উপন্যাস। ২০১৪ চনত প্ৰকাশ হোৱা এই উপন্যাসখন মূলতঃ এগৰাকী এলঝাইমাৰ ৰোগী আৰু তেওঁক কেন্দ্ৰ কৰি সৃষ্টি হোৱা ঘটনা-পৰিঘটনাৰ ঔপন্যাসিক বিৱৰণ।

উপন্যাসখনৰ চৰিত্ৰ

সুৱৰ্ণজ্যোতি: উপন্যাসৰ কেন্দ্ৰীয় চৰিত্ৰ এগৰাকী নাৰী সুৱৰ্ণজ্যোতিৰ জীৱন কাহিনীৰ আধাৰত নিৰ্মাণ হৈছে জলছবি। ৰক্ষণশীল ব্ৰাহ্মণ সমাজৰ নিয়ম অনুসৰি পঢ়া-শুনাত যথেষ্ট ৰাপ থকা পাছতো পুষ্পিতা হোৱাৰ আগতেই বাগানৰ মেনেজাৰ “ৰমেশ” ৰ সৈতে বিয়াত বহিছিল “সুৱৰ্ণজ্যোতি”। দুয়ো পতি-পত্নীৰ মাজত এক যথেষ্ট বুজা-বুজিৰ পৰিবেশৰ ছবি দেখা পোৱা যায় য’ত ৰমেশে নিজ পত্নীক সকলো প্ৰকাৰে শিক্ষিত তথা জ্ঞানী কৰিবলৈ কিতাপ পঢ়িবলৈ উদগনি দিছিল।

প্ৰত্যেক পৰিয়ালত সুখ-দুখ থাকে। দুখৰ মুখামুখি নহ’লে মানুহে সুখক পাব নোৱাৰে। ঠিক তেনেদৰেই সুৱৰ্ণজ্যোতি জীৱনৰ দুখ যন্ত্ৰণাবোৰে পাঠকক মুহি ৰাখিছে। স্বামী ৰমেশ ৰ এক দুৰ্ঘটনাৰ পিছত সুৱৰ্ণজ্যোতিয়ে নিজৰ ফুলকুমলীয়া সন্তানক বুকুৰ গাখীৰৰ পৰা আঁতৰাই আইতাকৰ ওচৰত থৈ যোৱা ঘটনাই পাঠকক দুখ দিয়ে। সেইগৰাকী ধৈৰ্যশীল পত্নীয়ে যেতিয়া স্বামীক সম্পূৰ্ণ সুস্থ ৰূপত ঘূৰাই আনিবলৈ প্ৰতিজ্ঞাবদ্ধ হৈ পৰে তেতিয়া সেই পত্নীক কোনোৱে ৰখাব পৰা নাই, আৰু বংগোপ সাগৰেদি সুৱৰ্ণজ্যোতিয়ে স্বামীক লৈ অকলেই যাত্ৰা কৰিছে যি সেই সময়ৰ ৰক্ষণশীল সমাজৰ বাবে এক অতি স্পৰ্শকাতৰ কথা। এই সময়খিনিত সন্মুখীন হোৱা বিভিন্ন পৰিবেশ পৰিস্থিতিৰ কথা অৱগত কৰা একমাত্ৰ ডায়েৰী খনেই আছিল সুৱৰ্ণজ্যোতিৰ একমাত্ৰ সংগী।

এনেদৰেই অযুত জীৱনৰ যুদ্ধৰ অন্তত যেতিয়া সেইগৰাকী নাৰীয়ে নিজৰ লগত তথা নিজ বাৰ্ধক্যৰ লগতো যুদ্ধ কৰিবলগীয়া হৈছে তেতিয়া সেই যুদ্ধ হৈ পৰিছে অতি কষ্টদায়ক। মৃত্যুক কেতিয়াও আশা নকৰা পাছতো বৃদ্ধগৰাকী লাহে লাহে হৈ পৰিছে এগৰাকী মনোৰোগী। অতীতত হৈ যোৱা বহুতো মনোকষ্ট আৰু বিশ্বাসঘাতকতাৰ ফলত সূৱৰ্ণজ্যেতি লাহে লাহে শাৰীৰিক আৰু মানসিক ৰোগী হৈ পৰে আৰু অবশেষত তেওঁ মৃত্যুৰ ওচৰত হাৰ মানে।

মানি: মানি সূৱৰ্ণজ্যোতিৰ জী, উপন্যাসৰ আন এক চৰিত্ৰ। জীৱনৰ প্ৰক্ৰিয়াৰ অন্য এক স্তৰ বাৰ্ধক্যত ব্যক্তিয়ে সদায় মৰম,স্নেহ বিচাৰে তথা বৃদ্ধ লোকসকলক প্ৰয়োজন হয় মৰমৰ হাতৰ। তেওঁলোকক পৰিয়ালৰ বোজা বুলি যাতে ভাবি নলৈ সদায় যে আন্তৰিকতা যাছিব লাগে, তাৰে এক উদাহৰণ হিচাবে মানি চৰিত্ৰটোক চিহ্নিত কৰিব পাৰো। লগতে মানিৰ স্বামী ৰিদিপেও শাহুৱেকৰ শুশ্ৰূষা কৰিবলৈ যত্নপৰ হৈছে, বৃদ্ধা শাহুৱেকৰ অস্বাভাৱিক কাৰ্যত চিন্তিত হৈছে। মানিয়ে মাক সূৱৰ্ণজ্যোতিৰ মানসিক অৱস্থা দেখি নিজৰ সাধ্যানুসাৰে মাকৰ কষ্ট লাঘৱ কৰিবলৈ যত্ন কৰিছে,মাকৰ অতীতৰ জীৱনৰ কথা খুচৰি বিচাৰিছে, অথচ মাকৰ কষ্ট দেখি মনে নিবিচৰা সত্ত্বেও মাকৰ মৃত্যুক কামনা কৰিছে। মাকে ভয় কৰি থকা এই মৃত্যুতেই যেন মাকে শান্তি পাব মানিৰ ভাৱ হৈছে। শেষত মাকৰ মৃত্যুত তাই মৌন হৈ পৰিছে, আৰু একান্তই অকলশৰে মাকৰ স্মৃতি সোৱৰিছে।

সম্পৰ্কিত শ্ৰেণী

অসমীয়া উপন্যাস

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জলছবি” প্ৰবন্ধৰ সংশোধন ৩৯৪২৫৫ (১ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।