ইতিহাসৰ আজিৰ দিনত
১ ডিচেম্বৰ
ঘটনাৱলী
- ১৯৫৮নগা বসিতপ্ৰধান অঞ্চলক লৈ নাগা হিলছ টুৱেংচোং এৰিয়া গঠন হয়।
- ১৯৬৩নাগালেণ্ডক ভাৰতৰ পূৰ্ণৰাজ্যৰ স্বীকৃতি প্ৰদান কৰে।
- ১৯৬৫সীমান্ত সুৰক্ষা বাহিনী (BSF) গঠন কৰা হয়। সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ) হৈছে ভাৰতবৰ্ষৰ পাকিস্তান আৰু বাংলাদেশৰ সীমান্তত থকা ভাৰতীয় সীমান্ত ৰক্ষী সংগঠন। ই ভাৰতৰ সাতটা কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ (চিএপিএফ) ভিতৰত এটা, আৰু ১৯৬৫ চনৰ ১ ডিচেম্বৰত হোৱা ভাৰত আৰু পাকিস্তানৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ সীমাৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে আৰু তাৰ সৈতে সম্পৰ্কিত বিষয়বোৰৰ বাবে গঠন কৰা হৈছিল। বৰ্তমান এই বাহিনীত ২,৬৫,০০০জন জোৱান দেশৰ নিৰাপত্তাত কৰ্মৰত হৈ আছে।
- ১৯৮১অসমৰ পষেকীয়া বাৰ্তালোচনী প্ৰান্তিক প্ৰথম প্ৰকাশিত হয়। ইয়াৰ প্ৰতিষ্ঠাপক মুখ্য সম্পাদক ড॰ ভবেন্দ্ৰ নাথ শইকীয়া।
- ১৯৯৭বিহাৰৰ আৰৱাল জিলাৰ লক্ষ্মণপুৰ বাথে গাঁৱত ৰণবীৰ সেনাৰ দ্বাৰা ৫৮জন অনুসূচিত জাতিলোকক হত্যা। ১৯৯২ চনত বাৰা গণহত্যাত ৩৭জন উচ্চবৰ্ণৰ লোকক হত্যাৰ প্ৰতিশোধ স্বৰূপে এই গণহত্যা সংঘটিত কৰে এই ৰণবীৰ সেনাৰ লোকসকলে।
- ১৯৯৯মোহনদাস কৰমচান্দ গান্ধীক ‘শতিকাৰ শ্ৰেষ্ঠ এছীয়’ আৰু ইন্দিৰা গান্ধীক ‘শ্ৰেষ্ঠ মহিলা’ হিচাপে আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থা বি. বি. চিৰ সমীক্ষাত নিৰ্বাচিত কৰা হয়।
জন্ম
- ১৮৮৫কাকা কালকাৰ, ভাৰতীয় স্বাধীনতা কৰ্মী, সমাজ সংস্কাৰক আৰু সাংবাদিক। মোহনদাস কৰমচান্দ গান্ধীৰ দৰ্শন আৰু পদ্ধতিৰ বিশিষ্ট অনুগামী আছিল। প্ৰকৃত নাম দত্তাত্ৰেয় বালকৃষ্ণ কালকাৰ। মৃত্যু ২১ আগষ্ট, ১৯৮১।
- ১৯৩৪বিজয় কৃষ্ণ সন্দিকৈ, ভাৰতীয় ৰাজনীতিবিদ। অসমৰ যোৰহাট লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল। ১৯৯১ চনৰ পৰা ২০০৯ চনলৈ একেৰাহে ছয়বাৰৰ বাবে অসমৰ যোৰহাট লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ ১৯৮০ চনৰ পৰা ১৯৮৬ চনলৈ ৰাজ্যসভাৰ সদস্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। তেখেত ১৯৭২ চনত যোৰহাট সমষ্টিৰ পৰা অসম ৰাজ্যিক বিধানসভালৈ নিৰ্বাচিত হৈছিল। প্ৰাচ্যবিদ্যাৰ্ণৱ কৃষ্ণকান্ত সন্দিকৈৰ একমাত্ৰ পুত্ৰ। মৃত্যু ২৬ জুলাই, ২০১৫।
- ১৯৪২জগদীশ মুখী, অসমৰ বৰ্তমান ৰাজ্যপাল আৰু ভাৰতীয় ৰাজনীতিবিদ। ভাৰতীয় জনতা পাৰ্টী আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সদস্য। পূৰ্বতে তেওঁ দিল্লী চৰকাৰৰ বিত্ত, পৰিকল্পনা, আবকাৰী আৰু কৰ আৰু উচ্চ শিক্ষা মন্ত্ৰী আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ লেফটেনেণ্ট গৱৰ্ণৰ, মিজোৰাম আৰু নাগালেণ্ডৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
- ১৯৫৫উদিত নাৰায়ণ, ভাৰতীয় নেপথ্য কণ্ঠশিল্পী। তেখেতে এতিয়ালৈকে চাৰিটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু পাঁচটা ফিল্মফেয়াৰ বঁটা লাভ কৰিছে আৰু আন বহুতৰ লগতে বিশটা শিতানত মনোনয়ন লাভ কৰিছে। কলা আৰু সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক ২০০৯ চনত পদ্মশ্ৰী সন্মান আৰু ২০১৬ চনত পদ্মভূষণ সন্মান আগবঢ়ায়। বিবিচিৰ "সৰ্বকালৰ শীৰ্ষ ৪০টা বলীউড চাউণ্ডট্ৰেক"ত তেওঁৰ প্ৰায় ২১টা ট্ৰেক আছে।
- ১৯৭৭বিশ্বজ্যোতি শৰ্মা, অসমীয়া ঔপন্যাসিক, লেখক, অধ্যাপক৷
মৃত্যু
- ১৯৩৫প্ৰথম হেনৰী, ইংলেণ্ডৰ ৰজা (বৰ্তমান ফ্ৰান্স)।
- ১৯৬৪জে ব এছ হলডেন, ইংৰাজ ভৌত ৰসায়নবিদ আৰু প্ৰজননতাত্ত্বিক।
- ১৯৭৪সুচেতা কৃপলানী, ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু ৰাজনীতিবিদ। তেওঁ ভাৰতৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী আছিল, ২ অক্টোবৰ ১৯৬৩ চনৰ পৰা ১৩ মাৰ্চ ১৯৬৭ চনলৈ তেখেতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। (জন্ম: ২৫ জুন, ১৯০৮)
- ১৯৯০বিজয়লক্ষ্মী পণ্ডিত, ভাৰতীয় কূটনীতিবিদ আৰু ৰাজনীতিবিদ আছিল। বিজয়লক্ষ্মী পণ্ডিত ১৯৫৩ চনৰ পৰা ১৯৫৪ চনলৈ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ৮ম সভাপতি আছিল, যি ৰাষ্ট্ৰসংঘৰ যিকোনো এটা পদত নিযুক্ত প্ৰথম মহিলা হিচাপে পৰিগণিত হয়। ছোভিয়েট ইউনিয়ন, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাষ্ট্ৰসংঘত ভাৰতৰ দূত হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পিছত পণ্ডিতক ভাৰতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কূটনীতিবিদ হিচাপে লণ্ডনলৈ প্ৰেৰণ কৰা হৈছিল। তেওঁ ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ ভগ্নী আছিল। (জন্ম: ১৮ আগষ্ট, ১৯০০)
- ২০১৯দায়িং পাৱ, মিচিং ছবি নিৰ্মাতা, সমাজকৰ্মী আৰু অৰুণাচল প্ৰদেশৰ পূব ছিয়াং জিলাৰ শিক্ষা বিষয়া। পাৱে অসম আৰু অৰুণাচলত বাস কৰা মিচিং সকলৰ কৃষ্টি-সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত আত্মনিয়োগ কৰাৰ লগতে দুয়োখন ৰাজ্যৰ সাংস্কৃতিক সমন্বয়ৰক্ষী হিচাপে কাম কৰি আহিছিল।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ