অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জগদীশ মুখী

জগদীশ মুখী (Jagdish Mukhi) এজন ভাৰতীয় ৰাজনীতিবিদ আৰু অসমৰ ২৮তম ৰাজ্যপাল। তেওঁ ভাৰতীয় জনতা পাৰ্টি আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সদস্য। অসমৰ ৰাজ্যপাল নিযুক্ত হোৱাৰ আগতে তেওঁ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ উপ-ৰাজ্যপাল হিচাপে কৰ্মৰত আছিল।

হালনাগাদ: ২২ এপ্ৰিল ২০২৩ ১৭৭ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

জগদীশ মুখী (Jagdish Mukhi) এজন ভাৰতীয় ৰাজনীতিবিদ আৰু অসমৰ ২৮তম ৰাজ্যপাল।১২ তেওঁ ভাৰতীয় জনতা পাৰ্টী আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সদস্য। অসমৰ ৰাজ্যপাল নিযুক্ত হোৱাৰ আগতে তেওঁ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ উপ-ৰাজ্যপাল হিচাপে কৰ্মৰত আছিল। ইয়াৰ আগতে তেওঁ দিল্লী চৰকাৰৰ বিত্ত, পৰিকল্পনা, অৱকাৰী আৰু কৰ আৰু উচ্চ শিক্ষা মন্ত্ৰী হিচাপে সেৱা আগবঢ়াইছিল।

প্ৰাৰম্ভিক জীৱন

১৯৪২ চনৰ ১ ডিচেম্বৰ তাৰিখে দ্বাজল,ডেৰা গাজি খানত এক পঞ্জাবী পৰিয়ালত জগদীশ মুখীৰ জন্ম হৈছিল। চাৰি বছৰ বয়সত ১৯৪৭ ৰ দেশ বিভাজনৰ বাবে তেওঁৰ পৰিয়াল ভাৰতলৈ গুচি আহি সহনাত নিগাজীকৈ থাকিবলৈ লয়।৩

তেওঁ ১৯৫৬ চনত ৰাজস্থানৰ অলৱাৰ জিলাৰ ৰাজ ঋষি কলেজৰ পৰা বাণিজ্য শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। তাৰপিছত ১৯৬৭ চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা তেওঁ বাণিজ্যৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।৩৪তেওঁৰ ৰাজনৈতিক জীৱন আৰম্ভ হোৱাৰ আগলৈ তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ছহিদ ভগৎ সিং কলেজত অধ্যাপক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।৩ ১৯৯৫ চনৰ অক্টোবৰ মাহৰ তেওঁ কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ৰ পৰা বিত্ত বিভাগত পিএইছডি ডিগ্ৰী লাভ কৰে।৪

১৯৭০ চনত তেওঁ প্ৰেম গ্ৰভাৰৰ লগত বিবাহপাশত আবদ্ধ হয়। তেওঁ এগৰাকী সমাজ সেৱিকা আৰু মহিলা জাগৃতি সংঘৰ সদস্যা। তেওঁৰ এজন পুত্ৰ আৰু এগৰাকী কন্যা আছে।৩৪

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (30 September 2017). New governors appointed: All you need to know. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  2. ↑ (30 September 2017). Who is Jagdish Mukhi?. Indian Express
  3. ↑ Jagdish Mukhi Biography. elections.in
  4. ↑ Life's Time Line. jagdishmukhi.com

সম্পৰ্কিত শ্ৰেণী

অসমৰ ৰাজ্যপাল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জগদীশ মুখী” প্ৰবন্ধৰ সংশোধন ৩৫৫২৪৯ (২২ এপ্ৰিল ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।