অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

২ ডিচেম্বৰ

ঘটনাৱলী

  • ১৮০৪নেপোলিয়ন বোনাৰ্পাট ফ্ৰান্সৰ একচ্ছত্ৰী সম্ৰাট হিচাপে পৰিগণিত হয়।
  • ১৯১১জৰ্জ পঞ্চম আৰু ৰাণী মেৰী ভাৰত ভ্ৰমণ কৰা প্ৰথম ব্ৰিটিছ ৰাজপৰিয়ালৰ সদস্য হিচাপে পৰিগণিত হয়। তেওঁলোকৰ আগমণৰ উদ্দেশ্য বোম্বাইত (বৰ্তমান মুম্বাইত) গেটৱে অৱ ইণ্ডিয়া নিৰ্মাণ কৰা হৈছিল।
  • ১৯৫৫ফণী শৰ্মা পৰিচালিত আৰু ভূপেন হাজৰিকা প্ৰযোজিত ছাৰ্টিফিকেট অব মেৰিট লাভ কৰা প্ৰথম অসমীয়া ছবি পিয়লী ফুকন বোলছবিয়ে মুক্তি লাভ কৰে।
  • ১৯৫৭কাশ্মীৰ সংঘাত সম্পৰ্কীয় ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱ ১২৬ গৃহীত হয়। কাশ্মীৰ সংঘাত হৈছে কাশ্মীৰ অঞ্চলক লৈ দুখন দেশৰ মাজত হোৱা সংঘাত মুখ্যতঃ ভাৰত আৰু পাকিস্তানৰ মাজত, চীনে তৃতীয় পক্ষৰ ভূমিকা পালন কৰে। ১৯৪৭ চনত ভাৰত বিভাজনৰ পিছত এই সংঘাত আৰম্ভ হয় কিয়নো ভাৰত আৰু পাকিস্তান দুয়োপক্ষই পূৰ্বৰ ৰাজকীয় ৰাজ্য জম্মু-কাশ্মীৰ নিজৰ নিজৰ বুলি দাবী কৰিছিল।
  • ১৯৬১ৰাষ্ট্ৰীয় ভাৱে সম্প্ৰচাৰিত এক ভাষণত কিউবাৰ নেতা ফিদেল কাষ্ট্ৰই ঘোষণা কৰে যে তেওঁ এজন মাৰ্ক্সবাদী-লেনিনবাদী আৰু কিউবাই সাম্যবাদ গ্ৰহণ কৰিব।
  • ১৯৮৮বেনাজিৰ ভুট্টোৱে পাকিস্তানৰ প্ৰধান মন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰে। যি মুছলমান সংখ্যাগৰিষ্ঠ দেশ এখনৰ চৰকাৰৰ মুৰব্বী হোৱা প্ৰথম গৰাকী মহিলাৰূপে পৰিগণিত হয়।
  • ১৯৮৯ভাৰতৰ প্ৰধানমন্ত্ৰীৰূপে ৰাজীৱ গান্ধীয়ে দপ্তৰৰ কাৰ্যকাল সামৰিছিল।
  • ১৯৯১ছোভিয়েট ইউনিয়নৰ পৰা ইউক্ৰেইনৰ স্বাধীনতাক স্বীকৃতি দিয়া কানাডা আৰু পোলেণ্ড প্ৰথম ৰাষ্ট্ৰ হিচাপে পৰিগণিত হয়।
  • ২০০১সংক্ষিপ্ত অসমীয়া বিশ্বকোষৰ প্ৰথম খণ্ড প্ৰকাশিত হয়।

জন্ম

  • ১৮৯৮ইন্দ্ৰ লাল ৰয়, প্ৰথম ভাৰতীয় যুদ্ধ বিমান পাইলট। ৰয়েল ফ্লাইং কৰ্পছ আৰু ইয়াৰ উত্তৰাধিকাৰী ৰয়েল এয়াৰ ফৰ্চত সেৱা আগবঢ়োৱাৰ সময়ত তেওঁ দহটা আকাশী বিজয় দাবী কৰিছিল কিয়নো ১৭০ ঘণ্টাৰ ভিতৰত তেওঁ পাঁচখন বিমান ধ্বংস কৰিছিল (এখন বিমান অন্য এজনৰ সৈতে লগ হৈ ধ্বংস কৰিছিল) আৰু পাঁচখন বিমান নিয়ন্ত্ৰণৰ বাহিৰলৈ লৈ যোৱা হৈছিল (এখন বিমান অন্য এজনৰ সৈতে লগ হৈ নিয়ন্ত্ৰণৰ বাহিৰলৈ নিছিল)। মৃত্যু ২২ জুলাই, ১৯১৮।
  • ১৯৩৭মনোহৰ যোশী প্ৰকৃত নাম মনোহৰ গজু যোশী। ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ এজন বিশিষ্ট ৰাজনীতিবিদ। তেওঁ ১৯৯৫ চনৰ পৰা ১৯৯৯ চনলৈ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী আৰু ২০০২ চনৰ পৰা ২০০৪ চনলৈ লোকসভাৰ অধ্যক্ষ আছিল। তেওঁ শিৱসেনাৰ এজন বিশিষ্ট নেতা। তেওঁ চাৰিখন আইনসভাৰ সকলোলৈ নিৰ্বাচিত হোৱা দ্বিতীয় ভাৰতীয়।
  • ১৯৫৯বোমান ইৰাণী, এজন ভাৰতীয় অভিনেতা, ফটোগ্ৰাফাৰ আৰু কণ্ঠ শিল্পী যি মুখ্যতঃ হিন্দী চলচ্চিত্ৰত কাম কৰে তেওঁ তামিল, তেলেগু, কানাড়া আৰু মালায়ালম চলচ্চিত্ৰতো কাম কৰিছে। তেওঁ তেওঁৰ কেৰিয়াৰত ১০০ খনতকৈও অধিক চলচ্চিত্ৰত অভিনয় কৰিছে।
  • ১৯৬০বিজয়লক্ষ্মী ৱেডলাপেটলা, ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী, যাৰ জনপ্ৰিয় নাম চিল্ক স্মিতা।
  • ১৯৬০জে পি নাড্ডা চমুকৈ জে পি নাড্ডা, এজন ভাৰতীয় অধিবক্তা আৰু ৰাজনীতিবিদ। তেওঁ জুন ২০১৯ৰ পৰা ২০২০ চনৰ জানুৱাৰীলৈকে বিজেপিৰ কাৰ্যকৰী সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু ২০ জানুৱাৰী ২০২০ৰ পৰা বিজেপিৰ ৰাষ্ট্ৰীয় দলৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

মৃত্যু

  • ১৮৮১জেনী মাৰ্ক্স, কাৰ্ল মাৰ্ক্সৰ পত্নী।
  • ১৯৯১বিমল মিত্ৰ, প্ৰসিদ্ধ বঙালী ঔপন্যাসিক। চাহেব বিবি গোলাম তেওঁৰ প্ৰসিদ্ধ উপন্যাস।
  • ২০০৯শুচিব্ৰতা ৰায় চৌধুৰী, অসমীয়া সাহিত্যিক, কবি আৰু অসম প্ৰশাসনিক সেৱাৰ বিষয়া। অসামৰিক সেৱাৰ বিষয়া হিচাপে অসমৰ প্ৰথম মহিলা ন্যায়িক দণ্ডাধীশ আছিল। তেওঁ ২০০১ চনত সুভিৰা জয়ছোৱালৰ— "ভাৰতত বৈষ্ণৱ ধৰ্মৰ উৎপত্তি আৰু বিকাশ" অনুবাদ কৰাৰ বাবে সাহিত্য অকাডেমি অনুবাদ বঁটা লাভ কৰিছিল। এগৰাকী সমাজকৰ্মী হিচাপে তেওঁ অম্বিকাগিৰি মেম'ৰিয়েল ট্ৰাষ্ট আৰু অন্যান্য প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰিছিল। তেওঁক দিনবান্ধৱী ("দৰিদ্ৰৰ বন্ধু") হিচাপে সন্মান প্ৰদান কৰা হৈছিল।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ