অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

১৮ আগষ্ট

এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

হালনাগাদ: ২৯ জুন ২০২৩ ২৯০ শব্দ · ২ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী

  • ১৮০০ - ভাৰতৰ প্ৰথমখন মহাবিদ্যালয় কলকাতাত ফ’ৰ্ট উইলিয়াম কলেজ প্ৰতিষ্ঠা হয়। কিন্তু অতি দুখৰ বিষয় যে ১৮৫৪ চনত এই কলেজখন বন্ধ হৈ যায়।
  • ১৮৬৪ - সমাজসেৱাৰ বাবে আন্তৰ্জাতিক সংগঠন ৰেড ক্ৰছ প্ৰতিষ্ঠা হয়। এই মহান অনুষ্ঠানৰ প্ৰতিষ্ঠাতা আছিল হেনৰী ডুৰাণ্ট।
  • ১৯৫১ - ইণ্ডিয়ান ইনষ্টিটিউট অব টেকন’লজী, পশ্চিমবংগৰ খড়গপুৰত মুকলি হয়।
  • ২০০৪ - এথেন্স অলিম্পিক শ্বুটিঙত ভাৰতৰ ৰাজ্যবৰ্ধন সিং ৰাথোড়ে ৰূপক পদক লাভ কৰে।

জন্ম

  • ১৭০০ - বাজি ৰাও -১ (বাজিৰাও বাল্লাল), মাৰাঠা সাম্ৰাজ্য়ৰ সপ্তম পেছোৱা।
  • ১৮৭২ - পণ্ডিত বিষ্ণু দিগম্বৰ পুলষ্কৰ, ভাৰতীয় সঙ্গীতজ্ঞ।
  • ১৮৮০ - স্বামী নিগমানন্দ, ভাৰতৰ এজন হিন্দু যোগী আৰু আধ্যাত্মিক নেতা।
  • ১৯৩২ - লুক মণ্টেনিয়াৰ (Luc Montagnier), জীৱ বিজ্ঞানী, এইচ.আই.ভি. (ইংঃ HIV; পূৰ্ণৰূপঃ Human Immunodeficiency Virus; হিউমেন ইমিউন'ডেফিছিয়েঞ্চি ভাইৰাছ) বা মানৱ প্ৰতিৰক্ষা অভাৱ সৃষ্টিকাৰী ভাইৰাছৰ আৱিষ্কাৰক।
  • ১৯৩৬ - গুলজাৰ ভাৰতৰ প্ৰসিদ্ধ গীতিকাৰ, কবি আৰু চিনেমা পৰিচালক।
  • ১৯৪৬ - অৰুণা ইৰানী, ভাৰতীয় অভিনেত্ৰী।
  • ১৯৫৬ - সন্দীপ পাটিল, প্ৰাক্তন ক্ৰিকেট খেলুৱৈ, ১৯৮৩ চনৰ বিশ্বকাপ বিজয়ী দলৰ সদস্য়।
  • ১৯৬৭ - দলেৰ মেহেন্দী (দলেৰ সিং), ভাঙ্গৰা-পপ গায়ক।
  • ১৯৮০ - জেৰিফা ৱাহিদ, অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী।
  • ১৯০০ - বিজয়লক্ষ্মী পণ্ডিত, এগৰাকী ভাৰতীয় কূটনীতিবিদ আৰু ৰাজনৈতিক নেত্ৰী। তাই ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ ভগ্নী আছিল। (মৃত্যু: ১ ডিচেম্বৰ, ১৯৯০)
  • ১৯৫৯ - নিৰ্মলা সীতাৰমণ, ৰাজনেত্ৰী, ভাৰতৰ এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী।

মৃত্যু

  • ১২২৭ - ছেঙ্গিজ খান, মংগোল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা।
  • ১৮৫০ - বালজাক, ফৰাচী ঔপন্যাসিক।
  • ১৯৪৫ - সুভাষ চন্দ্ৰ বসু, ভাৰতীয় স্বাধীনতা সংগ্ৰামী। ফৰমোছা দ্বীপৰ কাষত হোৱা বিমান দুৰ্ঘটনাত বসুৰ মৃত্যু হয় বুলি ধৰা হয়। অৱশ্যে ইয়াকলৈ মতানৈক্য আছে।
  • ১৯৪৬ - অমূল্য বৰুৱা, অসমীয়া কবি।
  • ১৯৮৮ - দীননাথ শৰ্মা, "আৱাহন" যুগৰ এগৰাকী গল্পকাৰ।
  • ২০০০ - লক্ষ্যধৰ চৌধুৰী, অভিনেতা, গল্পকাৰ, চলচ্চিত্ৰ পৰিচালক, স্বাধীনতা সংগ্ৰামী, ৰাজনীতিবিদ, শিক্ষাবিদ, অসম নাট্য সন্মিলনৰ প্ৰাক্তন সভাপতি, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি।
  • ২০১৮ - ক'ফি আন্নান, ৰাষ্ট্ৰসংঘৰ ভূতপূৰ্ব সচিবপ্ৰধান।

দিৱস

বাহ্যিক সংযোগ


সম্পৰ্কিত শ্ৰেণী

আগষ্ট

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১৮ আগষ্ট” প্ৰবন্ধৰ সংশোধন ৩৭০৩৬১ (২৯ জুন ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।