ইতিহাসৰ আজিৰ দিনত
৩০ নৱেম্বৰ
ঘটনাৱলী
- ১৯৫৬ভূপেন হাজৰিকা পৰিচালিত ‘এৰা বাটৰ সুৰ’ অসমীয়া কথাছবিখনে মুক্তি লাভ কৰিছিল।
- ১৯৬৬বাৰবাডোজে স্বাধীনতা লাভ কৰিছিল।
- ২০২২বাৰ্মিহাংম কমনৱেলথ গেমছৰ স্বৰ্ণজয়ী নয়নমণি শইকীয়াই ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৰ পৰা অৰ্জুন বঁটা গ্ৰহণ কৰে। এইক্ষেত্ৰত নয়নমণি শইকীয়া অসমৰ সপ্তম গৰাকী অৰ্জুন বঁটা বিজয়ী খেলুৱৈ হিচাপে পৰিগণিত হয়।
জন্ম
- ১৬৬৭ছুইফট, ইংৰাজ ব্যংগ লেখক।
- ১৮৩৫মাৰ্ক টোৱেইন, আমেৰিকান সাহিত্যিক আৰু হাস্যৰসিক।
- ১৮৫৮জগদীশ চন্দ্ৰ বসু, এজন জীৱবিজ্ঞানী, পদাৰ্থবিজ্ঞানী, উদ্ভিদবিজ্ঞানী আৰু বিজ্ঞান কল্পকাহিনীৰ প্ৰাৰম্ভিক লেখক। তেওঁ ৰেডিঅ' মাইক্ৰ'ৱেভ অপটিক্সৰ অনুসন্ধানত অগ্ৰণী ভূমিকা পালন কৰে, উদ্ভিদবিজ্ঞানত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায় আৰু ভাৰতীয় উপমহাদেশত পৰীক্ষামূলক বিজ্ঞানৰ সম্প্ৰসাৰণত মুখ্য ভূমিকা পালন কৰিছিল। মৃত্যু ২৩ নৱেম্বৰ, ১৯৩৭।
- ১৮৭৪ছাৰ উইনষ্টন চাৰ্চিল, ব্ৰিটিছ প্ৰধান মন্ত্ৰী তথা ৰাজনীতিবিদ। তেওঁৰ সম্পূৰ্ণ নাম উইনষ্টন লিঅনাৰ্ড স্পেন্সাৰ চাৰ্চিল।
- ১৮৮৬জেনেট ইটন, আমেৰিকান শিশু সাহিত্যিক।
- ১৯৩১ৰমিলা থাপাৰ, ভাৰতীয় ইতিহাসবিদ।
- ১৯৪৫বাণী জয়ৰাম, ভাৰতীয় সংগীত শিল্পী।
- ১৯৮৯ভক্তি শৰ্মা, ভাৰতীয় সাঁতোৰবিদ (মুকলি পানীৰ)। এণ্টাৰ্কটিকাৰ পানীত মুক্ত সাঁতোৰৰ দ্বাৰা ৰেকৰ্ড গঢ়া শৰ্মা এচিয়াৰ প্ৰথম মহিলা আৰু পৃথিৱীৰ সৰ্বকনিষ্ঠতম।
- ১৯৯০ৰাশী খান্না, ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী।
মৃত্যু
- ১৯৪৭ভীমবৰ দেউৰী, অসমৰ জননেতা আৰু আইনজ্ঞ। অসমৰ ভূমিপুত্ৰসকলৰ উন্নয়নৰ বাবে তেওঁ ট্ৰাইবেল লীগৰ জন্ম দিয়ে আৰু ইয়াৰ সাধাৰণ সম্পাদকৰূপে একেৰাহে ১৩ বছৰ কাৰ্যনিৰ্বাহ কৰে। গ্ৰুপিং ব্যৱস্থাৰ জৰিয়তে অসমক পূব পাকিস্তানৰ লগত সুমুৱাব খোজা প্ৰচেষ্টা খণ্ডন কৰাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।
- ১৯৬৮জ্ঞাননাথ বৰা, যশস্বী সাহিত্যিক। গুৱাহাটী একতা সভাৰ অন্যতম প্ৰতিষ্ঠাতা আৰু সম্পাদক আছিল। অসম ছাত্ৰ সন্মিলনৰ তৃতীয় অধিবেশনৰ প্ৰধান সম্পাদক হৈছিল। ১৯৬৮ চনত তেজপুৰত অনুষ্ঠিত অসম সাহিত্য সভা অধিবেশনৰ সভাপতি আছিল। সভাপতিৰ কাৰ্যকাল শেষ নৌহওঁতেই এখেতৰ মৃত্যু হয়।
- ২০১২ইন্দৰ কুমাৰ গুজৰাল, এজন ভাৰতীয় কূটনীতিবিদ, ৰাজনীতিবিদ আৰু স্বাধীনতা কৰ্মী আছিল যি এপ্ৰিল ১৯৯৭ৰ পৰা মাৰ্চ ১৯৯৮লৈ ভাৰতৰ দ্বাদশ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইন্দিৰা গান্ধী (জানুৱাৰী ১৯৬৬ - মাৰ্চ ১৯৬৯) আৰু এইচ ডি দেৱগৌড়া (জুন ১৯৯৬ - এপ্ৰিল ১৯৯৭)ৰ পিছত গুজৰাল ৰাজ্যসভাৰ পৰা অহা তৃতীয় গৰাকী প্ৰধানমন্ত্ৰী আছিল। তেওঁলোকৰ পিছত আছিল ড° মনমোহন সিং (মে' ২০০৪ - মে' ২০১৪)। এজন প্ৰধানমন্ত্ৰী হিচাপে, গুজৰালে সাধাৰণ ৰাইজক প্ৰত্যেক শুক্ৰবাৰে ৰাতিপুৱা লগ কৰাৰ বাবে অভ্যাস গঢ়ি তুলিছিল।
- ২০১৮গিয়াছ উদ্দিন আহমেদ, নাট্যকাৰ, নাট পৰিচালক, সাংস্কৃতিক সংগঠক। ১৯৬০ চনত নলবাৰীত জন্মগ্ৰহণ কৰা আহমেদে ১৫খন মৌলিক নাটক ৰচনা কৰা উপৰিও ১৯৯৫ চনত নটসূৰ্য ফণী শৰ্মা নাট্য সন্মিলন জন্ম দি গিয়াছ উদ্দিন আহমেদে মুখ্য সম্পাদকৰ দায়িত্ব বহন কৰিছিল। ইয়াৰ উপৰিও তেখেতে দুখন উপন্যাস ৰচনা কৰিছিল "বকুলতলত ৰাতি" আৰু "বুকুৰ মাজত ছবি"। ১৯৮৬ চনত গঠন হোৱা উত্তৰ-পূৰ্বাঞ্চল চেন্ট্ৰেল বেংক কৰ্মচাৰী সংগঠনৰ জন্মলগ্নৰে পৰা সভাপতিৰ দায়িত্বত আছিল।
- ২০১৯চেনেহী বেগম, শিক্ষাবিদ, সমাজকৰ্মী। তেওঁ অনুবাদ কৰা চাৰ এডৱাৰ্ট গেইটৰ হিষ্ট্ৰী অব আছাম নামৰ গ্ৰন্থখনৰ অসমীয়া অনুবাদ গ্ৰন্থখন বুৰঞ্জীৰ এখন উল্লেখযোগ্য গ্ৰন্থ হিচাপে আজিও বিবেচিত হৈ আহিছে।
- ২০২১অতুল কুমাৰ শৰ্মা, নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ প্ৰাক্তন বিধায়ক। ১৯৫৭ চনৰ ৫ ডিচেম্বৰত জন্মগ্ৰহণ কৰা শৰ্মাই প্ৰথম অৱস্থাত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি পদ অলংকৃত কৰিছিল। পিছলৈ সক্ৰিয় ৰাজনীতিত যোগদান কৰি ১৯৯৬ চনত চামগুৰি সমষ্টিৰ পৰা অগপ দলৰ হৈ কংগ্ৰেছৰ শক্তিশালী প্ৰাৰ্থী তথা প্ৰাক্তন মন্ত্ৰী নুৰুল হুছেইনক পৰাজিত কৰি বিধায়ক হিচাপে জয়লাভ কৰে।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ