অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

ৰূপকাৰ

ৰূপকাৰ আছিল অসমীয়া চিনেমা, ভ্ৰাম্যমাণ নাটক আৰু সংস্কৃতি ভিত্তিক প্ৰথম অসমীয়া ভাষাৰ টেবলয়ড আকাৰৰ আলোচনী। ১৯৭৫ চনত প্ৰতিষ্ঠা হোৱা এই আলোচনীখনৰ প্ৰতিষ্ঠা আৰু সম্পাদনা কৰিছিল সাংবাদিক তথা হাস্যৰসৰ লেখক পবিত্ৰ কুমাৰ ডেকাই।

হালনাগাদ: ৫ জুলাই ২০২৬ ৪৫৫ শব্দ · ৩ মিনিট সংগৃহীত ৯০
সংশোধনৰ পৰামৰ্শ

ৰূপকাৰ আছিল অসমীয়া চিনেমা, ভ্ৰাম্যমাণ নাটক আৰু সংস্কৃতি ভিত্তিক প্ৰথম অসমীয়া ভাষাৰ টেবলয়ড আকাৰৰ আলোচনী। ১৯৭৫ চনত প্ৰতিষ্ঠা হোৱা এই আলোচনীখনৰ প্ৰতিষ্ঠা আৰু সম্পাদনা কৰিছিল সাংবাদিক তথা হাস্যৰসৰ লেখক পবিত্ৰ কুমাৰ ডেকাই। আলোচনীখনৰ উপদেষ্টা আছিল বিখ্যাত গায়ক আৰু সুৰকাৰ ভূপেন হাজৰিকা আৰু লেখক নিৰোদ চৌধুৰী।১২ নব্বই দশকৰ আৰম্ভণিলৈকে আলোচনীখন প্ৰকাশ পাইছিল।

প্ৰকাশনা

ৰূপকাৰ আলোচনীখন মাহেকীয়া হিচাপে প্ৰকাশ হৈছিল।৩ ই উত্তৰ-পূব ভাৰতৰ আটাইতকৈ জনপ্ৰিয় মনোৰঞ্জনমূলক আলোচনী আছিল। ১৯৭৫ চনত অসমত জনপ্ৰিয় ৰূপকাৰ বঁটা আৰম্ভ কৰা আলোচনীখনেই প্ৰথম চিনেমা বঁটা প্ৰদান কৰিছিল।৪

এই আলোচনীখনত বহু উদীয়মান সাংবাদিকে অৱদান আগবঢ়াইছিল, যেনে অসমীয়া চিনেমা সমালোচক উৎপল দত্ত (অভিনেতা) আৰু অৰুণলোচন দাস।৫ আলোচনীখনৰ কলিকতাৰ সংবাদদাতা আছিল নীতাই ঘোষ। সংস্কৃতি বিষয়ক খবৰ আদিৰ লগতে, পদ্ম বৰকটকী আৰু লক্ষ্মীনন্দন বৰাৰ দৰে লেখকে এই আলোচনীত সামাজিক উপন্যাসো প্ৰকাশ কৰিছিল। ভূপেন হাজৰিকা আৰু লক্ষ্মীনন্দন বৰাই আলোচনীখনত অন্যমত আৰু বৃত্তৰ বাহিৰত নামৰ স্তম্ভ লিখিছিল।

পুনৰুজ্জীৱন

২০২৫ চনত ৰূপকাৰ আলোচনীৰ ৫০ বছৰ উদযাপন উপলক্ষে, আলোচনীখনক পুনৰুজ্জীৱিত কৰাৰ কথা ঘোষণা কৰিছে প্ৰদ্যুৎ কুমাৰ ডেকাই, যি পবিত্ৰ কুমাৰ ডেকাৰ পুত্ৰ। তেওঁ কয় যে আলোচনীখন বাৰ্ষিক বিশেষ সংখ্যা হিচাপে পুনৰ প্ৰকাশ কৰা হ'ব।৬৭৮

ৰূপকাৰ বঁটা

ৰূপকাৰ বঁটা ২০১১ চনত প্ৰতিষ্ঠাপক পবিত্ৰ কুমাৰ ডেকাৰ স্মৃতিত আৰম্ভ কৰা হৈছিল। এই বঁটা প্ৰতিবছৰে মঞ্চ, চিনেমা আৰু সংবাদ মাধ্যমৰ ক্ষেত্ৰত বিশেষ অৱদান ৰখা এগৰাকী ব্যক্তিত্বক প্ৰদান কৰা হয়।৯১০১১১২১৩

ৰূপকাৰ বঁটাৰ বিজয়ীসকল

পুথি প্ৰকাশনা

ৰূপকাৰ আলোচনীৰ প্ৰকাশক ৰূপকাৰ প্ৰকাশনে কেইবাখনো গ্ৰন্থ প্ৰকাশ কৰিছিল। ২০২০ চনৰ পাছৰ দশকত ৰূপকাৰ প্ৰকাশন পুনৰ সক্ৰিয় কৰা হয়।২৫

ৰূপকাৰ প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থসমূহ

১৯৭৫ ৰ পৰা ১৯৯৫ চনলৈ

  • বৰদলৈ, নিৰ্মল প্ৰভা. সমীপেষু, কবিতা
  • বৰদলৈ, নিৰ্মল প্ৰভা. অন্তৰংগ, কবিতা
  • গগৈ, পুলক. হৈমন্তিকা, উপন্যাস
  • ডেকা, পবিত্ৰ কুমাৰ. অসমৰ সাতটা দশকৰ চলচ্চিত্ৰ, চিনেমা বিষয়ক

২০২০ ৰ পৰা বৰ্তমানলৈ

  • ডেকা, পবিত্ৰ কুমাৰ. মোৰ সত্য অন্ন সংস্থানৰ কাহিনী, ব্যংগ-ৰচনাৰ সংকলন
  • ৰূপকাৰৰ শ্ৰেষ্ঠ গল্প, চুটি গল্প সংকলন
  • ডেকা, প্ৰদ্যুৎ কুমাৰ. The Big Sleep, উপন্যাস
  • ডেকা, প্ৰান্তিক. Past Revisited, চলচ্চিত্ৰ বিষয়ক ৰচনা
  • দত্ত, উৎপল. কাপুৰুষৰ তৰোৱাল, উপন্যাস

ভাৰতীয় চলচ্চিত্ৰৰ ১০০ বছৰ

ভাৰতীয় চলচ্চিত্ৰৰ ১০০ বছৰৰ উদ্‌যাপন উপলক্ষে ৰূপকাৰ আলোচনীখনে ৰূপকাৰ ফিল্ম ফেষ্টিভেল (RFF) নামেৰে এক বিশেষ চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন কৰে। এই অনুষ্ঠান ২০১৩ চনৰ ২১ এপ্ৰিলৰ পৰা ২৩ এপ্ৰিললৈকে গুৱাহাটীস্থিত জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ’ পৰিসৰৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছিল, য'ত ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ ঐতিহ্যমণ্ডিত চলচ্চিত্ৰবোৰ প্ৰদৰ্শন কৰা হয়। শতবৰ্ষজুৰি সৃষ্টি হোৱা কিছুমান অনন্য চিনেমা— সত্যজিৎ ৰায়ৰ নায়কৰ পৰা ৰমেশ চিপ্পীৰ শোলে পৰ্যন্ত— এই উৎসৱত প্ৰদৰ্শন কৰা হৈছিল। এই উপলক্ষে চলচ্চিত্ৰ প্ৰবন্ধৰ এক বিশেষ গ্ৰন্থ চলচ্চিত্ৰ-সময়-সমাজ-নন্দনত্ব প্ৰকাশ কৰা হয়, যাৰ সম্পাদক আছিল উৎপল দত্ত (অভিনেতা)।২৬

তথ্যসূত্ৰ

  1. ↑ Abdul Gani. (31 March 2013). Roopkar Film Festival to celebrate 100 years of Indian cinema. Assam Times
  2. ↑ ETV Bharat Assamese Team. (June 1, 2025). entertainment/lets-revisit-roopkar-a-memorable-journey-of-pabitra-kumar-dekas-theatre-movement-assam-news-ass25060104121 ৰূপকাৰ.. নব্বৈ দশকৰ অসমীয়া শিল্প-সাংস্কৃতিক সাংবাদিকতাৰ নব্য-ৰূপকাৰ. www.etvbharat.com
  3. ↑ Vishwanath Bite. (February 2015). Vishwanath Bite in Conversation with Utpal Datta. The Criterion
  4. ↑ Prantik Deka. (10 March 2023). The Iconic Roopkar Film Award 1975. North East Film Journal
  5. ↑ Prantik Deka. (28 October 2023). Arun Lochan Das, who brought people into the limelight. North East Film Journal
  6. ↑ Prantik Deka. (7 March 2025). Roopkar to be published again!. North East Film Journal
  7. ↑ Prantik Deka. (9 March 2025). Roopkar Revival: The Iconic Assamese Magazine Set to Make a Comeback!. North East India 24
  8. ↑ Puja Mahanta. (10 March 2025). Assam: Legendary Assamese magazine 'Roopkar' to be republished in April 2025. India Today NE
  9. ↑ Apurba Kumar Das. (16 January 2018). Pabitra Kumar Deka Archive and Rupkar Awards. The Assam Tribune
  10. ↑ Prantik Deka. (17 January 2018). Roopkar awards and Pabitra Kumar Deka Archive. www.kothasobi.com
  11. ↑ (21 January 2018). Heaping praise on Pabitra Kr Deka. Assam Times
  12. ↑ ‘Roopkar Awards presented’. northeastindia24.com
  13. ↑ ‘UTPAL DATTA AND SANJEEV HAZORIKA HONOURED’. thedailyeye.info
  14. ↑ (2019). ‘Roopkar Awards 2018 presented’. kothasobi
  15. ↑ ‘Roopkar Awards presented to renowned Filmmaker Jahnu Barua, Actor Arun Nath’. Sentinel Assam
  16. ↑ (2019). Noted writer-director and prominent photographer presented with Roopkar awards. Eclectic Northeast
  17. ↑ ‘প্ৰাঞ্জল শইকীয়া আৰু মৃদুল গুপ্তালৈ ৰূপকাৰ বঁটা - 2021’
  18. ↑ ‘Roopkar Awards for years 2021 and 2022 presented’
  19. ↑ (2021). ‘Roopkar Awards Presented’. Magical Assam
  20. ↑ ‘Roopkar Awards presented to Pranjal Saikia and Mridul Gupta’. pratidintime
  21. ↑ ‘বিশিষ্ট চিত্ৰ সমালোচক উৎপল দত্ত আৰু বিশিষ্ট অভিনেতা তথা পৰিচালক সঞ্জীৱ হাজৰিকাক প্ৰদান কৰা হ’ল ‘ৰূপকাৰ বঁটা’. assam.news18.com
  22. ↑ entertainment/roopkar-cine-enterprise-to-confer-roopkar-award-to-actor-director-sanjib-hazarika-and-prominent-film-critic-utpal-dutta-assam-news-ass25010602883 ‘দুই বিশিষ্ট ব্যক্তিলৈ ২০২৩-২০২৪ বৰ্ষৰ সন্মানীয় ‘ৰূপকাৰ বঁটা’ - ROOPKAR AWARD 2023 2024’. etvbharat
  23. ↑ (2025). ‘Roopkar Awards’ presented to eminent film critic Utpal Datta and filmmaker Sanjeev Hazorika’. assamtimes
  24. ↑ (2025). ‘Roopkar Awards Honour Utpal Datta and Sanjeev Hazorika’. northeastfilmjournal
  25. ↑ (2024-01-08). Utpal Datta Unveils Captivating Anthology 'Kapurusar Tarowal' Amidst Acclaim. neindiabroadcast.com
  26. ↑ ‘Roopkar Film Festival to celebrate 100 years of Indian cinema’

সম্পৰ্কিত শ্ৰেণী

অসমীয়া আলোচনীঅসমীয়া চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰূপকাৰ” প্ৰবন্ধৰ সংশোধন ৬১৫৮২০ (৫ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।