অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

বিস্ময়

বিস্ময় অসমীয়া ভাষাত গুৱাহাটীৰ পৰা প্ৰকাশিত এখন বিনোদনধৰ্মী আলোচনী। আলোচনীখনৰ সম্পাদক শশী ফুকন। ২০১৮ চনত আলোচনীখনে ৫০ বছৰত ভৰি দিয়ে। ই অসমীয়া সাহিত্যত ৰোমাঞ্চকৰ, ৰহস্যমূলক, সত্য কাহিনী আদি প্ৰকাশৰ দিশটো প্ৰথমবাৰৰ বাবে মুকলি কৰি দিয়ে।

হালনাগাদ: ২৬ মাৰ্চ ২০২৪ ৪২২ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

বিস্ময় অসমীয়া ভাষাত গুৱাহাটীৰ পৰা প্ৰকাশিত এখন বিনোদনধৰ্মী আলোচনী। আলোচনীখনৰ সম্পাদক শশী ফুকন।১২ ২০১৮ চনত আলোচনীখনে ৫০ বছৰত ভৰি দিয়ে। ই অসমীয়া সাহিত্যত ৰোমাঞ্চকৰ, ৰহস্যমূলক, সত্য কাহিনী আদি প্ৰকাশৰ দিশটো প্ৰথমবাৰৰ বাবে মুকলি কৰি দিয়ে।৩

পৃষ্ঠভূমি

১৯৬৮ চনত শশী ফুকন গুৱাহাটীত এটা ঘৰভাৰা লৈ আছিল। তাতেই তেওঁ ভাৰা থকা ঘৰটোৰ মালিকৰ পুত্ৰ উমেশ বৈশ্যৰ পৰা এখন আলোচনী উলিওৱাৰ প্ৰস্তাব পায়। সেই মৰ্মে শশী ফুকনৰ সম্পাদনাত 'সময়' নাম দি এখন আলোচনী উলিওৱা হ'ল, য'ত অসমৰ বহুকেইজন প্ৰখ্যাত লেখকৰ লেখা প্ৰকাশ হৈছিল। কিন্তু ধনৰ অভাৱত এটা সংখ্যা উলিওৱাৰ পিছতে আলোচনীখন বন্ধ হৈ গ'ল। ইয়াৰ পিছত ন-কৈ ছপাশালৰ ব্যৱসায আৰম্ভ কৰা যোগেশ শৰ্মা নামৰ ব্যক্তি এগৰাকীয়ে আলোচনীখন ছপা কৰাৰ দায়িত্ব ল'লে। কিন্তু পূৰ্বৰ প্ৰকাশকে আলোচনীখনৰ স্বত্ব এৰি দিয়াৰ বাবদ অধিক টকাৰ দাবী কৰাত "বিস্ময়" নামেৰে ন-কৈ আলোচনী এখন উলিওৱাৰ পৰিকল্পনা কৰা হ'ল। প্ৰস্তাবিত আলোচনীখনৰ নাম কি হ'ব, সেইটো নিৰ্দ্ধাৰণ কৰিবলৈ বহুকেইটা নামৰ তালিকা লৈ শশী ফুকন তথা আলোচনীখনৰ প্ৰকাশৰ লগত জড়িত কেইজনমান ড॰ ভবেন্দ্ৰ নাথ শইকীয়াৰ ওচৰলৈ যায় আৰু তেওঁ 'বিস্ময়' নামটো বাছনি কৰি দিয়ে।৩

প্ৰথম সংখ্যা

'বিস্ময়'ৰ প্ৰথম সংখ্যাটোৰ বেটুপাত অঙ্কন কৰাৰ কথা আছিল চিত্ৰশিল্পী বেণু মিশ্ৰই। কিন্তু বেণু মিশ্ৰ সেইসময়ত চাকৰি সংক্ৰান্তত দিল্লীত থকাত শিল্পীগৰাকীয়ে অঁকা এটা জুৱেলাৰীৰ বি়জ্ঞাপন আৰু 'বিস্ময়'ৰ লেটাৰহেড দুয়োটা মিলাই এটা বেটুপাতৰ ডিজাইন তৈয়াৰ কৰা হ'ল।৩ বিস্ময়ৰ প্ৰথম সংখ্যাটোৰ সূচীপত্ৰখন আছিল এনেধৰণৰ – সুৰেন্দ্ৰকুমাৰ শৰ্মাৰ ‘বাসনাৰ ফুল’ নামৰ এখন ৰহস্য উপন্যাসৰ প্ৰথম খণ্ড, শৰৎ গোস্বামীৰ উপন্যাস ‘চিমিলি’, বিজ্ঞানভিত্তিক উপন্যাসিকা ‘গুডবাই আলফা’, যতীন্দ্ৰমোহন দস্তিদাৰৰ লেখা – ‘পুলিচ ডায়েৰী’, পবিত্ৰ কুমাৰ ডেকাৰ ‘ৰাজনৈতিক বিস্ময়’, বিজয়কৃষ্ণ দেৱশৰ্মাই অনুবাদ কৰা এইচ-জি-ৱেলচ ৰচিত ‘অন্য তৰঙ্গ’। ইয়াৰ উপৰিও ভিন্নস্বাদৰ লেখাসমূহ – ‘এটা বিস্ময়কৰ সপোন’, ‘চাৰ্লক হোমচ: বিশ্বসাহিত্যৰ এটা বিস্ময়কৰ চৰিত্ৰ’, ‘হত্যা নে আত্মহত্যা?’। লগতে আছিল 'এটা শিশুৰ কাহিনী’ শীৰ্ষক এটা লেখা আৰু চিনেমাৰ শিতান।৪ 'বিস্ময়'ৰ প্ৰথমটো সংখ্যা হাতত লৈ তদানীন্তন প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষ, সাহিত্যিক তীৰ্থনাথ শৰ্মাই এখন চিঠিত লিখিছিল যে তেওঁ কৈছিল যে ৰে’লে বাছে পঢ়িব পৰা, জেপতে লৈ ফুৰিব পৰা এখন অসমীয়া আলোচনীৰ অভাৱ আছিল। বিস্ময়ে সেই অভাৱ পূৰ কৰিলে।৩

পৰৱৰ্তী পৰ্যায়

১৯৬৯ৰ জানুৱাৰীত 'বিস্ময়'ৰ প্ৰথমটো সংখ্যা প্ৰকাশ পায়। কপি ছপোৱা হৈছিল এহেজাৰ। প্ৰথম বছৰ ই দুমাহৰৰ অন্তৰে অন্তৰে প্ৰকাশ পাইছিল। ১৯৭০ৰ জানুৱাৰীৰ পৰা ই মাহেকীয়া হয়। ক্ৰমে বিতৰণ বাঢ়ি পাঁচ হাজাৰ হৈছে। মাহেকীয়া সংখ্যা ছয়-সাতটামান ওলোৱাৰ পিছত যোগেশ শৰ্মাই আলোচনীখন ছপা কৰাৰ বাবে অপাৰগতা প্ৰকাশ কৰিলে। ইয়াৰ পিছতে ছপাৰ দায়িত্ব লয় 'নীলাচল' কাকতৰ প্ৰকাশক মুনীন্দ্ৰ নাৰায়ণ দত্তবৰুৱাই। ১৯৭৩ চনত বিস্ময়ৰ প্ৰকাশক গোষ্ঠীয়ে ভৰলুমুখত নিজাকৈ এটা সৰু প্ৰেছ বহুৱায় আৰু আলোচনীখনৰ কাৰ্যালয় তালৈ স্থানান্তৰ কৰে। সময়ৰ লগে লগে পৰিৱৰ্তন আহিল, কাৰ্যালয়ৰ স্থানো সলনি হৈ থাকিল। প্ৰথমে ব্যৱহাৰ কৰা হেণ্ড কম্পজদ মেচিনৰ পৰা অফচেট হ'ল। কম্পিউটাৰ কম্পজদ আৰম্ভ হ’ল। বিতৰণৰ সংখ্যাও বাঢ়ি বাঢ়ি ১৯৯২ চনমানত এক লাখ কপি হৈছিল। কিন্তু পিছলৈ টিভি, মোবাইল আৰু ইণ্টাৰনেটৰ আগ্ৰাসনৰ ফলত ছপামাধ্যমৰ গুৰুত্ব কমি আহিল আৰু তাৰ প্ৰভাৱ 'বিস্ময়'ৰ ওপৰতে পৰিল। আলোচনীখন প্ৰথমটো সংখ্যাৰ পৰা বৰ্তমানলৈ শশী ফুকনেই সম্পাদনা কৰি আহিছে।৩

বিস্ময়ে প্ৰচলন কৰা ধাৰা

বিস্ময়ে অসমীয়া সাহিত্যত নতুন ধাৰা প্ৰচলন কৰিছিল৷ ‘এক মিনিটৰ গল্প’ এটা তেনে উল্লেখযোগ্য ধাৰা যিটো আগলৈ বেলেগ আলোচনীতো দেখিবলৈ পোৱা গ’ল৷ তদুপৰি বিস্মিতি, পত্ৰবন্ধু, স্বাস্থ্য সম্পৰ্কীয় প্ৰশ্নোত্তৰ শিতান (নামটো??), ছায়ফিক গল্প আদি জনপ্ৰিয় আছিল৷ বুদ্ধিদীপ্ত হাস্যৰসেৰে (Wit) প্ৰশ্নৰ উত্তৰ দিয়া বিস্মিতি শিতানৰ ‘বিদূষক’ কোন আছিল— এই কথাই পাঠকৰ মাজত ৰহস্যৰ সৃষ্টি কৰিছিল৷

অসমীয়া অনুবাদ সাহিত্যত বিস্ময়ৰ ভূমিকা

বিস্ময়ে বিশ্বৰ বহু প্ৰখ্যাত উপন্যাস, গল্প আদি অনুবাদ কৰাই প্ৰকাশ কৰিছিল৷ উদাহৰণস্বৰূপে, জুল ভাৰ্ণেৰ ‘টুৱেণ্টি থাওজেণ্ড লীগ্‌ছ আণ্ডাৰ দা ছী’, মেৰিঅ’ পুজ’ৰ ‘দ্য গডফাদাৰ’, জেমছ হেডলিচেজৰ অপৰাধ গল্প কিছুমান, ৰবিন কুকৰ মেডিকেল ‘থ্ৰিলাৰ’ উপন্যাস ‘কমা’, ‘গডপ্লেয়াৰ’ আদি উল্লেখযোগ্য৷

তথ্যসূত্ৰ

  1. ↑ বিস্ময়, নৱেম্বৰ ২০১১। পৃষ্ঠা ৬
  2. ↑ অসম বিচিত্ৰা, শান্তনু কৌশিক বৰুৱা
  3. ↑ ‘বিস্ময়’ৰ সম্পাদক শ্ৰী শশী ফুকনদেৱৰ সৈতে সাক্ষাৎকাৰ
  4. ↑ জ্যোতিৰূপম দত্ত. ‘বিস্ময়’ৰ বিস্ময়কৰ যাত্ৰা – জ্যোতিৰূপম দত্ত

সম্পৰ্কিত শ্ৰেণী

অসমীয়া আলোচনী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিস্ময়” প্ৰবন্ধৰ সংশোধন ৪১৪৫৩৫ (২৬ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।