অসম ক্ৰিকেট দল অসম ৰাজ্যৰ ক্ৰিকেট দল। অসম ক্ৰিকেট সন্থাই দলটো পৰিচালনা কৰে। অসম ক্ৰিকেট দলটোৱে ২০০৯-১০ ৰ ৰঞ্জি ট্ৰফীত প্লেট গ্ৰুপৰ শীৰ্ষ স্থান দখল কৰি ছুপাৰ লীগলৈ অগ্ৰসৰ হৈছিল। তাৰ পিছৰ ছিজন সমূ্হত অসমৰ প্ৰদৰ্শন নিৰাশাজনক আছিল আৰু পুনৰ প্লেট গ্ৰুপলৈ অৱনমিত হৈছিল। ২০১২-১৩ ৰ বিজয় হাজাৰে ট্ৰফী এদিনীয়া ক্ৰিকেটত দলটোৱে অতি সুন্দৰ প্ৰদৰ্শন কৰি ৰাণাৰ্ছ আপৰ খিতাপ অৰ্জন কৰিছিল।১ ২০১৪-১৫ ৰ ৰঞ্জি ট্ৰফিত অসমে পুনৰ আকৰ্ষণীয় দলীয় প্ৰদৰ্শনেৰে গ্ৰুপ এ লৈ অগ্ৰসৰ হয়।২ ২০১৫-১৬ ৰ ৰঞ্জি ট্ৰফিত দলটোৱে উজ্জীৱিত প্ৰদৰ্শনেৰে পোন প্ৰথম বাৰৰ বাবে ছেমি ফাইনেললৈ উন্নীত হৈছিল। ৩
ঘৰুৱা খেলপথাৰ
- অসম ক্ৰিকেট সন্থা ষ্টেডিয়াম, গুৱাহাটী
- নেহৰু ষ্টেডিয়াম, গুৱাহাটী
- আমিনগাঁও ক্ৰিকেট গ্ৰাউণ্ড, আমিনগাঁও
- উত্তৰ-পূব সীমান্ত ৰেলৱে ষ্টেডিয়াম, মালিগাঁও, গুৱাহাটী
- সতীন্দ্ৰ মোহন দেৱ ষ্টেডিয়াম, শিলচৰ
- জালান আউটড'ৰ ষ্টেডিয়াম, ডিব্ৰুগড়
বিখ্যাত খেলুৱৈ
- অনুপ ঘটক
- হেমাংগ বৰুৱা
- ৰাজেশ বৰা
- গৌতম দত্ত
- পৰাগ দাস
- শুভ্ৰজিৎ শইকীয়া
- জাভেদ জামান
- চৈয়দ জাকাৰিয়া জুফ্ৰী
- মুন্না কাকতি
- অৰ্লেন কোঁৱৰ
- জাহিৰ আলম
বৰ্তমান দলটো
| নং | নাম | জন্ম তাৰিখ | বেটিং শৈলী | বলিং শৈলী | টোকা |
|---|---|---|---|---|---|
| বেট্ছমেন | |||||
| ঋষভ দাস | ১৬ ডিচেম্বৰ ১৯৮৯ | সোঁহতীয়া | সোঁহতীয়া অফ ব্ৰে'ক | ||
| পল্লৱ কুমাৰ দাস | ১৭ জানুৱাৰী ১৯৯০ | বাওঁহতীয়া | সোঁহতীয়া মেডিয়াম | ||
| পাৰভেজ আজিজ | ৮ ডিচেম্বৰ ১৯৮৭ | বাওঁহতীয়া | বাওঁহতীয়া শ্ল' | ||
| অমিত সিনহা | ২৬ নৱেম্বৰ ১৯৮৮ | সোঁহতীয়া | লেগ ব্ৰে'ক | অধিনায়ক | |
| গকুল শৰ্মা | ১৫ ফেব্ৰুৱাৰী ১৯৮৬ | সোঁহতীয়া | সোঁহতীয়া অফ ব্ৰে'ক | ||
| শিৱশংকৰ ৰয় | ১০ অক্টোবৰ ১৯৯০ | বাওঁহতীয়া | সোঁহতীয়া অফ ব্ৰে'ক | ||
| ৰিয়ান পৰাগ | ১০ নৱেম্বৰ ২০০১ | সোঁহতীয়া | সোঁহতীয়া অফ ব্ৰে'ক | ||
| ৰ'মাৰিঅ' শৰ্মা | ১৯ ডিচেম্বৰ ১৯৯৪ | বাওঁহতীয়া | সোঁহতীয়া অফ ব্ৰে'ক | ||
| অল-ৰাউণ্ডাৰ | |||||
| স্বৰূপম পুৰকায়স্থ | ১৫ ছেপ্তেম্বৰ ১৯৮৯ | সোঁহতীয়া | সোঁহতীয়া অফ ব্ৰে'ক | ||
| উইকেটৰক্ষক | |||||
| ৱাছিকুৰ ৰহমান | ২৯ ডিচেম্বৰ ১৯৯৪ | সোঁহতীয়া | |||
| কুণাল শইকীয়া | ১৯ জুন ১৯৮৮ | সোঁহতীয়া | |||
| পেচ বলাৰ | |||||
| আবু নেচিম | ৫ নৱেম্বৰ ১৯৮৮ | সোঁহতীয়া | সোঁহতীয়া ফাষ্ট-মেডিয়াম | ||
| ৰঞ্জিত মালী | ৫ নৱেম্বৰ ১৯৮৮ | সোঁহতীয়া | সোঁহতীয়া ফাষ্ট-মেডিয়াম | ||
| অৰূপ দাস | ২৭ জুলাই ১৯৯১ | সোঁহতীয়া | সোঁহতীয়া ফাষ্ট-মেডিয়াম | ||
| কৃষ্ণ দাস | ১২ অক্টোবৰ ১৯৯০ | সোঁহতীয়া | সোঁহতীয়া ফাষ্ট-মেডিয়াম | ||
| প্ৰীতম দাস | ১৬ অক্টোবৰ ১৯৮৮ | সোঁহতীয়া | সোঁহতীয়া ফাষ্ট-মেডিয়াম | ||
| মৃণ্ময় দত্ত | ২৪ নৱেম্বৰ ১৯৯৮ | বাওঁহতীয়া | বাওঁহতীয়া ফাষ্ট-মেডিয়াম | ||
| মুখতাৰ হুছেইন | ১১ জানুৱাৰী ১৯৯৯ | সোঁহতীয়া | সোঁহতীয়া ফাষ্ট-মেডিয়াম | ||
| স্পিন বলাৰ | |||||
| ৰাহুল সিং | ১৩ ছেপ্তেম্বৰ ১৯৯৭ | সোঁহতীয়া | বাওঁহতীয়া শ্ল' | ||
| জিতুমণি কলিতা | ১০ অক্টোবৰ ২০০০ | সোঁহতীয়া | লেগ ব্ৰে'ক |
বৰ্তমানৰ কাৰিকৰী ষ্টাফ
- মুখ্য প্ৰশিক্ষক: অজয় ৰাট্ৰা
- প্ৰশিক্ষক: ষ্টুৱাৰ্ট বিন্নী
- প্ৰশিক্ষক: সলিল সিনহা
- ট্ৰেইনাৰ: ভাস্কৰ বৰা
- ফিজিঅ': কৌস্তভ ভৰদ্বাজ
- ভিডিঅ' এনালিষ্ট: ৰাজেশ শৰ্মা
বাহ্যিক সংযোগ
- Cricinfo's Complete History of the Indian Domestic Competitions
- Ranji Trophy 2006/7 Batting Averages
- Ranji Trophy One Day 2006/7 Batting Averages
- Inter State Twenty20 Tournament 2006/7 Batting Averages
তথ্যসূত্ৰ
- ↑ Assam reach first Vijay Hazare final. espncricinfo.com
- ↑ Team unity behind Assam's remarkable season. cricbuzz.com
- ↑ Assam relaxed ahead of maiden semi-final. cricinfo.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসম ক্ৰিকেট দল” প্ৰবন্ধৰ সংশোধন ৪০২৮১৯ (১৯ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।