অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

ৰাষ্ট্ৰীয় যোগ্যতা আৰু প্ৰৱেশ পৰীক্ষা (স্নাতক)

ৰাষ্ট্ৰীয় যোগ্যতা আৰু প্ৰৱেশ পৰীক্ষা (স্নাতক) (National Eligibility cum Entrance Test (Undergraduate) বা NEET (UG)) হৈছে ভাৰতত চিকিৎসা বিজ্ঞান ভিত্তিক অধ্যয়নৰ বাবে অনুষ্ঠিত প্ৰৱেশ পৰীক্ষা। পূৰ্বে ইয়াক অল ইণ্ডিয়া প্ৰি-মেডিকেল টেষ্ট (এআইপিএমটি) নামেৰে জনা গৈছিল।

হালনাগাদ: ২৪ জুন ২০২৬ ৯৬৩ শব্দ · ৫ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

ৰাষ্ট্ৰীয় যোগ্যতা আৰু প্ৰৱেশ পৰীক্ষা (স্নাতক) (National Eligibility cum Entrance Test (Undergraduate) বা NEET (UG)) হৈছে ভাৰতত চিকিৎসা বিজ্ঞান ভিত্তিক অধ্যয়নৰ বাবে অনুষ্ঠিত প্ৰৱেশ পৰীক্ষা। পূৰ্বে ইয়াক অল ইণ্ডিয়া প্ৰি-মেডিকেল টেষ্ট (এআইপিএমটি) নামেৰে জনা গৈছিল। এই পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলে এমবিবিএছ, বিডিএছ, আয়ুছ আদি ডিগ্ৰী লাভ কৰিবলৈ কলেজত নামভৰ্তিৰ যোগ্যতা অৰ্জন কৰে।১

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা (এনটিএ)ৰ দ্বাৰা এই পৰীক্ষা পৰিচালিত হয়, যিয়ে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অধীনত স্বাস্থ্য সেৱা সঞ্চালকালয় আৰু ৰাজ্যিক পৰামৰ্শ কৰ্তৃপক্ষক আসন আবণ্টনৰ বাবে ফলাফল প্ৰদান কৰে।২

ৰাজ্য আৰু বিভিন্ন চিকিৎসা মহাবিদ্যালয়ৰ দ্বাৰা অনুষ্ঠিত হোৱা অল ইণ্ডিয়া প্ৰি মেডিকেল টেষ্ট (এআইপিএমটি) আৰু আন বহুতো প্ৰি-মেডিকেল পৰীক্ষাৰ ঠাইত নীট-ইউজিয়ে স্থান লাভ কৰে। কিন্তু পৰীক্ষাৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ বাবে ২০১৪ আৰু ২০১৫ চনত পৰীক্ষা অনুষ্ঠিত কৰিব পৰা নগ’ল।

নীট-ইউজি হৈছে সমগ্ৰ ভাৰতৰ এমবিবিএছ আৰু বিডিএছ কলেজত নামভৰ্তিৰ বাবে অনুষ্ঠিত একক প্ৰৱেশ পৰীক্ষা।৩ পঞ্জীয়নভুক্ত আবেদনকাৰীৰ ক্ষেত্ৰত নীট-ইউজি ভাৰতৰ অন্যতম বৃহৎ পৰীক্ষা।৪

২০১৯ চনৰ ছেপ্টেম্বৰ মাহত এনএমচি আইন ২০১৯ প্ৰণয়ন হোৱাৰ পিছত নীট-ইউজি ভাৰতৰ সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান (এইমছ) আৰু জৱাহৰলাল স্নাতকোত্তৰ চিকিৎসা শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান (জিপমাৰ)কে ধৰি ভাৰতৰ চিকিৎসা মহাবিদ্যালয়সমূহত নামভৰ্তিৰ একমাত্ৰ প্ৰৱেশ পৰীক্ষা হিচাপে পৰিগণিত হয়। উক্ত অনুষ্ঠানবোৰে ইয়াৰ আগলৈকে পৃথক পৃথক পৰীক্ষা অনুষ্ঠিত কৰিছিল।৫

ইতিহাস

দেশজুৰি নীট (ইউজি) কাৰ্যকৰী হোৱাৰ পূৰ্বে ৰাজ্যসমূহে নিজাকৈ প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰিছিল আৰু এইমছ, জিপমেৰ, আইএমএছ-বিএইচইউ, কেএমচি মণিপাল এণ্ড মেংগালোৰ, চিএমচি ভেলোৰ আদি একাংশ সন্মানীয় চিকিৎসা মহাবিদ্যালয়ে নিজাকৈ প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰিছিল।

প্ৰথমতে ২০১২ চনৰ পৰা নীট অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ দিয়া হৈছিল।৬ কিন্তু কেইবাটাও কাৰণত চিবিএছই আৰু মেডিকেল কাউন্সিল অৱ ইণ্ডিয়াই নীটক এবছৰ পিছুৱাই দিলে।৭ ভাৰত চৰকাৰে ঘোষণা কৰা এই পৰীক্ষাটো স্নাতক আৰু স্নাতকোত্তৰ চিকিৎসা বিজ্ঞানৰ নামভৰ্তি বিচৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ২০১৩ চনৰ ৫ মে’ত প্ৰথমবাৰৰ বাবে সমগ্ৰ ভাৰতবৰ্ষত অনুষ্ঠিত হয়।৮ ২০১৩ চনৰ ১৮ জুলাইত উচ্চতম ন্যায়ালয়ে ১১৫খন আবেদনৰ সপক্ষে ৰায়দান কৰি নীট পৰীক্ষা বাতিল কৰি ঘোষণা কৰে যে কলেজসমূহে কৰা নামভৰ্তি প্ৰক্ৰিয়াত এমচিআইয়ে হস্তক্ষেপ কৰিব নোৱাৰে।

ভাৰতীয় চিকিৎসা পৰিষদে ২০১২ চনত নীট-ইউজি পৰীক্ষা প্ৰৱৰ্তন কৰিব বুলি ঘোষণা কৰাৰ পিছতে অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, গুজৰাট, পশ্চিম বংগ আৰু তামিলনাডুকে ধৰি কেইবাখনো ৰাজ্যই এই পৰিৱৰ্তনৰ তীব্ৰ বিৰোধিতা কৰে আৰু এমচিআইয়ে প্ৰস্তাৱ কৰা পাঠ্যক্ৰম আৰু তেওঁলোকৰ ৰাজ্যিক পাঠ্যক্ৰমত বিশাল তাৰতম্য থকা বুলি কয়।৯ নীট ২০১৬ চনত ইংৰাজী আৰু হিন্দী ভাষাত অনুষ্ঠিত হ’লেও ২০১৭ চনৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে তামিল, তেলেগু, মাৰাঠী, বাংলা, অসমীয়া আৰু গুজৰাটী ভাষাত পৰীক্ষা লিখিব পাৰিব বুলি ঘোষণা কৰা হৈছিল।১০ এই তালিকাত কন্নড় আৰু ওড়িয়া ভাষা সংযোজন কৰা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে নটা ভাৰতীয় ভাষা আৰু ইংৰাজীত পৰীক্ষা লিখিব পাৰে।১১ ভাৰতৰ উচ্চতম ন্যায়ালয়ে ২০১৩ চনৰ ১৮ জুলাইত সকলো চিকিৎসা আৰু দন্ত চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তিৰ বাবে ৰাষ্ট্ৰীয় যোগ্যতা আৰু প্ৰৱেশ পৰীক্ষা (নীট) বাতিল কৰে। উচ্চতম ন্যায়ালয়ে ৰায় দিয়ে যে ভাৰতীয় চিকিৎসা পৰিষদে ঐক্যবদ্ধ পৰীক্ষা কৰিব নোৱাৰে।১২

চিবিএছইৰ ২০১৩ চনৰ ঘোষণা অনুসৰি১৩ ২০১৪ চনৰ ৪ মে’ত চিবিএছইয়ে এআইপিএমটি অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছিল।১৪ ভাৰত উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পিছত নীট ইউজি সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱাৰ পৰিকল্পনা কৰা হৈছিল।

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে নীট-ইউজিৰ ফলাফল আৰু সৰ্বভাৰতীয় মেৰিট তালিকা ঘোষণা কৰে। ভাৰতৰ উচ্চতম ন্যায়ালয়, ডি জি এইচ এছ, এম চি আই আৰু ডি চি আইৰ নিৰ্দেশনা অনুসৰি মেধা তালিকা আৰু অপেক্ষাৰ তালিকা প্ৰস্তুত কৰা হয়। ৫ জুনত ঘোষণা কৰা হৈছিল ২০১৩ চনৰ ফলাফল।১৫

ভাৰতৰ উচ্চতম ন্যায়ালয়ে ২০১৩ চনত নীটক অবৈধ আৰু অসাংবিধানিক বুলি ঘোষণা কৰিছিল।কিন্তু ২০১৬ চনৰ ১১ এপ্ৰিলত পাঁচজনীয়া সংবিধান বিচাৰপীঠে পূৰ্বৰ ৰায় পুনৰ ঘূৰাই আনি কেন্দ্ৰীয় চৰকাৰ আৰু ভাৰতীয় চিকিৎসা পৰিষদক অনুমতি দিয়াৰ পিছত নীট পুনৰুদ্ধাৰ কৰা হয়। আদালতে ইয়াৰ বৈধতাৰ বিষয়ে নতুনকৈ সিদ্ধান্ত নোলোৱালৈকে সাধাৰণ প্ৰৱেশ পৰীক্ষা কাৰ্যকৰী কৰা।

প্ৰথম পৰ্যায়ৰ পৰীক্ষা (২০১৬)

২০১৬ চনৰ ১ মে’ত অনুষ্ঠিত হোৱা অল ইণ্ডিয়া প্ৰি মেডিকেল টেষ্ট, যাক এআইপিএমটি বুলিও কোৱা হয়, নীটৰ প্ৰথম পৰ্যায় হিচাপে গণ্য কৰা হৈছিল। প্ৰথম পৰ্যায়ৰ বাবে পঞ্জীয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলক ২০১৬ চনৰ ২৪ জুলাইত অনুষ্ঠিত হোৱা পৰৱৰ্তী পৰ্যায়ৰ নীটত হাজিৰ হোৱাৰ সুযোগ দিয়া হৈছিল, কিন্তু এই চৰ্তত যে প্ৰাৰ্থীসকলে নীট ১ম পৰ্যায় নম্বৰ এৰিব লাগিব।১৬ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুযায়ী উপৰোক্ত তাৰিখসমূহ প্ৰকাশিত হৈছিল।১৭

পৰীক্ষাৰ আৰ্হি আৰু গাঁথনি

পৰীক্ষাত মুঠ ১৮০টা প্ৰশ্ন কৰা হৈছে, ৪৫টাকৈ প্ৰশ্ন হৈছে পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, উদ্ভিদ বিজ্ঞান আৰু প্ৰাণীবিজ্ঞানৰ। প্ৰতিটো শুদ্ধ সঁহাৰিয়ে ৪ টা নম্বৰ আহে আৰু প্ৰতিটো ভুল সঁহাৰিয়ে -১ টা ঋণাত্মক চিহ্ন লাভ কৰে। পৰীক্ষাৰ সময়সীমা ৩ ঘণ্টা ২০ মিনিট (২০০ মিনিট)। পৰীক্ষাত ৭২০ নম্বৰ (সৰ্বোচ্চ নম্বৰ)।

২০২১ চনৰ পৰা প্ৰশ্নকাকতৰ আৰ্হিত যথেষ্ট পৰিৱৰ্তন ঘটিছে। শেহতীয়া গঠনত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, উদ্ভিদবিজ্ঞান আৰু প্ৰাণীবিজ্ঞান চাৰিওটা বিষয়তে দুটা খণ্ড অৰ্থাৎ ক আৰু খ অন্তৰ্ভুক্ত কৰা হৈছে। ক খণ্ডত ৩৫টা বাধ্যতামূলক প্ৰশ্ন আছে, আনহাতে খ খণ্ডত ১৫টা প্ৰশ্ন আছে, ইয়াৰে ১০টা প্ৰশ্নৰ উত্তৰ দিব লাগে, যাৰ ফলত মুঠ ২০০টা প্ৰশ্নৰ সৃষ্টি হয়, য’ত ১৮০টা প্ৰশ্নৰ উত্তৰ দিব পাৰি।২

পাঠ্যক্ৰম

নীট (ইউজি) পাঠ্যক্ৰমত এনচিইআৰটিৰ দ্বাৰা নিৰ্ধাৰিত একাদশ আৰু দ্বাদশ শ্ৰেণীত পঢ়োৱা পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু জীৱবিজ্ঞানৰ মূল ধাৰণাসমূহ থাকে।১৮

সংগঠক সংস্থা

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাক সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে ন’ডেল এজেঞ্চী হিচাপে গঢ়ি তোলা হৈছে আৰু ২০১৯ চনৰ পৰা ই নীট (ইউজি) অনুষ্ঠিত কৰে। এনটিএ স্থাপনৰ আগতে ২০১৩ ৰ পৰা ২০১৮ ৰ ভিতৰত কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে নীট পৰিচালনা কৰিছিল।১৯২০

বিৰোধ

বিশেষকৈ তামিলনাডু ৰাজ্যৰ পৰা একাংশ সত্তাই নীট প্ৰৱৰ্তনৰ বিৰোধিতা কৰিছিল। এআইএডিএমকে আৰু শাসকীয় ডিএমকেকে ধৰি ৰাজ্যখনত প্ৰতিনিধিত্ব কৰা প্ৰধান ৰাজনৈতিক দলসমূহৰ অধিকাংশই একাধিক ভিত্তিত এই পৰীক্ষাৰ বিৰুদ্ধে প্ৰতিৰোধ প্ৰকাশ কৰিছে।২১

বছৰ অনুসৰি আবেদনকাৰীৰ সংখ্যা

বছৰপৰীক্ষাৰ তাৰিখপঞ্জীয়নভুক্ত প্ৰাৰ্থীৰ সংখ্যাউপস্থিত প্ৰাৰ্থীৰ সংখ্যাপ্ৰসংগ প্ৰতিবেদন
২০১৩৫ মে’ ২০১৩৭১৭,১২৭৬৫৮,০৪০২২
২০১৪পৰীক্ষা অনুষ্ঠিত নহ’ল (তাৰ পৰিৱৰ্তে এআইপিএমটি অনুষ্ঠিত হ’ল)
২০১৫
২০১৬১ মে’ ২০১৬ (প্ৰথম পৰ্যায়)৮০২,৫৯৪৭৩১,২৩৩২৩
২৪ জুলাই ২০২১ (দ্বিতীয় পৰ্যায়)
২০১৭৭ মে’ ২০১৭১,১৩৮,৮৯০১,০৯০,০৮৫২৪
২০১৮৬ মে’ ২০১৮১,৩২৬,৭২৫১,২৬৯,৯২২২৫
২০১৯৫ মে' ২০১৯১,৫১৯,৩৭৫১,৪১০,৭৫৫২৬
২০২০১৩ ছেপ্টেম্বৰ ২০২০*১,৫৯৭,৪৩৫১,৩৬৬,৯৪৫২৭
২০২১১২ ছেপ্টেম্বৰ ২০২১*১,৬১৪,৭৭৭১,৫৪৪,২৭৫২৮
২০২২১৭ জুলাই ২০২২*১,৮৭২,৩৪৩১,৭৬৪,৫৭১২৯৩০
২০২৩৭ মে’ ২০২৩২,০৮৭,৪৬২২,০৩৮,৫৯৬৩১৩২
২০২৪৫ মে’ ২০২৪

পৰীক্ষাৰ কাটঅফ

শ্ৰেণীনূন্যতম অৰ্হতা শতাংশ
২০১৯ চনৰ হিচাপ অনুসৰি
অসংৰক্ষিত (ইউআৰ)৫০তম শতাংশ
অসংৰক্ষিত পিএইচ (ইউআৰ-পিএইচ)৪৫তম শতাংশ
অনুসূচিত জাতি (এছচি)৪০তম শতাংশ
অনুসূচীত জনজাতি (এছটি)৪০তম শতাংশ
অন্যান্য পিছপৰা শ্ৰেণী (অ'বিচি)৪০তম শতাংশ
এছচি-পিএইচ৪০তম শতাংশ
এছটি-পিএইচ৪০তম শতাংশ
অ'বিচি-পিএইচ৪০তম শতাংশ

মহাবিদ্যালয়সমূহ

উচ্চতম ন্যায়ালয় আৰু এন এম চি আইন ২০১৯ৰ নিৰ্দেশ অনুসৰি সমগ্ৰ ভাৰততে চিকিৎসা আৰু দন্ত চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তিৰ বাবে একক চিকিৎসা প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰা হৈছে। নীট (ইউজি)ত পোৱা অল ইণ্ডিয়া ৰেংকৰ ওপৰত ভিত্তি কৰি মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহে নিজাববীয়াকৈ চিকিৎসা প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰিব আৰু ছাত্ৰ-ছাত্ৰীক গ্ৰহণ কৰিব নোৱাৰিব। ফলাফল ঘোষণাৰ পিছত প্ৰতিজন প্ৰাৰ্থীক সৰ্বভাৰতীয় ৰেংক (এআইআৰ) আবণ্টন দিয়া হয় আৰু মেধা তালিকা প্ৰকাশ কৰা হয়। ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে৩৩ ১৫% ৰাজ্যিক আসন, কেন্দ্ৰীয় প্ৰতিষ্ঠান আৰু গণ্য বিশ্ববিদ্যালয়ৰ বাবে পৰামৰ্শ (মেৰিট আৰু প্ৰাৰ্থীৰ পছন্দ অনুসৰি আসন আবণ্টন) কৰে। বাকী ৮৫% ৰাজ্যিক কোটা আসন আৰু ব্যক্তিগত মহাবিদ্যালয়ৰ কাউন্সেলিং নিজ নিজ ৰাজ্যৰ মেডিকেল ব’ৰ্ডে কৰে। ৰাজ্যসমূহে নীট-ইউজি ফলাফলৰ ভিত্তিত নিজৰ পৃথক মেৰিট তালিকা প্ৰস্তুত কৰে। ২০২২ চনলৈকে নীটৰ অধীনত আগবঢ়োৱা মুঠ আসনৰ সংখ্যা হৈছে ১৭৭,১২৬খন (এমবিবিএছৰ বাবে ১,০৬,৩৩৩খন, বিডিএছৰ বাবে ২৭,৮৬৮খন, আয়ুছৰ বাবে ৫০,৭২০খন আৰু বিভিএছচিৰ বাবে ৫২৫খন)।৩৪

মহাবিদ্যালয়প্ৰস্তাৱিত আসনৰ সংখ্যা
এমবিবিএছ মহাবিদ্যালয়১,০৬,৩৩৩৩৫
বিডিএছ মহাবিদ্যালয়২৭,৮৬৮৩৬
আয়ুষ মহাবিদ্যালয়৫০,৭২০
বিভিএছচি মহাবিদ্যালয়৫২৫
সকলো মহাবিদ্যালয়১৭৭,০৭৬

লগতে চাওক

  • কেপিটেচন মাচুল
  • কম্পলছৰী ৰোটেটিং মেডিকেল ইন্টাৰশ্বিপ
  • বিদেশী চিকিৎসা বিজ্ঞানৰ স্নাতকসকলৰ বাবে শিক্ষা আয়োগ
  • জে ই ই – মেইন
  • জুনিয়ৰ বিজ্ঞান প্ৰতিভা সন্ধান পৰীক্ষা
  • ভাৰতীয় চিকিৎসা পৰিষদ
  • মেডিকেল কাউন্সিল অৱ ইণ্ডিয়া স্ক্ৰীনিং টেষ্ট
  • এছ অনিতাৰ আত্মহত্যা
  • ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ

তথ্যসূত্ৰ

  1. ↑ (1 March 2018). Medical Council of India Notification. Medical Council of India
  2. ↑ NEET-FAQ. National Testing Agency (NTA)
  3. ↑ One from Tamil Nadu in top 50 in NEET. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  4. ↑ CUET now 2nd biggest entrance exam in India. The Times of India
  5. ↑ Sharma, Neetu Chandra. (4 October 2019). Common NEET under graduate exam from 2020-21 as per NMC Act: Centre. Livemint
  6. ↑ (26 September 2011). NEET UG Likely to be Held in May 2012. careermitra.com
  7. ↑ (12 December 2011). NEET UG 2012 Cancelled – It's Official. careermitra.com
  8. ↑ (17 October 2011). MCI rules out vernacular language medium for NEET. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  9. ↑ (1 November 2011). AP, West Bengal, Maharashtra, Gujarat Strongly Oppose NEET UG. careermitra.com
  10. ↑ Now NEET 2017 in Gujarati language too!. India Today. Ist
  11. ↑ Thacker, Teena. (21 January 2017). Odia, Kannada added to NEET list after furore. The Asian Age
  12. ↑ News18.com: CNN-News18 Breaking News India, Latest News Headlines, Live News Updates. News18
  13. ↑ CBSE - Central Board of Secondary Education
  14. ↑ CBSE to conduct All India Pre Medical Entrance Test (AIPMT) on 04, May 2014*. careermitra.com
  15. ↑ National Eligibility cum Entrance Test - NEET UG, 2013 Results. Central Board of Secondary Education
  16. ↑ (9 May 2016). SC opens NEET 2016 phase 2 for all; scraps state level medical entrance exams. medicine.careers360.com
  17. ↑ Supreme Court orders common entrance test for MBBS, BDS and PG courses through NEET - Times of India. The Times of India
  18. ↑ Final Syllabus for NEET UG Entrance Examination for admission to MBBS. Medical Council of India
  19. ↑ National Eligibility cum-Entrance Test to roll out from 2013 - Times of India. The Times of India
  20. ↑ National Eligibility and Entrance Test-UG - Medical Council of India. mciindia.org
  21. ↑ Soniya Agrawal. (19 September 2021). Why Tamil Nadu is not the first state to oppose NEET since implementation. ThePrint
  22. ↑ (2017-08-10). NEET(UG) 2013 Press Release
  23. ↑ (2022-06-27). NEET(UG) 2016 Press Release
  24. ↑ (2022-06-27). NEET(UG) 2017 Press Release
  25. ↑ (2018-06-05). NEET 2018(UG) Press Release
  26. ↑ (2022-06-19). NEET(UG) 2019 Press Release
  27. ↑ (2022-02-15). NEET(UG) 2020 Press Release
  28. ↑ (2021-11-02). NEET(UG) 2021 Press Release
  29. ↑ Manash Pratim Gohain. (May 27, 2022). NEET-UG registrations up 2.6 lakh this year, cross 18 lakh · India News - Times of India. The Times of India
  30. ↑ (2022-09-08). NEET(UG) 2022 Press Release
  31. ↑ (2023-04-20). At 20 lakh+, NEET-UG records all-time high registration. The Times of India
  32. ↑ (2023-06-13). NTA Declares the Result/NTA Scores/Rank of National Eligibility cum Entrance Test (UG) – 2023. National Testing Agency
  33. ↑ (2020-09-25). Medical education in India: MCI dissolved, new regulator from today. mint
  34. ↑ Manash Pratim Gohain. (May 27, 2022). NEET-UG registrations up 2.6 lakh this year, cross 18 lakh · India News - Times of India. The Times of India
  35. ↑ List of College Teaching MBBS · NMC
  36. ↑ Dental Council of India. dciindia.gov.in

সম্পৰ্কিত শ্ৰেণী

চিকিৎসা বিজ্ঞানভাৰতৰ শিক্ষা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাষ্ট্ৰীয় যোগ্যতা আৰু প্ৰৱেশ পৰীক্ষা (স্নাতক)” প্ৰবন্ধৰ সংশোধন ৬১৪১২০ (২৪ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।