ভাৰতৰ শিক্ষা
২০ প্ৰবন্ধ
-
অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ
অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ অসম চৰকাৰৰ অধীনৰ এক ৰাজ্যিক শিক্ষা পৰিষদ, যিয়ে অসমত ১০+২ পৰ্যায়ৰ উচ্চতৰ মাধ্যমিক শিক্ষাৰ নিয়ন্ত্ৰণ আৰু বিকাশৰ দায়িত্ব পালন কৰে। ই উচ্চতৰ মাধ্যমিক বিদ্যালয় শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰি উত্তীৰ্ণ শিক্ষাৰ্থীক প্ৰমাণপত্ৰ প্ৰদান কৰে।
-
অসম মাধ্যমিক শিক্ষা পৰিষদ
অসম মাধ্যমিক শিক্ষা পৰিষদ (Secondary Education Board of Assam) (SEBA) অসমৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়সমূহক স্বীকৃতি প্ৰদান, বিদ্যালয়সমূহত উন্নত মানৰ শিক্ষাৰ নিশ্চিতকৰণ আৰু পৰীক্ষা আয়োজনৰ কৰ্তৃত্ব থকা ৰাজ্যিক পৰ্যায়ৰ এক পৰিষদ আছিল।
-
সংঘ লোক সেৱা আয়োগ
সংঘ লোক সেৱা আয়োগ হৈছে ভাৰত চৰকাৰৰ দ্বাৰা স্থাপিত কেন্দ্ৰীয় সংস্থা যি অসামৰিক সেৱা পৰীক্ষা, অভিযান্ত্ৰিক সেৱা পৰীক্ষা, চিকিৎসা সেৱা পৰীক্ষা, ৰাষ্ট্ৰীয় সামৰিক একাডেমী পৰীক্ষা (এন ডি এ) আদি গুৰুত্বপূৰ্ণ পৰীক্ষা অনুষ্ঠিত কৰে।
-
মুম্বাই বিশ্ববিদ্যালয়
অনানুষ্ঠানিকভাৱে মুম্বাই বিশ্ববিদ্যালয় (MU) নামে জনাজাত মুম্বাই বিশ্ববিদ্যালয় ভাৰতৰ মহাৰাষ্ট্ৰৰ মুম্বাইত অৱস্থিত এখন ৰাজহুৱা আৰু চৰকাৰী বিশ্ববিদ্যালয়।
-
লেডী শ্ৰী ৰাম কলেজ
লেডী শ্ৰী ৰাম কলেজ (Lady Shri Ram College) হৈছে দিল্লী বিশ্ববিদ্যালয়ৰ অধীনস্থ এখন মহিলা মহাবিদ্যালয়।
-
সৰ্বশিক্ষা অভিযান
সৰ্বশিক্ষা অভিযান হৈছে ভাৰতত প্ৰচলিত এক শৈক্ষিক আঁচনি। নিৰ্দিষ্ট "সময়সীমাৰ ভিতৰত" প্ৰাথমিক শিক্ষাৰ সৰ্বজনীনকৰণৰ লক্ষ্যৰে ভাৰত চৰকাৰে এই কাৰ্যসূচী গ্ৰহণ কৰিছিল।
-
শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯
শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন অথবা শিক্ষাৰ অধিকাৰ আইন (চমুকৈ RTE) ২০০৯ চনৰ ৪ আগষ্টত ভাৰতীয় সংসদে প্ৰণয়ন কৰা এখন আইন। ২০১০ চনত আইনখন বলৱৎ হোৱাৰ লগে লগে প্ৰতিজন শিশুৰ বাবে শিক্ষাক মৌলিক অধিকাৰ গণ্য কৰা ১৩৫খন দেশৰ ভিতৰত ভাৰতো এখন হিচাপে পৰিগণিত হয়।
-
অংগনবাদী
অংগনবাদী (Anganwadi) হৈছে ভাৰতৰ এক প্ৰকাৰৰ গ্ৰাম্য শিশু যত্ন কেন্দ্ৰ। শিশুৰ ক্ষুধা আৰু পুষ্টিহীনতাৰ বিৰুদ্ধে যুঁজিবলৈ ইণ্টিগ্ৰেটেড চাইল্ড ডেভেলপমেণ্ট চাৰ্ভিচেছ কাৰ্যসূচীৰ অংশ হিচাপে ভাৰত চৰকাৰে ১৯৭৫ চনত এই কাৰ্যসূচী আৰম্ভ কৰিছিল। হিন্দী ভাষাত অংগনবাদী বা অংগনৱাড়ীৰ অৰ্থ হৈছে ‘চোতালৰ আশ্ৰয়’।
-
আলিয়া বিশ্ববিদ্যালয়
আলিয়া বিশ্ববিদ্যালয় ভাৰতৰ পশ্চিম বংগৰ নিউ টাউনত অৱস্থিত এখন ৰাজহুৱা ৰাজ্যিক বিশ্ববিদ্যালয়। পূৰ্বতে মহম্মদ কলেজ অৱ কলিকতা নামেৰে জনাজাত আছিল, ২০০৮ চনত ইয়াক বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হয়।
-
ৰাষ্ট্ৰীয় যোগ্যতা আৰু প্ৰৱেশ পৰীক্ষা (স্নাতক)
ৰাষ্ট্ৰীয় যোগ্যতা আৰু প্ৰৱেশ পৰীক্ষা (স্নাতক) (National Eligibility cum Entrance Test (Undergraduate) বা NEET (UG)) হৈছে ভাৰতত চিকিৎসা বিজ্ঞান ভিত্তিক অধ্যয়নৰ বাবে অনুষ্ঠিত প্ৰৱেশ পৰীক্ষা। পূৰ্বে ইয়াক অল ইণ্ডিয়া প্ৰি-মেডিকেল টেষ্ট (এআইপিএমটি) নামেৰে জনা গৈছিল।
-
ভাৰতৰ শিক্ষা
ভাৰতীয় উচ্চ শিক্ষা: পৰিবৰ্তন আৰু প্ৰত্যাহ্বান: স্বাধীনতা-উত্তৰ ভাৰতত উচ্চ শিক্ষাই বহু পৰিবৰ্তনৰ মাজেদি বৰ্তমানৰ অবস্থা পাইছেহি আৰু যোৱা দশকত এই পৰিবৰ্তনৰ হাৰ আগতকৈ বেছি আছিল।
-
ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান
ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান (National Mission for Secondary Education) হৈছে সমগ্ৰ ভাৰতৰ ৰাজহুৱা বিদ্যালয়সমূহত মাধ্যমিক শিক্ষাৰ বিকাশৰ বাবে ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ কেন্দ্ৰীয়ভাৱে পৃষ্ঠপোষকতাৰ এখন আঁচনি (centrally sponsored scheme)।
-
অবিৰত আৰু বোধগম্য মূল্যায়ন
অবিৰত আৰু বোধগম্য মূল্যায়ন (Continuous and Comprehensive Evaluation, চমুকৈ CCE) হ'ল কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ দ্বাৰা ভাৰতৰ ৬ষ্ঠৰ পৰা ১০ম পৰ্যায়ৰ শিক্ষাৰ্থী সকলৰ বাবে প্ৰবৰ্তন কৰা এটা নতুন শিক্ষা পদ্ধতি।
-
আল-আমিন এডুকেশ্বনেল চ’ছাইটি
আল-আমিন এডুকেশ্যনেল ছ’চাইটি ১৯৬৬ চনত সংখ্যালঘু মুছলমান সম্প্ৰদায়ৰ শিক্ষাৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ বাংগালুৰু চহৰত আৰম্ভ কৰা হৈছিল। মুমতাজ আহমেদ খান আল-আমিন এডুকেচনেল ছ'চাইটিৰ প্ৰতিষ্ঠাপক।
-
এডুকেট গাৰ্লছ
এডুকেট গাৰ্লছ (Educate Girls ) হৈছে ভাৰতৰ এটা অলাভজনক সংস্থা, ২০০৭ চনত প্ৰতিষ্ঠা, ছফীনা হুছেইনৰ দ্বাৰা প্ৰতিষ্ঠা, যিয়ে ভাৰতৰ গ্ৰাম্য আৰু শৈক্ষিকভাৱে পিছপৰা অঞ্চলত জনগোষ্ঠীক সংগঠিত কৰি ছোৱালীৰ শিক্ষাৰ দিশত কাম কৰে। বৰ্তমান এই সংস্থা ৰাজস্থান আৰু মধ্যপ্ৰদেশৰ ১৩,০০০ৰো অধিক গাঁৱত কাম কৰি আছে।
-
চিকিৎসা শিক্ষা সঞ্চালকালয়, অসম
চিকিৎসা শিক্ষা সঞ্চালকালয়,অসম (Directorate of Medical Education,Assam) ১৯৮৪ চনত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, অসম চৰকাৰৰ অধীনত প্ৰতিষ্ঠা হোৱা এখন স্বতন্ত্ৰ পৰিষদ।
-
প্ৰেৰণা গাৰ্লছ স্কুল
প্ৰেৰণা গাৰ্লছ স্কুল'(প্ৰেৰণা ছোৱালী বিদ্যালয়) হৈছে ভাৰতৰ উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ অসুবিধাগ্ৰস্ত ছোৱালীৰ বাবে এখন ব্যক্তিগত, কম খৰচী, কে-১২ বিদ্যালয়। বিদ্যালয়খনে ছোৱালীৰ শিক্ষাৰ ওপৰত ইয়াৰ প্ৰভাৱৰ বাবে স্বীকৃতি লাভ কৰিছে, আৰু ইয়াক ওবামা ফাউণ্ডেশ্যনৰ গাৰ্লছ অপাৰ্চনিটি এলায়েন্সৰ সৈতে জড়িত এমি…
-
বৈদিক পৰিষদ
বৈদিক পৰিষদ বা পৰিষদ (সংস্কৃত: परिषद) প্ৰাচীন ভাৰতৰ বিদ্বান ব্ৰাহ্মণ আৰু পণ্ডিতসকলৰ এখন পৰিষদ আছিল। ইয়াক ব্ৰহ্মাসভা বুলিও জনা যায়। বৈদিক পৰিষদৰ নেতৃত্বত আছিল এজন মুখ্য ন্যায়াধীশ, যাক ধৰ্মাধিকাৰিণ বুলি কোৱা হৈছিল। বৈদিক আৰু ব্ৰাহ্মণ্য যুগত ই প্ৰায়ে এক ধৰ্মীয় দৰবাৰ ৰূপে কাৰ্য্য কৰিছিল।
-
ভাৰতত মহিলা শিক্ষা
ভাৰতত নাৰী শিক্ষা (female education in India)-ৰ শিপাডাল প্ৰাচীন কালৰে পৰা আছে। ভাৰতত বৈদিক যুগৰ পৰা আৰম্ভ হোৱা আনুষ্ঠানিক শিক্ষাৰ সময়ত পুৰুষৰ লগতে মহিলা সকলকো শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত সুবিধা দিয়া হৈছিল।
-
সাৱিত্ৰীবাই ফুলে পুনে বিশ্ববিদ্যালয়
সাবিত্ৰীবাই ফুলে পুনে বিশ্ববিদ্যালয় বা চমুকৈ SPPU পূৰ্বতে পুনে বিশ্ববিদ্যালয় নামেৰে জনাজাত ভাৰতৰ পুনে চহৰত অৱস্থিত এখন ৰাজহুৱা ৰাজ্যিক বিশ্ববিদ্যালয়। ১৯৪৯ চনত প্ৰতিষ্ঠা হোৱা এইখন গণেশখণ্ডৰ আশে-পাশে ৪১১ একৰ (১.৬৬ কিলোমিটাৰ বৰ্গমিটাৰ) চৌহদত বিস্তৃত। বিশ্ববিদ্যালয়খনত ৪৬টা শৈক্ষিক বিভাগ আছে।