ৰোগ হৈছে এক বিশেষ ধৰণৰ অস্বাভাৱিক অৱস্থা, কোনো গঠন বা ক্ৰিয়াৰ বিসংগতি, যি কোনো জীৱৰ কোনো এটা অংশ অথবা সমগ্ৰ জীৱটোক প্ৰভাৱ পেলায়। ৰোগ সম্পৰ্কীয় অধ্যয়নক ৰোগবিজ্ঞান বোলে।১ ৰোগ বুলিলে প্ৰায়ে বিশেষ লক্ষণ আৰু চিহ্নযুক্ত চিকিৎসা সম্বন্ধীয় পৰিস্থিতি বুলি কোৱা হয়। ৰোগ সাধাৰণতে বাহ্যিক কাৰকৰ বাবে হয়, বা কিছুমান ৰোগৰ কাৰণ আভ্যন্তৰিণো হ'ব পাৰে। মানুহৰ ক্ষেত্ৰত ৰোগ শব্দটো প্ৰায়ে, ভূক্তভোগী অথবা তেওঁৰ সম্পৰ্কত থকা জনৰ বিষ, বিকাৰ, দূঃচিন্তা, সামাজিক সমস্যা, বা মৃত্যু আদিৰ দৰে ব্যাপক অৰ্থত ব্যৱহৃত হয়। এই বহল অৰ্থত, কেতিয়াবা আঘাত, বিসংগতি, প্ৰতিবন্ধকতা, লক্ষণ, সংক্ৰমণ, গঠন আৰু কাৰ্যৰ বিশেষ ভিন্নতা, অস্বাভাৱিক আচৰণ আদিকো সাঙুৰা হয়। অন্য ক্ষেত্ৰ আৰু উদ্দেশ্যত ৰোগবোৰক বিশেষ শ্ৰেণীবুলি গণ্য কৰা হয়। ৰোগে মানুহক শাৰীৰিক তথা মানসিক ভাৱে প্ৰভাৱ পেলোৱাৰ উপৰিও আবেগিকভাৱেও প্ৰভাৱিত কৰে, ৰোগে ব্যক্তিৰ সত্তা আৰু ব্যক্তিত্বত প্ৰভাৱ পেলায়।
ৰোগৰ বাবে হোৱা মৃত্যুক প্ৰাকৃতিক কাৰণত হোৱা বুলি কোৱা হয়।
কাৰণ
কাৰকৰ ফালৰ পৰা চাব গলে ৰোগ প্ৰধানকৈ চাৰি প্ৰকাৰৰ হয়:
- বীজাণুজনিত ৰোগ
- অভাৱজনিত ৰোগ
- বংশগত ৰোগ
- মানসিক বিসংগতি।
লগতে চাওক
তথ্যসূত্ৰ
- ↑ White, Tim. (19 December 2014). What is the Difference Between an 'Injury' and 'Disease' for Commonwealth Injury Claims?. Tindall Gask Bentley
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰোগ” প্ৰবন্ধৰ সংশোধন ৫১২৪৬৯ (২৫ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।