১৯৫৮ বৰ্ষৰ চলচ্চিত্ৰ
৭ প্ৰবন্ধ
-
ৰঙা পুলিচ
ৰঙা পুলিচ (Ronga Police) ১৯৫৮ চনৰ জানুৱাৰী মাহত মুক্তি লাভ কৰা বিংশতম অসমীয়া কথাছবি আৰু ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা প্ৰথমখন অসমীয়া কথাছবি। মিলিত শিল্পী চিনে প্ৰডাকচনচ প্ৰাইভেট লিমিটেডে প্ৰযোজনা কৰা এই ছবিখন পৰিচালনা কৰিছিল নিপ বৰুৱাই।
-
নতুন পৃথিৱী
নতুন পৃথিৱী (Natun Prithibi) আনোৱাৰ ফিল্মচৰ বেনাৰত নিৰ্মিত আৰু আনোৱাৰ হুছেইন পৰিচালিত আৰু প্ৰযোজিত এখন অসমীয়া কথাছবি। আনোৱাৰ ফিল্মচৰ দ্বাৰা নিৰ্মিত এয়া দ্বিতীয় ছবি। ১৯৫৮ চনত ছবিখনে মুক্তি পাইছিল। কাহিনীটোৱো আনোৱাৰ হুচেইনে ৰচনা কৰিছিল। সংলাপ লিখিছিল পদ্ম বৰকটকী আৰু সৰ্বানন্দই।
-
জলসাঘৰ
জলসাঘৰ (The Music Room) বঙালী লেখক তাৰাশংকৰ বন্দ্যোপাধ্যায়ৰ জনপ্ৰিয় চুটিগল্পৰ আধাৰত সত্যজিৎ ৰায়ৰ পৰিচালনাত ১৯৫৮ চনত নিৰ্মিত এখন ভাৰতীয় বঙালী নাট্যধৰ্মী ছবি; য’ত ছবি বিশ্বাসে মূল চৰিত্ৰত অভিনয় কৰিছিল। এইখন সত্যজিৎ ৰায়ৰ চতুৰ্থ পূৰ্ণদৈৰ্ঘ্য ছবি।
-
ভক্ত প্ৰহ্লাদ (চলচ্চিত্ৰ)
ভক্ত প্ৰহ্লাদ (Bhakta Prahlad) পৌৰাণিক কাহিনীৰে নিৰ্মিত দ্বিতীয় অসমীয়া কথাছবি। ১৪ নবেম্বৰ ১৯৫৮ত মুক্তি পোৱা এই ছবিখন নিপ বৰুৱাই পৰিচালনা আৰু প্ৰযোজনা কৰিছিল। অমলেন্দু বাগচীয়ে ছবিখনৰ কাহিনী যুগুত কৰিছিল।
-
লৌহ কপাট
লৌহ কপাট (Louha Kapat) ১৯৫৮ চনৰ তপন সিনহা পৰিচালিত বঙালী ভাষাৰ এখন ভাৰতীয় নাট্যধৰ্মী ছবি। জৰাসন্ধৰ কাহিনীৰ আধাৰত নিৰ্মিত ছবিখনৰ চিত্ৰনাট্য তপন সিনহাই লিখিছে। প্ৰযোজনা প্ৰমোদ কুমাৰ লাহিড়ীৰ। অভিনয় কৰিছে ছবি বিশ্বাস, কমল মিত্ৰ, অমৰ মল্লিক, কালী বেনাৰ্জী আৰু মালা সিনহাই।
-
ডাক হৰকৰা
ডাক হৰকৰা (Dak Harkara) ১৯৫৮ চনত মুক্তি পোৱা অগ্ৰগামী পৰিচালিত বঙালী ভাষাৰ এখন ভাৰতীয় নাট্যধৰ্মী ছবি। তাৰাশংকৰ বন্দোপাধ্যায়ৰ একে নামৰ গল্পৰ আধাৰত অগ্ৰগামীয়ে ছবিখনৰ চিত্ৰনাট্য লিখিছিল। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে কালী বেনাৰ্জী, শোভা সেন, সাবিত্ৰী চেটাৰ্জী আৰু জহৰ গংগোপাধ্যায়ে।
-
স্কুল মাষ্টাৰ (১৯৫৮ চলচ্চিত্ৰ)
স্কুল মাষ্টাৰ (School Master) ১৯৫৮ চনৰ বি.আৰ. পন্থুলু প্ৰযোজিত আৰু পৰিচালিত এখন ভাৰতীয় কানাড়া ভাষাৰ এখন ছবি। ইয়াত পন্থুলুৱে মুখ্য ভূমিকাত অভিনয় কৰিছে। অন্য গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে ডিক্কি মাধৱ ৰাও, এম ভি ৰাজাম্মা, উদয়কুমাৰ, শিৱাজী গণেশন, মিথুন গণেশন আৰু বি সৰোজা দেৱীয়ে।