৬ জানুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৬ম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৫৯টা দিন (অধিবৰ্ষত ৩৬০টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৰাজী
- ১৮৩৮ - আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউ জাৰ্ছীৰ ম'ৰিছটাউনত ছেমুৱেল ম'ৰ্চৰ টেলিগ্ৰাফ যন্ত্ৰৰ প্ৰথম নমুনা প্ৰদৰ্শন কৰিছিল।
জন্ম
- ১৮৮৩ - খলিল জিব্ৰান, লেবাননত জন্মগ্ৰহণ কৰা বিখ্যাত আমেৰিকান লেখক।
- ১৯২৮ - বিজয় টেণ্ডুলকাৰ, ভাৰতীয় নাট্যকাৰ, চলচ্চিত্ৰ আৰু ধাৰাবাহিক লিখক, সাহিত্যিক, ৰাজনৈতিক সংবাদকৰ্মী।
- ১৯৫৫ - ৰৱান এটকিনচন, 'মিষ্টাৰ বিন'খ্যাত ইংৰাজ অভিনেতা, কমেডিয়ান আৰু লেখক।
- ১৯৫৯ - কপিল দেৱ, ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক।
- ১৯৬৭ - এ. আৰ. ৰহমান, অস্কাৰ বঁটা বিজয়ী ভাৰতীয় সংগীত পৰিচালক।
- ১৯৭১ - ইন্দ্ৰানী হালদাৰ, ভাৰতীয় অভিনেত্ৰী।
- ১৯৭১ - লীনা যাদৱ, ভাৰতীয় ছবি পৰিচালক।
মৃত্যু
- ১৮৫২ - লুইছ ব্ৰেইল, অন্ধসকলৰ শিক্ষা পদ্ধতিৰ আৱিষ্কাৰক।
- ১৯৭৭ - এদ্ৰিয়ান ৱেডৱিত্জ, আমেৰিকাৰ ফেমিনিষ্ট স্ক’লাৰ।
- ২০০৪ - সুমিতা দেৱী, বাংলাদেশৰ চলচ্চিত্ৰ শিল্পী আৰু বাংলাদেশ টেলিভিচনৰ অভিনেত্ৰী।
- ২০২০ - মিনতি মিশ্ৰ, ভাৰতীয় ধ্ৰুপদী নৃত্যশিল্পী আৰু অভিনেত্ৰী।
দিৱস
- সশস্ত্ৰ বাহিনী দিৱস (ইৰাক)।
বাহ্যিক সংযোগ
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউয়ৰ্ক টাইমচ, এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৬ জানুৱাৰী” প্ৰবন্ধৰ সংশোধন ৩৪২১৭০ (৪ জানুৱাৰী ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।