১১ জানুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১১ তম দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৫৪ টা দিন (অধিবৰ্ষত ৩৫৫টা দিন) বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৰাজী
- ১৬৯৩ - ইটালীৰ ছিচিলীত মাউণ্ট এটনা অগ্নেয়গিড়ীৰ বিস্ফোৰণ।
- ১৮৭৯ - দক্ষিণ আফ্ৰিকাত এংলো-জুলু যুদ্ধৰ সূত্ৰপাত।
জন্ম
- ১৭৯৩ - চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুছ, ব্ৰিটিছ সৈনিক, অভিযানকাৰী আৰু লেখক। তেওঁক ভাৰতৰ চাহ উদ্যোগৰ পিতৃ পুৰুষ বুলি গণ্য কৰা হয়। তেওঁৰ ভাতৃ ৰবাৰ্ট ব্ৰুছে ১৮২৩ চনত অসমত অসম চাহ আৱিষ্কাৰ কৰিছিল।
- ১৮৪২ - উইলিয়াম জেম্ছ, আমেৰিকান দাৰ্শনিক, মনোবিজ্ঞানী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত মনোবিজ্ঞানৰ পাঠ্যক্ৰম আগবঢ়োৱা প্ৰথমজন শিক্ষাবিদ।
- ১৯৫৪ - কৈলাস সত্যাৰ্থী, শান্তিৰ ন'বেল বঁটা বিজয়ী ভাৰতীয় শিশু অধিকাৰ কৰ্মী।
- ১৯৬২ - তপন দাস, অসমৰ মঞ্চ আৰু চলচ্চিত্ৰ অভিনেতা, নাট পৰিচালক, আবৃত্তিকাৰ আৰু গল্প লিখক।
- ১৯৬৪ - বেঞ্জামিন লিষ্ট, জাৰ্মান ৰসায়নবিদ আৰু মেক্স প্লেংক ইনষ্টিটিউট ফৰ কোল ৰিচাৰ্ছৰ সঞ্চালক।
- ১৯৭৩ - ৰাহুল দ্ৰাবিড়, “দ্য ৱাল” নামে খ্যাত ভাৰতীয় ক্ৰীকেট দলৰ প্ৰাক্তন অধিনায়ক।
- ১৯৯১ - শ্বেতা বাসু প্ৰসাদ, ভাৰতীয় কথাছবিৰ অভিনেত্ৰী।
- ১৯৯২ - ফাটিমা ছানা শ্বেইখ, ভাৰতীয় অভিনেত্ৰী।
- ১৯৯৬ - মনীষ কৌশিক, ভাৰতীয় বক্সাৰ।
মৃত্যু
- ২০০৮ - এডমাণ্ড হিলাৰী, বিশ্বৰ সৰ্ব্বোশ্ব শৃংগ মাউণ্ট এভাৰেষ্ট জয় কৰা পৃথিৱীৰ প্ৰথম দুজন ব্যক্তিৰ ভিতৰত অন্যতম।
- ২০২২ - মিহিৰ দাস, ভাৰতীয় অভিনেতা।
- ২০২৪ - হৰিপ্ৰসাদ হাজৰিকা, শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰাক্তন প্ৰধান সম্পাদক।
দিৱস
বাহ্যিক সংযোগ
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউয়ৰ্ক টাইমচ, এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১১ জানুৱাৰী” প্ৰবন্ধৰ সংশোধন ৪০১৯৭৪ (১১ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।