অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰৱান এটকিনচন

ৰৱান ছেবেষ্টিয়ান এটকিনচন (ইংৰাজীঃ Rowan Sebastian Atkinson CBE; জন্মঃ ৬ জানুৱাৰী ১৯৫৫) এগৰাকী ইংৰাজ অভিনেতা, কমেডিয়ান আৰু লেখক। তেওঁ টেলিভিছনৰ কমেডি চিৰিজ ‘ব্লেকএডাৰ’ (১৯৮৩-১৯৮৯), ‘মিষ্টাৰ বিন’ (১৯৯০-১৯৯৫) আৰু জেমছ বণ্ড পেৰডিৰ ‘জনি ইংলিছ ফিল্ম চিৰিজৰ’ৰ (২০০৩-২০১৮) নাম ভূমিকাত অভিনয় কৰিছিল।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ৪৩০ শব্দ · ২ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

ৰৱান ছেবেষ্টিয়ান এটকিনচন (ইংৰাজীঃ Rowan Sebastian Atkinson CBE; জন্মঃ ৬ জানুৱাৰী ১৯৫৫) এগৰাকী ইংৰাজ অভিনেতা, কমেডিয়ান আৰু লেখক। তেওঁ টেলিভিছনৰ কমেডি চিৰিজ ‘ব্লেকএডাৰ’ (১৯৮৩-১৯৮৯), ‘মিষ্টাৰ বিন’ (১৯৯০-১৯৯৫) আৰু জেমছ বণ্ড পেৰডিৰ ‘জনি ইংলিছ ফিল্ম চিৰিজৰ’১ৰ (২০০৩-২০১৮) নাম ভূমিকাত অভিনয় কৰিছিল। এটকিনচনে প্ৰথমবাৰ প্ৰসিদ্ধি লাভ কৰিছিল বিবিচিৰ স্কেটচ কমেডি শ্ব’ ‘নট দ্য নাইন অ’ক্ল’ক নিউজ’ (১৯৭৯-১৯৮২) আৰু ‘দ্য চিক্ৰেট পলিচমেনচ বল’ (১৯৭9)ত কৰা অভিনয়ৰ বাবে। ‘দ্য চিক্ৰেট পলিচমেনচ বল’ত তেওঁ এটা পেৰডি প্ৰদৰ্শন কৰিছিল আৰু ‘নট দ্য নাইন অ’ক্ল’ক নিউজ’ৰ বাবে ১৯৮১ চনৰ শ্ৰেষ্ঠ মনোৰঞ্জনৰ ব্ৰিটিছ একাডেমি টেলিভিছন বঁটা লাভ কৰিছিল। পৰৱৰ্ত্তী সময়ত তেওঁ একক বা যুটীয়াভাৱে মঞ্চত ষ্টেণ্ড-আপ কমেডি (স্কিট) প্ৰদৰ্শন কৰি আহিছে।

তেওঁৰ অন্যান্য চলচ্চিত্ৰসমূহ হৈছে; জেমছ বণ্ডৰ ‘নেভাৰ চে নেভাৰ এগেইন’ (১৯৮৩), ‘ফ’ৰ ৱেডিং এণ্ড আ ফিউনাৰেল’ (১৯৯৪) - য’ত তেওঁ এজন মূৰ্খ পাদুৰীৰ চৰিত্ৰত অভিনয় কৰিছিল আৰু ‘দ্য লায়ন কিঙ’ (১৯৯৪)ত তেওঁ ৰঙা-ঠোঁটৰ হৰ্ণবিল ঝুঝুৰ মাতত কণ্ঠ দিছিল। ‘ৰুফাছ ইন লাভ একচুৱেলি’ (২০০৩) চলচ্চিত্ৰত এটকিনচনে এজন অলংকাৰ বিক্ৰেতাৰ চৰিত্ৰত অভিনয় কৰিছিল। তেওঁ ফিল্ম এডাপ্টটেচন ‘মিষ্টাৰ বিন’ (১৯৯৭) আৰু ‘মিষ্টাৰ বিনচ হ’লিডে’ (২০০৭)ত মিষ্টাৰ বিনৰ চৰিত্ৰত অভিনয় কৰিছিল। বিবিচিৰ কমেডি দ্য থিন বুল লাইন (১৯৯৫-১৯৯৬) আৰু আইটিভিৰ ‘মাইগ্ৰেট’ (২০১৬-২০১৭)ত এটকিনচনে মূখ্য ভূমিকাত অভিনয় কৰিছিল।

১৯৫৫ চনৰ ৬ জানুৱাৰীত ইংলেণ্ডৰ ডাৰহামৰ কনচেটত এটকিনচনৰ জন্ম হয়।২৩৪ তেওঁৰ দেউতাক এৰিক এটকিনচন এজন কৃষক আৰু কোম্পানী সঞ্চালক আছিল। ১৯৪৫ চনৰ ২৯ জুনত তেওঁ ইলা মেক বিয়া কৰায় আৰু ১৯৫৫ চনত ৰৱান এটকিনচনৰ জন্ম হয়। চাৰিজন ভাতৃৰ এটকিনচন আছিল চতুৰ্থজন। এটকিনচন এংগলিকানত ডাঙৰ-দীঘল হৈছিল৫ আৰু ডাৰহাম কৰিষ্টাৰ প্ৰিপ্ৰাইমেৰী স্কুলত পঢ়া-শুনা কৰিছিল আৰু পিছত ছেইণ্ট বীজ স্কুললৈ গৈছিল। ৰডনি, ৰৱান আৰু তেওঁলোকৰ ডাঙৰ ককায়েক ৰুপাৰ্ট কনচেটত ডাঙৰ-দীঘল হৈছিল আৰু তেওঁলোকৰ ভৱিষ্যতৰ প্ৰধান মন্ত্ৰী টনী ব্লেয়াৰৰ সৈতে একেলগে ডাৰহাম কৰিষ্টাৰ স্কুললৈ গৈছিল৬। বিজ্ঞান শাখাৰ এ লেভেলত শীৰ্ষ শ্ৰেণী লাভ কৰাৰ পিছত৭, ৰৱানে নিউকেচেল বিশ্ববিদ্যালয়ত স্থান লাভ কৰে আৰু তাৰপৰা ১৯৭৫ চনত ইলেকট্ৰিকেল আৰু ইলেকট্ৰনিক ইঞ্জিনিয়াৰিঙত ডিগ্ৰী লাভ কৰে।৮ তাৰপিছত কুইনচ কলেজ, অক্সফৰ্ডত তেওঁ ইলেকট্ৰিকেল ইঞ্জিনিয়াৰিঙত এম এছ চি কৰে। একেখন কলেজৰপৰাই এটকিনচনৰ দেউতাকে ১৯৩৫ চনত মেট্ৰিক পাছ কৰিছিল৯ আৰু ২০০৬ চনত ইয়াৰপৰাই ৰৱানে এজন ফেল’ৰ সন্মান লাভ কৰে।১০ তেওঁৰ এম এছ চিৰ গৱেষণাপত্ৰখন ১৯৭৮ চনত প্ৰকাশ পায়।১১

অভিনয়ৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিয়াৰ আগতে এটকিনচনে ডক্টৰেট ৰ কাম আৰম্ভ কৰিছিল।১২ ১৯৭৬ চনৰ আগষ্টত এডিনবাৰ্গ ফেষ্টিভেল ‘ফ্ৰিঞ্জ’ত অনুষ্ঠিত ‘দ্য অক্সফৰ্ড ৰিভিউ’ত তেওঁ প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় মনোযোগ আকৰ্ষণ কৰে।৮ তেওঁ ইতিমধ্যে ‘এক্সপেৰিমেণ্টেল থিয়েটাৰ ক্লাৱ (ইটিচি)’ৰ ৰিভিউ গোট ‘দ্য এচটেটেৰাছ’ৰ দ্বাৰা অক্সফৰ্ডত অনুষ্ঠিত অনুষ্ঠানৰ বাবে স্কেচ লিখিছিল আৰু পৰিৱেশন কৰিছিল। অক্সফৰ্ড বিশ্ববিদ্যালয় ড্ৰামাটিক চছাইটি (অউডিএছ)ৰ বাবেও তেওঁ লিখিছিল।

২০০৩ চনত, ব্ৰিটিছ কমেডিৰ ৫০ জন শীৰ্ষৰ কমেডিয়ানৰ ভিতৰত এজন ৰূপে এটকিনছনক ‘দ্য অবজাৰ্ভাৰ’ত তালিকাভুক্ত কৰা হৈছিল১৩, আৰু ২০০৫ চনত সহ-কৌতুক অভিনেতাসকলৰ এক জৰীপত শীৰ্ষ ৫০ জন কৌতুক অভিনেতাৰ ভিতৰত এজন ৰূপে তেওঁ স্বীকৃত হৈছিল।১৪ ১৯৭০ৰ দশকত অক্সফৰ্ড বিশ্ববিদ্যালয় ড্ৰামাটিক চছাইটিত লগ পোৱা চিত্ৰনাট্যকাৰ ৰিচাৰ্ড কাৰ্টিছ৮ আৰু সুৰকাৰ হাৱাৰ্ড গুডলৰ সৈতে কেৰিয়াৰৰ গোটেই সয়ছোৱাত তেওঁ কলাবৰেচন কৰিছিল।১৫১৯৮১ চনৰ বাফটাৰ উপৰিও ১৯৮১ চনত ‘ৰিভিউ’ত ৰোৱান এটকিনচনে ‘ৱেষ্ট এণ্ড থিয়েটাৰ’ত কৰা প্ৰদৰ্শনৰ বাবে অলিভিয়েৰ বঁটা লাভ কৰে। নাটক আৰু সমাজলৈ আগবঢ়োৱা সেৱাৰ বাবে এটকিনচনক ২০১৩ চনৰ ‘জন্মদিন সন্মান’ (2013 Birthday Honours)ত ‘চি বি ই’ (CBE) হিচাপে নিযুক্ত কৰা হৈছিল।১৬

তথ্যসূত্ৰ

  1. ↑ Richardson, Jay. (18 May 2017). Rowan Atkinson to make Johnny English 3. www.chortle.co.uk
  2. ↑ (6 January 2019). UPI Almanac for Sunday, Jan. 6, 2019. United Press International
  3. ↑ Rowan Atkinson: Biography. TV Guide
  4. ↑ Barratt, Nick. (25 August 2007). Family Detective – Rowan Atkinson. The Daily Telegraph
  5. ↑ Mann, Virginia. (28 February 1992). For Rowan Atkinson, comedy can be frightening. The Record
  6. ↑ (23 October 2011). The disaster that really worries Mr Bean's brother. The Independent
  7. ↑ Roberts, J F. (2014). The True History of the Black Adder: At Last, the Cunning Plan, in All Its Hideous Hilarity. Random House UK. পৃ. 20. ISBN 9780099564164
  8. ↑ (4 December 2004). BBC – Comedy Guide – Rowan Atkinson. BBC
  9. ↑ page 6: "The donation was given in memory of Rowan Atkinson's father, Eric Atkinson, who graduated at Queens in 1935."
  10. ↑ queens iss 1
  11. ↑ Gupta. (1986). Adaptive Methods for Control System Design. Institute of Electrical and Electronics Engineers. পৃ. 201. ISBN 9780879422073
  12. ↑ The Stuttering Foundation. (13 March 2019). Who Knew? Mr. Bean?
  13. ↑ "The A-Z of laughter (part one)", The Observer, 7 December 2003. Retrieved 7 January 2007
  14. ↑ (2 January 2005). Cook voted 'comedians' comedian'. BBC News
  15. ↑ New singing supremo has county roots. Oxford Mail
  16. ↑ (14 June 2013). Birthday Honours: Adele joins Blackadder stars on list. BBC News

সম্পৰ্কিত শ্ৰেণী

অভিনয় শিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰৱান এটকিনচন” প্ৰবন্ধৰ সংশোধন ৬৩৭৯৮৯ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।