অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

৩১ আগষ্ট

এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

হালনাগাদ: ৩০ আগষ্ট ২০২২ ৪০৪ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী

  • ১৭৫১ - ৰবাৰ্ট ক্লাইৱে চন্দ চাহেবৰ পৰা আৰ্কট দখল কৰে।
  • ১৯২০ - আমেৰিকাৰ মিছিগান ৰাজ্য়ৰ চহৰ ডেট্ৰয়েটত বিশ্বত প্ৰথম ৰেডিঅত (ষ্টেছন এইট এম কে বা station 8MK) বাতৰি পৰিবেশন কৰা হৈছিল।
  • ১৯৫৬ - ভাৰতৰ তৎকালীন ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদে ৰাজ্য পুনৰ গঠনৰ বিধেয়কত অনুমোদন জনায়।
  • ১৯৫৭ - মালয়েছিয়াই যুক্তৰাজ্যৰ পৰা স্বাধীনতা লাভ কৰে। (কেৱল সংযুক্ত মালয়)
  • ১৯৬২ - কেৰিবিয়ান দেশ ত্ৰিনিদাদ আৰু টোবেগ'ৱে ব্ৰিটেইনৰ পৰা স্বাধীনতা লাভ কৰে।
  • ১৯৯৫ - কাৰ বোমা বিস্ফোৰণত পঞ্জাবৰ মুখ্যমন্ত্ৰী বেয়ান্ত সিং নিহত হৈছিল।
  • ১৯৯৭ - ব্ৰিটেইন ৰাজকুমাৰী ডায়েনা পেৰিছত হোৱা এক মটৰ দুৰ্ঘটনা মৃত্যু হয়।
  • ২০২২- ইংলেণ্ডৰ বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছ-২০২২ত জেৰেমি লালৰিন্নুংগাই ৬৭ কিলোগ্ৰাম শাখাৰ আৰু অচিন্ত্য শিউলিয়ে ৭৩ কিলোগ্ৰাম শাখাৰ ভাৰোত্তলনত সোণৰ পদক লাভ কৰে। ১

জন্ম

  • ০০১২ - কেলিগোলা, তৃতীয় ৰোমান সম্ৰাট।
  • ১৫৬৯ - চুলতান চেলীম মিৰ্জা (জাহাঙ্গীৰ), আকবৰৰ ডাঙৰ পুত্ৰ।
  • ১৮২১ - হাৰমেন ভন হেল্মহটল্টজ, জাৰ্মান পদাৰ্থ বিজ্ঞানী।
  • ১৮৭০ - মাৰিয়া মণ্টেছৰী, ইটালীৰ শিক্ষাবিদ, মণ্টেশ্বৰী শিক্ষাৰ বাবে জনাজাত। (মৃঃ ৬ মে' ১৯৫২)
  • ১৮৭৪- এডৱাৰ্ড লী থৰ্নডাইক (ইংঃ Edward Lee Thorndike), শিক্ষা-মনোবিজ্ঞানী, সংযোগবাদ তত্ত্বৰ (ইংঃ Connectionism) বাবে বিখ্য়াত। (মৃঃ ৯ আগষ্ট, ১৯৪৯)
  • ১৯০৭ - ৰমন মেগছেছে, ফিলিপাইনৰ ৰাষ্ট্ৰপতি, তেখেতৰ সোঁৱৰণত প্ৰতি বছৰে আন্তৰ্জাতিক ৰমন মেগছেছে বঁটা আগবঢ়োৱা হয়। এই বঁটা আন্তৰ্জাতিক বুজা-পৰা, সাংবাদিকতা, সাহিত্য আৰু সৃষ্টিশীল কৰ্মৰাজি, সমাজ সেৱা, উজ্জীৱিত নেতৃত্ব, চৰকাৰী সেৱা আৰু ৰাজহুৱা নেতৃত্বৰ বিষয়ত বিশিষ্ট সেৱা আগবঢ়োৱা ব্যক্তিক প্ৰদান কৰা হয়।
  • ১৯১২ - হেৰম্বকান্ত বৰপূজাৰী, অসমীয়া ইতিহাসবিদ।
  • ১৯১৯ - অমৃতা প্ৰীতম, হিন্দী আৰু পঞ্জাবী লেখিকা।
  • ১৯৪৯ - ৰিছাৰ্ড জিয়েৰ, হলীউডৰ অভিনেতা।
  • ১৯৫৬ - ছাই ইং-ৱেন, টাইৱানৰ ( চৰকাৰীভাবে চীন প্ৰজাতন্ত্ৰ) সপ্তম ৰাষ্ট্ৰপতি।
  • ১৯৬৩ - ঋতুপৰ্ণ ঘোষ, বঙালী কথাছবি পৰিচালক। (মৃঃ ৩০ মে', ২০১৩)
  • ১৯৬৯ - জাভাগল শ্ৰীনাথ, প্ৰাক্তন ক্ৰিকেট খেলুৱৈ।
  • ১৯৭১ - ক্ৰিছ টাকাৰ, হলীউডৰ জনপ্ৰিয় কৌতুক অভিনেতা।
  • ১৯৭৭ - জেফ হাৰ্ডী, ডব্লিউ ডব্লিউ ইৰ মল্ল যুঁজাৰু।
  • ১৯৭৮ - বৰ্ণালী কলিতা, গায়িকা।
  • ১৯৭৯ - মিকি জেমছ্, ডব্লিউ ডব্লিউ ইৰ মহিলা মল্ল যুঁজাৰু।
  • ১৯৮৩ - ইৰা সিংঘল, ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া।
  • ১৯৮৫ - মহম্মদ বিন ছলমান, চৌদি আৰৱৰ যুৱৰাজ।

মৃত্যু

  • ১৪২২ - হেনৰী পঞ্চম, ইংলেণ্ডৰ ৰজা।
  • ১৯৪১ - আলফ্ৰেড হেটনাৰ, জাৰ্মান ভূগোল বিজ্ঞানী। (জন্মঃ ৬ আগষ্ট, ১৮৫৯)
  • ১৯৬৯ - ৰকী মাৰ্ছিয়ান', আমেৰিকাৰ বক্সিং খেলুৱৈ, অপৰাজেয় হেভিৱেইট বক্সিং চেম্পিয়ন আছিল (১৯৫২-৫৬)। (জন্মঃ ১ ছেপ্টেম্বৰ, ১৯২৩)
  • ১৯৯৫ - বেয়ান্ত সিং, পঞ্জাব, ভাৰতৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।
  • ১৯৯৭ - ৰাজকুমাৰী ডায়েনা, ইংলেণ্ডৰ ৰাজকুমাৰী। (জঃ ১ জুলাই, ১৯৬১)
  • ২০২০ - প্ৰণব কুমাৰ মুখাৰ্জী বা প্ৰণব মুখাৰ্জী (ইংৰাজী: Pranab Kumar Mukherjee) ভাৰত ৰত্ন আৰু ভাৰতৰ ত্ৰয়োদশ ৰাষ্ট্ৰপতি। (মৃঃ ১১ ডিচেম্বৰ ১৯৩৫)

দিৱস

বাহ্যিক সংযোগ


তথ্যসূত্ৰ

  1. ↑ 18, News. CWG 2022, Day 3 Wrap: Weightlifters Jeremy Lalrinnunga, Achinta Sheuli Win Gold as India Get Big Victories in Team Sports. NEWS18

সম্পৰ্কিত শ্ৰেণী

আগষ্ট

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৩১ আগষ্ট” প্ৰবন্ধৰ সংশোধন ৩৩১৯৪৭ (৩০ আগষ্ট ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।