কেলিগোলা (সম্পূৰ্ণ নাম: গেয়াচ জুলিয়াছ চিজাৰ আগষ্টাচ জাৰমানিকাচ; ৩১ আগষ্ট, ১২ খ্ৰীষ্টাব্দ-২৪ জানুৱাৰী, ৪১ খ্ৰীষ্টাব্দ) ৩৭ ৰপৰা ৪১ খ্ৰীষ্টাব্দলৈ ৰোমান সাম্ৰাজ্যৰ সম্ৰাট আছিল। তেওঁ বিখ্যাত ৰোমান সেনাধক্ষ্য জাৰমানিকাচ আৰু আগষ্টাচৰ নাতিনী এগ্ৰীপিনা দা এলডাৰৰ পুত্ৰ আছিল আৰু জনশ্ৰুতি অনুসৰি ৰোমান সাম্ৰাজ্যত শাসন কৰা প্ৰথম ৰাজবংশ জুলিঅ'-ক্লডিয়ান বংশত জন্ম গ্ৰহণ কৰিছিল। জাৰমানিকাচৰ খুড়াক তথা সতীয়া পিতৃ টাইবেৰিয়াচে ১৪ খ্ৰীষ্টাব্দত আগষ্টাচক ৰোমৰ সম্ৰাট হিচাবে উত্তৰাধিকাৰী পাতে।
জুলিয়াছ চিজাৰৰ পাছত জন্ম লাভ কৰা, যদিও তেওঁৰ নাম গেয়াচ চিজাৰ আছিল, উপনাম আছিল কেলিগোলা (যাৰ অৰ্থ হৈছে "সৈনিকৰ সৰু জোতা"), তেওঁৰ দেউতাকৰ সৈনিকসকলে জাৰ্মানিয়া যুদ্ধৰ সময়ত দিছিল। ১৯ খ্ৰীষ্টাব্দত এন্টিয়কত জাৰমানিকাচৰ মৃত্যু হোৱাৰ পাছত এগ্ৰীপিনিয়াই ছয় সন্তানৰ সৈতে ৰোমলৈ উভটি আহে আৰু টাইবেৰিয়াচৰ লগত এক তিক্ত মতানৈক্যত অৱতীৰ্ণ হয়। ইয়াৰ ফলত এগ্ৰীপিনিয়াৰ সংসাৰ ধ্বংস হয় আৰু কোনোমতে পুৰুষৰ ভিতৰত কেৱলমাত্ৰ কেলিগোলাই বাচি থাকে। ৩১ খ্ৰীষ্টাব্দত কেলিগোলাই কেপ্ৰি দ্বীপৰপৰা আমন্ত্ৰণ পায়, য'ত টাইবেৰিয়াচক পাঁচ বছৰৰ আগেয়ে বিতাৰিত কৰা হৈছিল। টাইবেৰিয়াচৰ মৃত্যুৰ পাছত ৩৭ খ্ৰীষ্টাব্দত তেওঁ সতীয়া ককাকৰ ঠাইত সম্ৰাট হিচাপে অভিষিক্ত হয়।
কেলিগোলাৰ শাসন কালৰ সম্পৰ্কে কিছুসংখ্যক তথ্যহে পোৱা যায়। যদিও শাসনৰ প্ৰথম ছমাহ কাল এজন সৎ আৰু অমায়িক ব্যক্তিত্ব সম্পন্ন সম্ৰাট হিচাপে জনা গৈছিল, পাছৰ কালচোৱাত তেওঁক হিংসুক, প্ৰগলভ, অমিতব্যয়ী আৰু যৌন অভিলাসী মতগৰ্ভী স্বেচ্ছাচাৰী শাসক হিচাপে জনা যায়। আৱশ্যে এই তথ্যবোৰ কিমানদূৰ বিশ্বাসযোগ্য প্ৰশ্ন উণ্থাপন হয়, তেওঁ সম্ৰাট হিচাপে নিজৰ প্ৰভুত্ব অক্ষয় ৰাখিছিল সম্ৰাজ্যখন বাহ্যিক শক্তিৰপৰা অক্ষুন্ন ৰাখিছিল। তেওঁ বেছিভাগ মনোযোগ বৃহৎ স্থপত্যৰ আঁচনি আৰু নিজৰ বাবে বিলাসী বাসস্থান সজোৱাত নিবিষ্ট কৰিছিল, আৰু ৰোমত দুটাকৈ জলবিন্যাস- একোৱা ক্লডিয়া আৰু এনিও নিভাচ সজাইছিল। তেওঁৰ ৰাজত্ব কালত মৰেটনিয়াক ৰাজ্য হিচাপে সংযুক্ত কৰিছিল।
৪১ খ্ৰীষ্টাব্দৰ আগভাগত প্ৰেট'ৰিয়ান গাৰ্ড, চিনেটৰ আৰু আদালতৰ বিষয়ববীয়াৰ ষঢ়যন্ত্ৰৰ ফলত তেওঁক হত্যা কৰা হৈছিল। অৱশ্যে ষঢ়যন্ত্ৰকাৰী সকলৰ ৰোমান সম্ৰাজ্য অধিকাৰ সুযোগৰ চেষ্টা চেদেলি-ভেদেলি হৈ পৰিছিল। কেলিগোলাৰ হত্যাৰ দিনাই প্ৰেট'ৰিয়ান সকলে তেওঁৰ খুড়াক ক্লডিয়াচক সম্ৰাট বুলি ঘোষণা কৰিছিল। যিকি নহওক ৬৮ খ্ৰীষ্টাব্দত তেওঁৰ ভাগিনীয়েক নেৰু অৱদমিত হোৱালৈকে জুলিঅ'-ক্লডিয়ান বংশই সম্ৰাজ্য পৰিচালনা কৰিছিল, ক্লডিয়াচৰ মৃত্যুয়েই প্ৰকৃততে জুলী চিজাৰ ক্ৰমৰ শেষ পুৰুষ বুলি পৰিগণিত হৈছিল।
বাহ্যিক সংযোগ
- The portrait of Caligula in the Digital Sculpture Project
- Caligula Attempts to Conquer Britain in AD 40
- Biography from De Imperatoribus Romanis
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেলিগোলা” প্ৰবন্ধৰ সংশোধন ৬২২৭৪১ (২ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।