অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জাভাগল শ্ৰীনাথ

জাভাগল শ্ৰীনাথ (Javagal-Srinath; জন্ম ৩১ আগষ্ট, ১৯৬৯) এজন প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ আৰু বৰ্তমান আইচিচিৰ মেচ ৰেফাৰী। তেওঁক ভাৰতৰ শ্ৰেষ্ঠ দ্ৰুত বলাৰৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়।

হালনাগাদ: ১ অক্টোবৰ ২০২৪ ৩৮৮ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

জাভাগল শ্ৰীনাথ (Javagal-Srinath; জন্ম ৩১ আগষ্ট, ১৯৬৯) এজন প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ আৰু বৰ্তমান আইচিচিৰ মেচ ৰেফাৰী। তেওঁক ভাৰতৰ শ্ৰেষ্ঠ দ্ৰুত বলাৰৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়। তেওঁ‌ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলত ৩০০তকৈ অধিক উইকেট দখল কৰা প্ৰথমজন ভাৰতীয় বলাৰ আছিল।১অৱসৰ নোলোৱালৈকে শ্ৰীনাথ ভাৰতৰ ৰাষ্ট্ৰীয় পুৰুষ ক্ৰিকেট দল ৰ ফ্ৰণ্টলাইন দ্ৰুত বলিং কৰা বলাৰ আছিল আৰু কপিল দেৱ ৰ পিছত ২০০ টেষ্ট মেচ লোৱা দ্বিতীয়জন ভাৰতীয় পেচ বলাৰ আছিল। কপিলদেৱে অৱসৰ লোৱাৰ পিছত ৯ বছৰতকৈও অধিক সময় ভাৰতীয় বেগী বলিং আক্ৰমণৰ নেতৃত্ব দিছিল শ্ৰীনাথে। অনিল কুম্বলেৰ পিছতে তেওঁ ৩১৫ ৰান সংগ্ৰহ কৰি ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ এদিনীয়া আন্তৰ্জাতিক উইকেট দখলকাৰী হিচাপে পৰিগণিত হৈছিল। তেওঁ খেলা চাৰিখন বিশ্বকাপ ক্ৰমে:- ১৯৯২, ১৯৯৬, ১৯৯৯ আৰু ২০০৩ চনত তেওঁ সৰ্বমুঠ ৪৪টা উইকেট দখল কৰে।২ লগতে তেওঁ‌ জাহিৰ খানৰ সৈতে বিশ্বকাপত ভাৰতৰ বাবে যৌথ সৰ্বাধিক উইকেট দখলকাৰী আছিল।৩ শ্ৰীনাথে ২০০৩ চনত দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত ক্ৰিকেট বিশ্বকাপৰ পাছত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে।

ব্যক্তিগত জীৱন

১৯৬৯ চনৰ আগষ্ট মাহত কৰ্ণাটকৰ মহীশূৰ ত শ্ৰীনাথৰ জন্ম হৈছিল। তেওঁ সৰুৰে পৰা ক্ৰিকেট খেলিছিল।৪তেওঁ মৰিমাল্লাপ্পা হাইস্কুলৰ পৰা স্কুলিয়া শিক্ষা আহৰণ কৰি পিছত মহীশূৰৰ শ্ৰীজয়চমৰাজেন্দ্ৰ কলেজ অৱ ইঞ্জিনিয়াৰিং (এছজেচিই)ৰ পৰা ইঞ্জিনিয়াৰিঙৰ স্নাতক ডিগ্ৰী লাভ কৰিছে।৫১৯৯৯ চনত প্ৰথম পত্নী জ্যোৎস্নাৰে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ বিবাহ বিচ্ছেদৰ পিছত আকৌ ২০০৮ চনত সাংবাদিক মাধৱী পাত্ৰৱলীৰ সৈতে বিবাহপাশত আবদ্ধ হয়।৬

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰ

শ্ৰীনাথে ১৯৯১ চনত শ্বাৰজাহত সৰ্বপ্ৰথম এদিনীয়া আন্তঃৰাষ্ট্ৰীয় অভিষেক আৰম্ভ কৰে। তেওঁ প্ৰথম বছৰত ১১খন এদিনীয়া আৰু দুখন টেষ্ট মেচ খেলিছিল আৰু গড়ে ৩০.০০ ত ১৪টা এদিনীয়া উইকেট দখল কৰিছিল। ১৯৯১–৯২ চনত অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে তেওঁ ভাৰতীয় দলৰ বাবে নিৰ্বাচিত হয়। অষ্ট্ৰেলিয়া ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ বিৰুদ্ধে ব্ৰিছবেনত টেষ্ট ক্ৰিকেটত অভিষেক ঘটায়। মেচৰ সময়ত তৃতীয় বেগী বলাৰ হিচাপে ৩/৫৯ ৰান সংগ্ৰহ কৰি ৫৫.৩০ ছেকেণ্ডত দহটা উইকেটৰে এই চিৰিজ সমাপ্ত কৰে। কেপ টাউনত দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ বিৰুদ্ধে নতুন বলটো লোৱাৰ সুযোগ পাই তেওঁ ২৭ অভাৰত ৪/৩৩ ৰান সংগ্ৰহ কৰি ২৬.০৮ত ১২টা উইকেটৰে এই চিৰিজৰ অন্ত পেলায়। যিহেতু ভাৰতত উইকেট স্পিনৰ বাবে অনুকূল পৰিৱেশ আছিল সেয়েহে শ্ৰীনাথে ঘৰুৱা টেষ্ট মেচত একেৰাহে সাতখন খেল খেলপথাৰৰ পৰা চায়ে কটাইছিল। কিয়নো ভাৰতে মাত্ৰ দুজন বেগী বলাৰকহে ফিল্ডিং কৰাইছিল। ১৯৯৪ চনৰ শেষৰ ফালে কপিলদেৱৰ অৱসৰৰ পিছত শ্ৰীনাথে ৱেষ্ট ইণ্ডিজৰ ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ বিৰুদ্ধে প্ৰথমখন ঘৰুৱা টেষ্ট মেচ খেলে। দ্বিতীয় ইনিংছত ৫টা উইকেট দখল কৰি ৬০ ৰান সংগ্ৰহ কৰি প্লেয়াৰ অৱ দ্য মেচৰ সন্মান লাভ কৰে। তেওঁৰ বৰ্ধিত সুযোগৰ লগত তেওঁৰ বেটিঙৰ উন্নতি ঘটিছিল আৰু শৃংখলাৰ সময়ছোৱাত তেওঁ দুটা অৰ্ধশতক অৰ্জন কৰিছিল।

সন্মান

  • অৰ্জুন বঁটা – ১৯৯৯ চন
  • মান্য ডক্টৰেট মহীশূৰ বিশ্ববিদ্যালয় - ২০২৩ ৰ পৰা

তথ্যসূত্ৰ

  1. ↑ id=6; type=team Cricket Records-India-ODI-Most Wickets. ESPNcricinfo
  2. ↑ Rediff on the NeT: Srinath strikes, India pull off sensational victory in first Test
  3. ↑ type=trophy Cricket Records – World Cup – Most Wickets. ESPNcricinfo
  4. ↑ Giridhar, S.; Raghunath, V. J. (2016). From Mumbai to Durban: IndiaÕs Greatest Tests. Juggernaut Books. ISBN 978-93-86228-07-9
  5. ↑ Distinguished Alumni. sjcealumni.org. Sri Jayachamarajendra College of Engineering
  6. ↑ Anirudh Singh. (July 10, 2020). 5 famous Indian cricketers who married twice. Cricket Times

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জাভাগল শ্ৰীনাথ” প্ৰবন্ধৰ সংশোধন ৪৩৪৪৭৬ (১ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।