১৯৭২ বৰ্ষৰ চলচ্চিত্ৰ
১১ প্ৰবন্ধ
-
ললিতা
ললিতা (Lalita) ব্ৰজেন বৰুৱা পৰিচালিত ১৯৭২ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমীয়া বোলছবি। চৌধুৰী চলচ্চিত্ৰ প্ৰতিষ্ঠানৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছে অপূৰ্ব চৌধুৰীয়ে। কাহিনী আৰু চিত্ৰনাট্য ব্ৰজেন বৰুৱাৰ। সঙ্গীত ৰমেন বৰুৱাৰ।
-
ওপজা সোণৰ মাটি (চলচ্চিত্ৰ)
ওপজা সোণৰ মাটি (Opaja Sonar Mati) ১৯৭২ চনত মুক্তি পোৱা সমবায় আন্দোলনৰ ওপৰত আধৰিত এটা কাহিনীৰে নিৰ্মিত এখন অসমীয়া ছবি। ছবিখন পৰিচালনা কৰিছিল ব্ৰজেন বৰুৱাই। বৰুৱাই মুঠতে ৫খন ছবি পৰিচালনা কৰিছিল। তেখেতৰ শেষ পৰিচালিত ছবি ওপজা সোণৰ মাটি। এই ছবিখনৰ শ্বুটিং হৈছিল লক্ষীমপুৰত।
-
ভাইটি (চলচ্চিত্ৰ)
ভাইটি (Bhaiti) হৈছে প্ৰথমখন অসমীয়া সম্পূৰ্ণ ৰঙীন চলচ্চিত্ৰ। ১৯৭২ চনত মুক্তি লাভ কৰা চলচ্চিত্ৰখনৰ পৰিচালনা কৰিছিল কমল নাৰায়ণ চৌধুৰীয়ে। চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰিছিল অজিত সিংহই।
-
হৃদয়ৰ প্ৰয়োজন
হৃদয়ৰ প্ৰয়োজন ( Hridoyor Prayojan ) ১৯৭২ চনত মুক্তিপ্ৰাপ্ত, গৌৰী বৰ্মন পৰিচালিত এখন ক’লা-বগা অসমীয়া বোলছবি। হোমেন বৰগোহাঞিৰ কাহিনীৰ আধাৰত পৰিচালক বৰ্মনে ছবিৰ চিত্ৰনাট্য আৰু সংলাপ লিখিছিল। হৃদয়ৰ প্ৰয়োজনে চেঞ্চৰ বোৰ্ডৰ পৰা A-চাৰ্টিফিকেট লাভ কৰিছিল। A-চাৰ্টিফিকেট লাভ কৰা এইখন প্ৰথম অসমীয়া ছবি।
-
বিভ্ৰাট (চলচ্চিত্ৰ)
বিভ্ৰাট ( Bibhrat ) ১৯৭২ চনত মুক্তি পোৱা ফণী তালুকদাৰ পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। প্ৰযোজনা কৰিছিল পীতাম্বৰ শৰ্মা, বংসীধৰ শৰ্মা আৰু ফণী তালুকদাৰে।বিভ্ৰাটৰ গীত বাণীবদ্ধ কৰা হৈছিল জ্যোতি চিত্ৰবনত।
-
পাকীজা (চলচ্চিত্ৰ)
পাকীজা (Pakeezah ) ১৯৭২ চনৰ কামাল আমৰোহী ৰচিত, পৰিচালিত আৰু প্ৰযোজিত এখন ভাৰতীয় সংগীতমধুৰ ৰোমান্টিক নাট্যধৰ্মী ছবি। ছবিখনত অশোক কুমাৰ আৰু ৰাজ কুমাৰৰ সৈতে নাম ভূমিকাত অভিনয় কৰিছে মীনা কুমাৰীয়ে। ইয়াত লক্ষ্ণৌৰ তৱাইফ চাহিবজানৰ কাহিনী বৰ্ণিত হৈছে।
-
সীতা ঔৰ গীতা
সীতা ঔৰ গীতা (Seeta Aur Geeta) ১৯৭২ চনৰ, চেলিম–জাভেদৰ (চেলিম খান আৰু জাভেদ আখতাৰ) দ্বাৰা ৰচিত আৰু ৰমেশ চিপ্পীৰ দ্বাৰা পৰিচালিত ভাৰতীয় হিন্দী ভাষাৰ এখন কমেডী নাট্যধৰ্মী চলচ্চিত্ৰ।
-
স্বয়ম্বৰম
স্বয়ম্বৰম ( One's Own Choice ) ১৯৭২ চনত মুক্তি পোৱা আদুৰ গোপালকৃষ্ণন পৰিচালিত মালয়ালম ভাষাৰ এখন নাট্যধৰ্মী চলচ্চিত্ৰ, য'ত মধু আৰু সাৰদাই মুখ্য চৰিত্ৰত অভিনয় কৰিছে। আন আন উল্লেখযোগ্য সৰু সৰু চৰিত্ৰত অভিনয় কৰিছিল থিক্কুৰিছি সুকুমাৰন নায়াৰ, আদুৰ ভৱানী, কে পি এ চি ললিতা, আৰু ভাৰত গোপীয়ে।
-
গোমতী কে কিনাৰে
গোমতী কে কিনাৰে (Gomti Ke Kinare) ১৯৭২ চনত নিৰ্মিত এখন বলীউডী নাট্যধৰ্মী ছবি। এইখন সাৱন কুমাৰ টাকৰ প্ৰথম পৰিচালিত ছবি। ইয়াত অভিনয় কৰিছে মীনা কুমাৰী আৰু মুমতাজে। এইখনে আছিল মীনা কুমাৰীৰ শেষ মুক্তি পোৱা ছবি আৰু ৩১ মাৰ্চত মৃত্যুৰ ৮ মাহৰ পিছত ১৯৭২ চনৰ ২২ নৱেম্বৰত মৰণোত্তৰভাৱে মুক্তি পাইছিল।
-
পিঞ্জৰা (চলচ্চিত্ৰ)
পিঞ্জৰা ( Pinjara) ১৯৭২ চনত নিৰ্মিত এখন ভাৰতীয় মাৰাঠী ভাষাৰ চলচ্চিত্ৰ। ছবিৰ পৰিচালক আৰু প্ৰযোজক ভি শান্তাৰাম, য'ত শ্ৰীৰাম লাগু আৰু সন্ধ্যাই মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ১৯৭২ চনত এই ছবিখন একে শিৰোনামেৰে হিন্দী ভাষাতো মুক্তি লাভ কৰে।
-
স্ত্ৰীৰ পত্ৰ (চলচ্চিত্ৰ)
স্ত্ৰীৰ পত্ৰ ( Strir Patra ) ৰবীন্দ্ৰনাথ ঠাকুৰৰ চুটিগল্পৰ আধাৰত পূৰ্ণেন্দু পত্ৰীৰ পৰিচালনাত ১৯৭২ চনত নিৰ্মিত এখন বঙালী ছবি। মুখ্য চৰিত্ৰত অভিনয় কৰিছে মাধৱী মুখাৰ্জীয়ে। ১৯১৪ চনত প্ৰথম প্ৰকাশিত ঠাকুৰৰ এই কাহিনীটোক অগ্ৰণী নাৰীবাদী পাঠ বুলি গণ্য কৰা হয়।