যৌন অভিমুখিতা
১৯ প্ৰবন্ধ
-
সমকামিতা
সমকামিতা (Homosexuality) মানে হ'ল এক প্ৰকাৰৰ চাৰিত্ৰিক বৈশিষ্ট্য যত কোনো এজন ব্যক্তি বা কোনো জীৱই নিজৰ সৈতে একে লিংগৰ কোনোবাৰ প্ৰতি শাৰীৰিক, প্ৰেম তথা আবেগিক ভাবে আকৰ্ষিত হয়। ই একপ্ৰকাৰৰ যৌন অভিমুখিতা আৰু প্ৰেম অভিমুখিতা (Romantic orientation) লগতে এটা আকৰ্ষণ ভিক্তিক পৰিচয় হয়।
-
লেছবিয়ান
লেছবিয়ান (Lesbian) মানে হৈছে সমকামী মহিলা যি অন্য মহিলাৰ প্ৰতি প্ৰেম, শাৰীৰিক আৰু আবেগিকভাৱে আকৰ্ষিত হয়। চিকিৎসা বিজ্ঞান আৰু বৈজ্ঞানিক গৱেষণাই প্ৰকাশ কৰিছে যে একে লিংগৰ আকৰ্ষণ, অনুভৱ আৰু ব্যৱহাৰ সম্পূৰ্ণ স্বাভাৱিক আৰু ই মানৱ অভিমুখীতাৰ এটা সাধাৰণ প্ৰকাৰ।
-
এলজিবিটি
এলজিবিটি (LGBT) হ'ল এলজিবিটি সমাজৰ পৰা অহা এটা সংক্ষিপ্ত শব্দ (acronym) যি সংখ্যালঘু ৰোমাণ্টিক অভিমুখিতা, যৌন অভিমুখিতা (লেছবিয়ান, গে',বাইচেক্সুৱেল) আৰু পৃথক লিংগ পৰিচয় (ট্ৰান্সজেণ্ডাৰ)ক প্ৰতিনিধিত্ব কৰে। শব্দটো ইংৰাজী ভাষাৰ পৰা বিংশ শতিকাত অহা।
-
উভকামিতা
উভকামিতা (Bisexuality) মানে হ'ল একে বা বিপৰীত দুয়ো লিংগৰ ব্যক্তিৰ প্ৰতি প্ৰেম, আৱেগ, শাৰীৰিক আৰু যৌন আকৰ্ষণ। উভকামিতা শব্দটো নাৰী আৰু পুৰুষ উভয়ৰ প্ৰতি যৌন বা প্ৰেম আৰু আৱেগিক অনুভূতি নিৰ্দেশক মানৱ আকৰ্ষণক বুজাবলৈ ব্যৱহাৰ কৰা হয়।
-
গে'
গে (Gay) মানে হৈছে সমকামী পুৰুষ যি অন্য পুৰুষৰ প্ৰতি প্ৰেম, শাৰীৰিক আৰু আবেগিকভাৱে আকৰ্ষিত হয়। বৰ্তমান বৃহৎ সংখ্যক চিকিৎসাবিজ্ঞান আৰু মনোবিজ্ঞানৰ গৱেষণাই প্ৰমাণ কৰি দেখুৱাইছে যে গে' বা লেছবিয়ান হোৱাটো মানসিকভাৱে আৰু সামাজিকভাৱে সাধাৰণ।ভাৰতত বৰ্তমান সমকামী সম্পৰ্ক বৈধ।
-
যৌন অভিমুখিতা
যৌন অভিমুখিতা (Sexual orientation) হ'ল এগৰাকী ব্যক্তিয়ে অনুভৱ কৰা যৌন, প্ৰেমসম্বন্ধীয় আৰু মানসিক আকৰ্ষণ। অকামিতা হ'ল এনে এক প্ৰকাৰৰ যৌন অভিমুখিতা য'ত কোনো ব্যক্তিয়ে যৌন আকৰ্ষণ অনুভৱ নকৰে।
-
বিপৰীতকামিতা
বিপৰীতকামিতা (Heterosexuality) বুলিলে বিপৰীতলিংগৰ ব্যক্তিৰ প্ৰতি "প্ৰেম, আৱেগিক আকৰ্ষণ, যৌন আকৰ্ষণ অথবা যৌন আচৰণ"ক বুজায়। যৌন অভিমুখীতা হিচাপে বিপৰীতকামিতা বুলিলে মূলত বিপৰীতলিংগৰ ব্যক্তিৰ প্ৰতি "স্নেহ বা প্ৰণয়ঘটিত এক ধৰণৰ যৌন প্ৰৱণতা"ক বুজায়।
-
অকামিতা
অকামিতা (Asexuality) হৈছে আনৰ প্ৰতি যৌন আকৰ্ষণৰ অভাৱ, বা যৌন কাৰ্যকলাপৰ প্ৰতি কম আগ্ৰহ বা একেবাৰেই আগ্ৰহ নথকা। ইয়াক যৌনঅভিমুখীতাৰ এটা ভাগ বা যৌন আকাংক্ষাৰ অভাৱ থকা ব্যক্তিক প্ৰতিনিধিত্ব কৰা এটা অভিধা বুলি গণ্য কৰা হ'ব পাৰে।
-
ৰোমাণ্টিক অভিমুখিতা
ৰোমাণ্টিক অভিমুখিতা বা প্ৰেম অভিমুখিতা ক স্নেহময় অভিমুখিতাও (affectional orientation) বোলা হয়। ইয়াৰ দ্বাৰা যিকোনো লিংগ বা যৌনতাৰ ব্যক্তিৰ প্ৰতি প্ৰেমময় সম্পৰ্ক গঢ়ি উঠিকে বুজোৱা হয়। একে লিংগৰ যৌন অভিমুখিতাৰ বিকল্প হিচাপে এই অভিধা ব্যৱহাৰ কৰা হয় বা সেই দৃষ্টিকোণৰ পৰা ই এক বৃহৎ পৰিসৰৰ অংশ।
-
সৰ্বকামিতা
সৰ্বকামিতা, হ'ল যিকোনো দৈহিক যৌনতা বা লিংগ পৰিচয়-বিশিষ্ট মানুহৰ প্ৰতি এক প্ৰকাৰৰ যৌন আকৰ্ষণ, ৰোমাণ্টিক প্ৰেম বা আৱেগিক আকৰ্ষণ। সৰ্বকামী ব্যক্তিসকলে নিজকে লিংগ-অন্ধ হিচাপে নিৰ্দেশ কৰে, যাৰ দ্বাৰা বুজোৱা হয় যে, তেওঁলোকে আনৰ প্ৰতি যৌন আকৰ্ষণ অনুভৱ কৰে কিন্তু সেয়া নিৰ্ধাৰণৰ হেতু লিংগ আৰু জৈৱিক যৌন…
-
কিনছে স্কেল
কিনছে স্কেলক; বিপৰীতকামী-সমকামী নিৰ্ধাৰণৰ স্কেল বুলিও কোৱা হয়। এজন মানুহৰ অভিজ্ঞতা অথবা প্ৰতিক্ৰিয়াৰ ওপৰত ভিত্তি কৰি যৌন অভিমুখিতা ব্যাখ্যা সংক্ৰান্ত গৱেষণাত ইয়াৰ ব্যৱহাৰ হয়। এই স্কেলত ০-ৰ পৰা ৬ পৰ্যন্ত মাপ থাকে। ০ মানে হৈছে, সম্পূৰ্ণভাৱে বিপৰীতকামী, আৰু ৬ মানে হৈছে, সম্পূৰ্ণভাৱে সমকামী।
-
কিশোৰ প্ৰীতি
কিশোৰ প্ৰীতি বা বালক প্ৰীতি (Pederasty বা paederasty) হৈছে এজন প্ৰাপ্তবয়স্ক পুৰুষ আৰু কিশোৰৰ বা বালকৰ মাজত যৌন সম্পৰ্ক। পেডেৰাষ্টি শব্দটো মুখ্যতঃ কিছুমান সংস্কৃতিৰ ঐতিহাসিক প্ৰথা, বিশেষকৈ প্ৰাচীন গ্ৰীচ আৰু প্ৰাচীন ৰোমক বুজাবলৈ ব্যৱহাৰ কৰা হয়। বৰ্তমান বেছিভাগ দেশতে এনে সম্পৰ্ক অবৈধ।
-
পুৰুষ আসক্তি আৰু স্ত্ৰী আসক্তি
এণ্ড্ৰফিলিয়া আৰু গাইনেফিলিয়া হৈছে আচৰণ বিজ্ঞানত লিংগ বাইনেৰী সমকামিতা আৰু বিষমযৌন ধাৰণাকৰণৰ বিকল্প হিচাপে যৌন অভিমুখিতাক বৰ্ণনা কৰিবলৈ ব্যৱহৃত শব্দ। এণ্ড্ৰফিলিয়াই পুৰুষৰ প্ৰতি যৌন আকৰ্ষণ বা পুৰুষত্বৰ বৰ্ণনা কৰে; ইয়াক পুৰুষ আসক্তি বুলিও কোৱা হয়।
-
ভাতৃবৎ জন্মৰ ক্ৰম আৰু পুৰুষৰ যৌন অভিমুখিতা
ভাতৃবৎ জন্মৰ ক্ৰম (Fraternal birth order) আৰু পুৰুষৰ যৌন অভিমুখিতা হৈছে জৈৱিকভাৱে জন্মৰ ক্ৰম আৰু যৌন অভিমুখিতাৰ এক সম্পৰ্ক। বিভিন্ন গৱেষণাৰ পৰা দেখা গৈছে যে একে মাতৃৰ সন্তানৰ ক্ষেত্ৰত যিমানেই পুৰুষ সন্তানৰ সংখ্যা অধিক হয় সিমানেই সৰুজন সহোদৰৰ যৌন অভিমুখিতা সমকামী হোৱাৰ সম্ভাৱনা বেছি।
-
শৈশৱকালীন লৈঙ্গিক অনিশ্চয়তা
শৈশৱকালীন লৈঙ্গিক অনিশ্চয়তা (CNG) হৈছে এক পৰিঘটনা য'ত বয়সন্ধিকালৰ পূৰ্বৰ শিশুৱে প্ৰত্যাশিত লিংগ-সম্পৰ্কীয় সমাজতাত্ত্বিক বা মানসিক আৰ্হি অনুসৰণ নকৰে। এই পৰিঘটনাৰ অন্তৰ্ভুক্ত শিশু সকলৰ মাজত সাধাৰণতে সামাজিক ভাৱে নিৰ্ধাৰিত লিংগৰ বিপৰীতে ক্ৰছ-ড্ৰেছ কৰাৰ প্ৰৱণতা, পৰম্পৰাগত ভাৱে লিংগৰ বাবে উপযুক্ত…
-
পুৰুষ সমকামী যৌন প্ৰথা
পুৰুষ সমকামী যৌন প্ৰথা হৈছে পুৰুষৰ সৈতে পুৰুষৰ যৌন কাৰ্য্যকলাপ। এই পদ্ধতিসমূহৰ ভিতৰত পায়ুপথৰ যৌন সম্পৰ্ক, অ-প্ৰৱেশকাৰী যৌন সম্পৰ্ক, মৌখিক যৌন সম্পৰ্ক আদি হ’ব পাৰে। সমীক্ষা অনুসৰি পুৰুষৰ মাজত যৌন সম্পৰ্কৰ প্ৰতিবেদন যথেষ্ট কম।
-
মানৱ যৌনতাৰ প্ৰবন্ধ সূচী
মানৱ যৌনতাই মানুহৰ যৌনতা আৰু যৌন আচৰণৰ শাৰীৰিক, মানসিক, সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক, দাৰ্শনিক, নৈতিক, নৈতিক, ধৰ্মতত্ত্ব, আইনী আৰু আধ্যাত্মিক বা ধৰ্মীয় দিশকে ধৰি বহুতো বিষয় সামৰি লয়। মানৱ যৌনতা সম্পৰ্কীয় প্ৰবন্ধসমূহৰ ভিতৰত আছে:
-
বিভাজিত আকৰ্ষণ আৰ্হি
বিভাজিত আকৰ্ষণ আৰ্হি (ইংৰাজী: Split attraction model; চমুকৈ SAM) হ’ল মনোবিজ্ঞানৰ এক আৰ্হি যিয়ে এজন ব্যক্তিৰ ৰোমাণ্টিক আকৰ্ষণ আৰু যৌন আকৰ্ষণৰ মাজত পাৰ্থক্য দেখুৱায়, যাৰ ফলত এই দুই প্ৰকাৰৰ আকৰ্ষণ ইটোৰ পৰা সিটো পৃথক হ’ব পাৰে।
-
যৌন বৈচিত্ৰ্য
যৌন বৈচিত্ৰ্য (ইংৰাজী: Sexual diversity) বা লিংগ আৰু যৌন বৈচিত্ৰ্য (ইংৰাজী: Gender and sexual diversity; চমুকৈ GSD) বুলিলে যৌন বৈশিষ্ট্য, যৌন অভিমুখিতা আৰু লিংগ পৰিচয়ৰ সকলো বৈচিত্ৰ্যক বুজায়। এই বহুত্ব গঠন কৰা প্ৰতিটো পৰিচয়, আচৰণ বা বৈশিষ্ট্যক পৃথকে উল্লেখ নকৰাকৈয়ে এই ধাৰণাটোৱে সকলোকে সামৰি লয়।