১৯৭৭ বৰ্ষৰ চলচ্চিত্ৰ
৬ প্ৰবন্ধ
-
সন্ধ্যাৰাগ (চলচ্চিত্ৰ)
সন্ধ্যাৰাগ (Sandyaraag) ১৯৭৭ চনত মুক্তি লাভ কৰা এখন ক'লা-বগা অসমীয়া চলচ্চিত্ৰ। এইখন ড° ভবেন্দ্ৰ নাথ শইকীয়া পৰিচালিত প্ৰথম ছবি। 'বানপ্ৰস্থ' শীৰ্ষক এটি গল্পৰ আধাৰত ছবিখনৰ আধাৰত চিত্ৰনাট্য আৰু সংলাপ তেখেতে নিজেই ৰচনা কৰিছে।
-
পাপ আৰু প্ৰায়শ্চিত্ত (চলচ্চিত্ৰ)
পাপ আৰু প্ৰায়শ্চিত্ত (Paap aru Praischitta) ১৯৭৭ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমীয়া চলচ্চিত্ৰ। ছবিৰ পৰিচালক আছিল আনোৱাৰ হুছেইন। সংগীত জীতেন বৰুৱাৰ। ১৯৭০ চনত ধুবুৰীত সংঘটিত এক লোমহৰ্ষক হত্যাকাণ্ডৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছিল।
-
ভূমিকা (চলচ্চিত্ৰ)
ভূমিকা (Bhumika) ১৯৭৭ চনৰ শ্যাম বেনেগালৰ পৰিচালনাত নিৰ্মিত এখন ভাৰতীয় হিন্দী ছবি। ছবিখনত অভিনয় কৰিছে স্মিতা পাটিল, আমোল পালেকাৰ, অনন্ত নাগ, নাছিৰুদ্দিন শ্বাহ আৰু অমৰীশ পুৰীয়ে।
-
আয়না (১৯৭৪ চলচ্চিত্ৰ)
আয়না ( Aaina ) ১৯৭৪ চনত কে বালাচন্দৰৰ ৰচিত আৰু পৰিচালিত ভাৰতীয় হিন্দী ভাষাৰ এখন নাট্যধৰ্মী ছবি। তামিল ছবি আৰংগেট্ৰামৰ (১৯৭৩) পুনৰ্নিৰ্মাণ এই ছবিখনত মুমতাজে মুখ্য চৰিত্ৰত আৰু এ কে হেংগল, নিৰুপা ৰয়, ললিতা পাৱাৰ, জয়াসুধা আৰু মদন পুৰীয়ে সহযোগী চৰিত্ৰত অভিনয় কৰিছে।
-
ঘটশ্ৰাদ্ধ
ঘটশ্ৰাদ্ধ (Ghatashraaddha) ১৯৭৭ চনত মুক্তি পোৱা গিৰীশ কাছাৰৱল্লী পৰিচালিত এখন কানাড়া ভাষাৰ এখন ছবি। ইয়াত মীনা কুট্টাপ্পা, নাৰায়ণ ভাট আৰু অজিত কুমাৰে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। বিশিষ্ট কানাড়া সাহিত্যিক, জ্ঞানপীঠ বঁটা বিজয়ী ইউ আৰ অনন্তমূৰ্তিৰ এখন উপন্যাসৰ আধাৰত ছবিৰ কাহিনী ৰচনা কৰা হৈছে।
-
ধৰম বীৰ
ধৰম বীৰ (Dharam-Veer ) ১৯৭৭ চনৰ, মনমোহন দেশাই পৰিচালিত হিন্দী ভাষাৰ এখন পিৰিয়দ একচন-ড্ৰামা ছবি। আৰ.কে. ষ্টুডিঅ’ৰ বেনাৰত মেহবুব ষ্টুডিঅ’ৰ অধীনত সুভাষ দেশায়ে ছবিখন প্ৰযোজনা কৰিছিল। অভিনয় কৰিছিল ধৰ্মেন্দ্ৰ, জীতেন্দ্ৰ, জীনত আমন, নীতু সিং আৰু প্ৰাণে। সংগীত ৰচনা লক্ষ্মীকান্ত–প্যাৰেলালৰ।