এলিফেণ্টা গুহাসমূহ (Elephanta Caves)মাৰাঠী - ঘাৰাপূৰী - গুহা নগৰী। মুম্বাইৰ এলিফেণ্ট দ্বীপ বা গুহা দ্বীপ এটি গুহাভাস্কৰ্যৰ সমষ্টি। ই মুম্বাইৰপৰা ১০ কি.মি. পূৱে অৱস্থিত। আৰৱ সাগৰৰ এটি বাহুৰ ওপৰত অৱস্থিত এই দ্বীপটিত গুহাসমূহ দুটি শ্ৰেণীত বিভক্ত। প্ৰথম শ্ৰেণীটো বৃহৎ, এই শ্ৰেণীত পাঁচটা হিন্দু গুহা অৱস্থিত। দ্বিতীয় শ্ৰেণীটো ক্ষুদ্ৰতৰ, ইয়াত দুটা বৌদ্ধ গুহা আছে। হিন্দু গুহাসমূহত প্ৰস্তৰখোদিত ভাস্কৰ্য আছে। এইসমূহ হিন্দু শৈৱ্য সম্প্ৰদায়ৰ প্ৰধান দেবতা শিৱৰ মূৰ্তি আছে। পঞ্চমৰপৰা অষ্টম শতাব্দীৰ মধ্যবৰ্তী সময়ত এই প্ৰস্তৰখোদিত ভাস্কৰ্য নিৰ্মিত হয়। এইসমূহৰ নিৰ্মাণকৰ্তাৰ বিষয়ে সঠিক তথ্য পোৱা নাযায়। বেচাল্ট পাথৰৰ কুন্দত এই গুহাসমূহ নিৰ্মিত। ১৯৭০-ৰ দশকত পুনঃনবীকৰণৰ পাছত ১৯৮৭ চনত এই গুহাসমূহৰ শিল্পকৰ্ম সংৰক্ষণৰ উদ্দেশ্যে ইয়াক ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা বিশ্ব ঐতিহ্য তালিকাৰ অন্তৰ্ভুক্ত কৰা হয়।১২
ভৌগোলিক অৱস্থান

এলিফেণ্টা দ্বীপ অথবা ঘাৰাপূৰী, মুম্বাই বন্দৰৰ পৰা প্ৰায় ১১ কি.মি. পূব দিশে আৰু ট্ৰম্বেৰ পৰা প্ৰায় ৯.৭ কি.মি. দক্ষিণত অৱস্থিত। এই দ্বীপে প্ৰায় ১০ বৰ্গ কি.মি. ( উচ্চ জোৱাৰ ভাটা) বা ১৬ বৰ্গ কি.মি. ( নিম্ন জোৱাৰ ভাটা) অঞ্চল অধিকাৰ কৰি আছে। এই দ্বীপৰ দক্ষিণে ঘাৰাপূৰী নামৰ এখন সৰু গাঁও আছে। এই দ্বীপলৈ নিতৌ গে'টৱে অৱ ইণ্ডিয়াৰ পৰা যন্ত্ৰ চালিত নৌকা সেৱা ব্যৱস্থা আছে। এলিফেণ্টা দ্বীপ সোমবাৰে বন্ধ থাকে। এলিফেণ্টা দ্বীপ দীঘলে প্ৰায় ২.৪ কি.মি., ইয়াত ৫০০ ফুট (১৫০ মি) উচ্চতাৰ ২টা পাহাৰ আছে। এই দ্বীপৰ মাজভাগতে উত্তৰৰ পৰা দক্ষিণলৈ এখন ক্ষুদ্ৰ নদী বৈ গৈছে। ইয়াত অৱস্থিত পাহাৰত বিস্তাৰিত অঞ্চলজুৰি হাবিৰ লগতে আম, তেতেলী, পাম্ গছ দেখা যায়। পাহাৰৰ নিম্ন অঞ্চলত ধান খেতি কৰা দেখা যায়। সমুদ্ৰ তীৰ অঞ্চল বোকা আৰু বালিৰে গঠিত, লগতে মেংগ্ৰভৰ জোপোহা বিস্তাৰিত হৈ আছে।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Elephanta Caves. Unesco
- ↑ Elephanta Caves. World Heritage: Unesco.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এলিফেণ্টা গুহাসমূহ” প্ৰবন্ধৰ সংশোধন ৫০৭৩৮৫ (১০ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।