অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সুচিত্ৰা সেন

সুচিত্ৰা সেন (৬ এপ্ৰিল, ১৯৩১ - ১৭ জানুৱাৰী, ২০১৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল। তেওঁৰ জন্মগত নাম আছিল ৰমা দাশগুপ্ত। তেওঁ মূলত বঙালী আৰু হিন্দী চলচ্চিত্ৰত অভিনয় কৰি খ্যাতি অৰ্জন কৰিছিল। বঙালী চলচ্চিত্ৰত উত্তম কুমাৰৰ বিপৰীতে নায়িকাৰ ভূমিকাত অভিনয় কৰি তেওঁ বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিছিল।

হালনাগাদ: ২২ ডিচেম্বৰ ২০২৪ ৩৫২ শব্দ · ২ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

সুচিত্ৰা সেন (৬ এপ্ৰিল, ১৯৩১ - ১৭ জানুৱাৰী, ২০১৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল। তেওঁৰ জন্মগত নাম আছিল ৰমা দাশগুপ্ত। তেওঁ মূলত বঙালী আৰু হিন্দী চলচ্চিত্ৰত অভিনয় কৰি খ্যাতি অৰ্জন কৰিছিল।১ বঙালী চলচ্চিত্ৰত উত্তম কুমাৰৰ বিপৰীতে নায়িকাৰ ভূমিকাত অভিনয় কৰি তেওঁ বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিছিল। ১৯৬৩ চনত 'সাত পাকে বাঁধা' চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে মস্কো চলচ্চিত্ৰ উৎসবত সুচিত্ৰা সেনে "চিলভাৰ প্ৰাইজ ফৰ বেষ্ট একট্ৰেচ" জয় কৰে। তেৱেঁই প্ৰথম ভাৰতীয় অভিনেত্ৰী যি কোনো আন্তৰ্জাতিক চলচ্চিত্ৰ উৎসবত পুৰস্কৃত হৈছিল।২৩ ১৯৭২ চনত ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী সম্মান প্ৰদান কৰে।৪ শুনা যায়, ২০০৫ চনত তেওঁক দাদাচাহেব ফালকে বঁটা প্ৰদানৰ বাবেও প্ৰস্তাব গ্ৰহণ কৰা হৈছিল; কিন্তু সুচিত্ৰা সেনে এই পুৰস্কাৰ গ্ৰহণৰ বাবে মান্তি নহয়। ২০১২ চনত তেওঁক পশ্চিমবঙ্গ চৰকাৰৰ সৰ্বোচ্চ সম্মান বঙ্গবিভূষণ প্ৰদান কৰা হয়।৫

ব্যক্তিগত জীৱন

১৯৩১ চনৰ ৬ এপ্ৰিল ব্ৰিটিছ ভাৰতৰ বাংলা প্ৰেচিডেন্সিৰ (অধুনিক বাংলাদেশ ৰাষ্ট্ৰৰ অন্তৰ্গত চিৰাজগঞ্জ জিলাৰ বেলকুচি থানাৰ অন্তৰ্গত সেন ভাঙ্গাবাড়ী গাঁও সুচিত্ৰা সেনৰ পৈত্ৰিক নিবাস) পাবনা জিলাৰ সদৰ পাবনাত সুচিত্ৰা সেনে জন্মগ্ৰহণ কৰিছিল।৬৭ তেওঁৰ দেউতাক কৰুণাময় দাশগুপ্ত আছিল এখন স্থানীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু মা ইন্দিৰা দেবী আছিল এগৰাকী গৃহীনী। তেওঁ আছিল পৰিয়ালৰ পঞ্চম সন্তান ও তৃতীয় কন্যা। পাবনা চহৰতেই তেওঁ পঢ়া-শুনা কৰিছিল। তেওঁ আছিল কবি ৰজনীকান্ত সেনৰ নাতিনী।৮ ১৯৪৭ চনত বিশিষ্ট শিল্পপতি আদিনাথ সেনৰ পুত্ৰ দিবানাথ সেনৰ সৈতে সুচিত্ৰা সেন বিবাহ পাশত আবদ্ধ হয়।৯ তেওঁলোকৰ একমাত্ৰ কন্যা মুনমুন সেনো এগৰাকী খ্যাতনামা অভিনেত্ৰী। ১৯৫২ চনত সুচিত্ৰা সেন বঙালী চলচ্চিত্ৰ জগতৰ সৈতে যুক্ত হয়।

চলচ্চিত্ৰ জীৱন

১৯৫২ চনত 'শেষ কোথায়' ছবিৰ মাধ্যমে তেওঁ চলচ্চিত্ৰৰ যাত্ৰা আৰম্ভ কৰে যদিও এই ছবিখনে মুক্তি লাভ কৰা নাছিল।

সন্মান

১৯৫৫ চনৰ দেবদাস ছবিৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ পুৰস্কাৰ লাভ কৰে, যিখন আছিল তেওঁৰ জীৱনৰ প্ৰথম হিন্দী ছবি। উত্তম কুমাৰৰ সৈতে বঙালী ছবিত ৰোমান্টিকতা সৃষ্টি কৰাৰ বাবে তেওঁ বঙালী চলচ্চিত্ৰৰ সকলোতকৈ বিখ্যাত অভিনেত্ৰী। ১৯৬০ ও ১৯৭০ দশকত তেওঁৰ অভিনীত ছবি মুক্তি পাইছিল। স্বামীৰ মৃত্যুৰ পিছটো তেওঁ অভিনয় যাত্ৰা অব্যাহত ৰাখিছিল। হিন্দী ছবি 'আন্ধিত' তেওঁ এগৰাকী নেত্ৰীৰ ভূমিকাত অভিনয় কৰিছিল। কোৱা হয় যে উক্ত চৰিত্ৰটিয়ে ইন্দিৰা গান্ধীক প্ৰতিনিধিত্ব কৰিছিল। এই ছবিৰ বাবে তেওঁ ফিল্মফেয়াৰ শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে মনোনয়ন পাইছিল তথা তেওঁৰ স্বামীৰ চৰিত্ৰত অভিনয় কৰা সঞ্জীব কুমাৰে শ্ৰেষ্ঠ অভিনেতাৰ পুৰস্কাৰ লাভ কৰিছিল। হিন্দী চলচ্চিত্ৰত গুৰুত্বপূৰ্ণ অবদানৰ বাবে প্ৰতিবছৰ ভাৰত চৰকাৰে দাদাচাহেব ফাল্কে বঁটা প্ৰদান কৰে। চলচ্চিত্ৰৰ অন্যতম মৰ্যাদাপূৰ্ণ এই সম্মান সুচিত্ৰা সেনে প্ৰত্যাখ্যান কৰে।

চলচ্চিত্ৰৰ তালিকা

নম্বৰমুক্তিচলচ্চিত্ৰমুক্তিৰ তাৰিখচৰিত্ৰপৰিচালকনায়কমন্তব্য
1১৯৫২শেষ কোথায়অমুক্তিপ্ৰাপ্তছবিখনে মুক্তি লাভ কৰা নাছিল
2১৯৫৩সাত নম্বৰ কয়েদী৭ ফেব্ৰুৱাৰী ১৯৫৩সুকুমাৰ দাশগুপ্তসমৰ ৰায়মুক্তিপ্ৰাপ্ত প্ৰথম ছবি
3১৯৫৩সাড়ে চুয়াত্তৰ২০ ফেব্ৰুৱাৰী ১৯৫৩ৰমলানিৰ্মল দেউত্তম কুমাৰ
4১৯৫৩ভগবান শ্ৰীকৃষ্ণ চৈতন্য১১ ডিচেম্বৰ ১৯৫৩বিষ্ণুপ্ৰিয়াদেবকী বসুবসন্ত চৌধুৰী
5১৯৫৩কাজৰী১০ এপ্ৰিল ১৯৫৩নীৰেন লাহিড়ীনায়ক নাই
6১৯৫৪অ্যাটম বম্ব১ জানুৱাৰী ১৯৫৪তাৰু মুখোপাধ্যায়ৰবীন মজুমদাৰএক্সট্ৰা হিচাপে আত্মপ্ৰকাশ। ছবিৰ প্ৰধান নায়িকা সাবিত্ৰী চট্টোপাধ্যায়
7১৯৫৪ওৰা থাকে ওধাৰে৫ ফেব্ৰুৱাৰী ১৯৫৪প্ৰমীলাসুকুমাৰ দাশগুপ্তউত্তম কুমাৰ
8১৯৫৪ঢুলি৩ জুন ১৯৫৪মিনতিপিনাকী মুখোপাধ্যায়প্ৰশান্ত কুমাৰ
9১৯৫৪মৰণেৰ পৰে২৫ জুন ১৯৫৪তনিমাসতীশ দাশগুপ্তউত্তম কুমাৰ
10১৯৫৪সদানন্দেৰ মেলা১৬ জুলাই ১৯৫৪শীলাসুকুমাৰ দাশগুপ্তউত্তম কুমাৰ
11১৯৫৪অন্নপূৰ্ণাৰ মন্দিৰ৬ আগষ্ট ১৯৫৪সতীনৰেশ মিত্ৰউত্তম কুমাৰ
12১৯৫৪অগ্নিপৰীক্ষা (চলচ্চিত্ৰ)৩ সেপ্টেম্বৰ ১৯৫৪তাপসীঅগ্ৰদূতউত্তম কুমাৰ
13১৯৫৪গৃহপ্ৰৱেশ১২ নৱেম্বৰ ১৯৫৪অজয় কৰউত্তম কুমাৰ
14১৯৫৪বলয়গ্ৰাস১৭ ডিচেম্বৰ ১৯৫৪মণিমালাপিনাকী মুখোপাধ্যায়
15১৯৫৫সাঁঝেৰ প্ৰদীপ২৮ জানুৱাৰী ১৯৫৫ৰাজুসুধাংশু মুখোপাধ্যায়উত্তম কুমাৰ
16১৯৫৫দেৱদাস১ জানুয়াৰি ১৯৫৫পাৰ্বতী (পাৰু)বিমল ৰায়দিলীপ কুমাৰশৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ বিখ্যাত উপন্যাস "দেবদাস"ৰ আধাৰত নিৰ্মিত প্ৰথম হিন্দী ছবি
17১৯৫৫সাজঘৰ১১ মাৰ্চ ১৯৫৫অজয় কৰবিকাশ ৰায়
18১৯৫৫শাপমোচন২৭ মে ১৯৫৫মাধুৰীসুধীৰ মুখোপাধ্যায়উত্তম কুমাৰ
19১৯৫৫মেজ বৌ৩০ ছেপ্টেম্বৰ ১৯৫৫দেবনাৰায়ণ গুপ্তবিকাশ ৰায়
20১৯৫৫ভালোবাসা৬ অক্টোবৰ ১৯৫৫দেবকী বসুবসন্ত চৌধুৰী
21১৯৫৫সবাৰ উপৰে১ ডিচেম্বৰ ১৯৫৫ৰিতাঅগ্ৰদূতউত্তম কুমাৰ
22১৯৫৬সাগৰিকা১ ফেব্ৰুৱাৰী ১৯৫৬সাগৰিকাঅগ্ৰগামীউত্তম কুমাৰ
23১৯৫৬শুভৰাত্ৰি৩০ মাৰ্চ ১৯৫৬শান্তিসুশীল মজুমদাৰবসন্ত চৌধুৰী
24১৯৫৬একটি ৰাত১১ মে ১৯৫৬সান্ত্বনাচিত্ত বসুউত্তম কুমাৰ
25১৯৫৬ত্ৰিযামা২৮ জুন ১৯৫৬স্বৰুপাঅগ্ৰদূতউত্তম কুমাৰ
26১৯৫৬শিল্পী৩০ নৱেম্বৰ ১৯৫৬অঞ্জনাঅগ্ৰগামীউত্তম কুমাৰ
27১৯৫৬আমাৰ বৌ১৪ ডিচেম্বৰ ১৯৫৬খগেন ৰায়বিকাশ ৰায়
28১৯৫৭হাৰানো সুৰ৬ ছেপ্টেম্বৰ ১৯৫৭ডঃ ৰমা ব্যানাৰ্জিঅজয় কৰউত্তম কুমাৰ
29১৯৫৭চন্দ্ৰনাথ১৫ নৱেম্বৰ ১৯৫৭সৰযূকাৰ্তিক চট্টোপাধ্যায়উত্তম কুমাৰশৰৎচন্দ্ৰৰ বিখ্যাত উপন্যাস "চন্দ্ৰনাথ"ৰ আধাৰত
30১৯৫৭পথে হল দেৰী৫ ডিচেম্বৰ ১৯৫৭মল্লিকা ব্যানাৰ্জিঅগ্ৰদূতউত্তম কুমাৰ
31১৯৫৭জীৱন তৃষ্ণা২৫ ডিচেম্বৰ ১৯৫৭শকুন্তলাঅসিত সেনউত্তম কুমাৰ
32১৯৫৭মুসাফিৰশকুন্তলা বৰ্মাহৃষীকেশ মুখোপাধ্যায়শেখৰহিন্দী ছবি
33১৯৫৭চম্পাকলিচম্পাকলিনন্দলাল জসবন্তলালভাৰত ভূষণহিন্দী ছবি
34১৯৫৮ৰাজলক্ষ্মী ও শ্ৰীকান্ত২৮ ফেব্ৰুৱাৰী ১৯৫৮ৰাজলক্ষ্মীহৰিদাস ভট্টাচাৰ্যউত্তম কুমাৰশৰৎচন্দ্ৰৰ বিখ্যাত উপন্যাস "ৰাজলক্ষ্মী ও শ্ৰীকান্ত"ৰ আধাৰত
35১৯৫৮সূৰ্যতোৰণ২১ নৱেম্বৰ ১৯৫৮অনিতা চেটাৰ্জিঅগ্ৰদূতউত্তম কুমাৰ
36১৯৫৮ইন্দ্ৰাণী (১৯৫৮-ৰ চলচ্চিত্ৰ)১০ অক্টোবৰ১৯৫৮ইন্দ্ৰাণীনীৰৰন লাহিড়ীউত্তম কুমাৰ
37১৯৫৯দীপ জ্বেলে যাই১ মে ১৯৫৯ৰাধা মিত্ৰঅসিত সেনবসন্ত চৌধুৰী
38১৯৫৯চাওয়া পাওয়া (১৯৫৯-ৰ চলচ্চিত্ৰ)২৭ ফেব্ৰুৱাৰী ১৯৫৯মঞ্জুযাত্ৰিকউত্তম কুমাৰ
39১৯৬০হস্পিতাল১৬ সেপ্টেম্বৰ ১৯৬০শৰ্বৰীসুশীল মজুমদাৰঅশোক কুমাৰ
40১৯৬০স্মৃতিটুকু থাক২৩ ছেপ্টেম্বৰ ১৯৬০শোভা/উৎপলাযাত্ৰিকঅসিতবৰণ মুখোপাধ্যায় / বিকাশ ৰায়প্ৰথম বাৰ দ্বৈত চৰিত্ৰত অভিনয়
41১৯৬০বোম্বাই কা বাবুমায়াৰাজ খোসলাদেব আনন্দহিন্দী ছবি
42১৯৬০সৰহদশঙ্কৰ মুখাৰ্জিদেব আনন্দহিন্দী ছবি
43১৯৬১সপ্তপদী২০ অক্টোবৰ ১৯৬১ৰিনা ব্ৰাউনঅজয় কৰউত্তম কুমাৰ
44১৯৬২বিপাশা২৬ জানুৱাৰী ১৯৬২বিপাশাঅগ্ৰদূতউত্তম কুমাৰ
45১৯৬৩সাত পাকে বাঁধা২২ মাৰ্চ ১৯৬৩অৰ্চনাঅজয় কৰসৌমিত্ৰ চেটাৰ্জী
46১৯৬৩উত্তৰ ফাল্গুনী১১ অক্টোবৰ ১৯৬৩দেবযানী / পান্নাবাঈ / সুপৰ্ণাঅসিত সেনদিলীপ মুখোপাধ্যায় / বিকাশ ৰায়দ্বৈত চৰিত্ৰ
47১৯৬৪সন্ধ্যাদীপেৰ শিখা২ অক্টোবৰ ১৯৬৪জয়ন্তী বেনাৰ্জিহৰিদাস ভট্টাচাৰ্যদিলীপ মুখোপাধ্যায় / বিকাশ ৰায়
48১৯৬৬মমতাদেবযানী / পান্নাবাঈ / সুপৰ্ণাঅসিত সেনধৰ্মেন্দ্ৰ / অশোক কুমাৰবঙালী চলচ্চিত্ৰ "উত্তৰ ফাল্গুনী"ৰ হিন্দী সংস্কৰণ
49১৯৬৭গৃহদাহ৫ মে ১৯৬৭অচলাসুবোধ মিত্ৰউত্তম কুমাৰশৰৎচন্দ্ৰৰ বিখ্যাত উপন্যাস "গৃহদাহ"ৰ আধাৰত
50১৯৬৯কমললতা২ অক্টোবৰ ১৯৬৯কমললতাহৰিসাধন দাশগুপ্তউত্তম কুমাৰশৰৎচন্দ্ৰৰ বিখ্যাত উপন্যাস "কমললতা" আধাৰত
51১৯৭০মেঘ কালো৪ ছেপ্টেম্বৰ ১৯৭০ডঃ নিৰ্মাল্য ৰায়সুশীল মুখোপাধ্যায়বসন্ত চৌধুৰী
52১৯৭১নবৰাগ৪ ফেব্ৰুৱাৰী ১৯৭১নাৰায়ণী / ৰিনাবিজয় বসুউত্তম কুমাৰ
53১৯৭১ফৰিয়াদ৫ নৱেম্বৰ ১৯৭১চাঁপা / ৰতনমালাবিজয় বসুউৎপল দত্ত (অভিনেতা)
54১৯৭২আলো আমাৰ আলো১৭ মাৰ্চ ১৯৭২অতসীপিনাকী মুখোপাধ্যায়উত্তম কুমাৰ
55১৯৭২হাৰ মানা হাৰ১৯ ডিচেম্বৰ ১৯৭২নীৰা (নীৰজা)সলিল সেনউত্তম কুমাৰ
56১৯৭৪দেবী চৌধুৰানী৬ ছেপ্টেম্বৰ ১৯৭৪প্ৰফুল্লমুখীদীনেন গুপ্তৰঞ্জিত মল্লিক
57১৯৭৪শ্ৰাবণ সন্ধ্যা২৫ জানুৱাৰী ১৯৭৪বীৰেশ্বৰ বসুসমিত ভঞ্জ
58১৯৭৫প্ৰিয় বান্ধবী৩ অক্টোবৰ ১৯৭৫শ্ৰীমতীহীৰেন নাগউত্তম কুমাৰ
59১৯৭৫আঁধি১৩ ফেব্ৰুৱাৰী ১৯৭৫আৰতি দেবীগুলজাৰসঞ্জীব কুমাৰহিন্দী ছবি
60১৯৭৬দত্তা৩০ জুলাই ১৯৭৬বিজয়াঅজয় কৰসৌমিত্ৰ চেটাৰ্জীশৰৎচন্দ্ৰৰ বিখ্যাত উপন্যাস "দত্তা" আধাৰত
61১৯৭৮প্ৰণয় পাশা৯ জুন ১৯৭৮বাসবদত্তামঙ্গল চক্ৰবৰ্তীসৌমিত্ৰ চেটাৰ্জী

তথ্যসূত্ৰ

  1. ↑ Sharma, Vijay Kaushik,9 Bela Rani. (1998). Women's rights and world development. Sarup & Sons. পৃ. 368. ISBN 8176250155
  2. ↑ (17 January 2014). Suchitra Sen, Bengal's sweetheart. NDTV
  3. ↑ 3rd Moscow International Film Festival (1963). MIFF
  4. ↑ Padma Awards Directory (1954–2013). Ministry of Home Affairs
  5. ↑ (20 May 2012). Suchitra Sen awarded Banga-Bibhusan. Zee News India
  6. ↑ Deb, Alok Kumar. APRIL BORN a few PERSONALITIES. www.tripurainfo.com
  7. ↑ (8 July 2008). Garbo meets Sen Two women bound by beauty and mystery. Telegraph
  8. ↑ Archived copy
  9. ↑ Chakraborty, Ajanta. (18 Jun 2011). Actress Suchitra Sen's secrets out!. TNN (Times of India)

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীপদ্মশ্ৰী বঁটা বিজয়ীপশ্চিমবঙ্গৰ ব্যক্তিবঙালী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুচিত্ৰা সেন” প্ৰবন্ধৰ সংশোধন ৪৫৬৮৩৮ (২২ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।