অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

কুচিপুড়ি

কুচিপুড়ি (Kuchipudi) ভাৰতৰ শাস্ত্ৰীয় নৃত্যৰ এটা প্ৰধান শাস্ত্ৰীয় নৃত্য শৈলী। সপ্তদশ শতিকাত ভক্তি আন্দোলনৰ ফলস্বৰূপে অন্ধ্ৰপ্ৰদেশৰ কুচিপুড়ি নামৰ গাঁৱত এই নৃত্যকলাৰ জন্ম হয়।

হালনাগাদ: ১ নৱেম্বৰ ২০২৩ ১৫৪ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

কুচিপুড়ি (Kuchipudi) ভাৰতৰ শাস্ত্ৰীয় নৃত্যৰ এটা প্ৰধান শাস্ত্ৰীয় নৃত্য শৈলী। সপ্তদশ শতিকাত ভক্তি আন্দোলনৰ ফলস্বৰূপে অন্ধ্ৰপ্ৰদেশৰ কুচিপুড়ি নামৰ গাঁৱত এই নৃত্যকলাৰ জন্ম হয়।১২৩ সিদ্ধেন্দ্ৰ যোগী নামৰ এজন নৃত্য গুৰুৱে ভগৱান কৃষ্ণৰ পত্নী সত্যভামাৰ কাহিনীৰ ভিত্তিত ‘ভামা কল্পনা’ নামৰ এখন নৃত্য-নাটিকাত এই নৃত্য কলাৰ প্ৰয়োগ কৰে। সিদ্ধেন্দ্ৰ যোগীয়ে কুচিপুড়ি গাঁৱৰ ব্ৰাহ্মণ পুত্ৰ সন্তান সকলক এই নৃত্য কলাৰ প্ৰশিক্ষণ দিয়ে ১৬৭৫ চনত গোলকোণ্ডাৰ নবাবৰ দৰবাৰত এই নৃত্যকলাৰ প্ৰদৰ্শন কৰে। ন-শৈলীৰ এই নৃত্য দেখি নবাব সন্ত্তষ্ট হয় আৰু এই নৃত্যৰ চৰ্চা আৰু সংৰক্ষণৰ বাবে কুচিপুড়ি গাঁওখন দান কৰে। এই নৃত্যত নৰ্তকে তাল-লয়ৰ লগত সংগতি ৰাখি মাজে মাজে গান গায় আৰু সংলাপো ব্যৱহাৰ কৰে। পৰম্পৰাগত এই নৃত্য পুৰুষেহে প্ৰদৰ্শন কৰে যদিও বৰ্তমান মহিলায়ো এই নৃত্য প্ৰদৰ্শন কৰিবলৈ লৈছে।৪ কুচিপুড়ি হৈছে নৃত্ত, নৃত্য আৰু নাটকেৰে গঠিত এক নৃত্যনাটিকা। বৰ্তমান সময়ত কুচিপুড়ি একক, দ্বৈত আৰু দলগতভাৱে প্ৰদৰ্শন কৰা হয়। পুৰণিকালত ইয়াক দলগত ভাৱে প্ৰতিজন নাট্যকাৰে বিভিন্ন চৰিত্ৰ লৈ নৃত্যনাটিকা হিচাপেহে প্ৰদৰ্শন কৰিছিল।৩

ভাৰতৰ কেইগৰাকীমান প্ৰসিদ্ধ কুচিপুড়ি নৃত্যশিল্পী

  • বেদান্তম সত্যনাৰায়ণ
  • যামিনী কৃষ্ণমূৰ্তি
  • ৰাজা ৰেড্ডী
  • ৰাধা ৰেড্ডী

তথ্যসূত্ৰ

  1. ↑ ‘Art has to be nurtured to sustain’. The Hindu
  2. ↑ Kuchipudi. kuchipudidance.org. Kuchipudi Dance Academy
  3. ↑ Dance. indiaculture.nic.in. Ministry of Culture, Government of India
  4. ↑ সংক্ষিপ্ত অসমীয়া বিশ্বকোষ, প্ৰথম খণ্ড, জ্যোতি প্ৰকাশন, শান্তনু কৌশিক বৰুৱা, পৃষ্ঠা নং -?

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ শাস্ত্ৰীয় নৃত্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুচিপুড়ি” প্ৰবন্ধৰ সংশোধন ৩৮৯৮০০ (১ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।