লোকসভাৰ অধ্যক্ষ
৫ প্ৰবন্ধ
-
নীলম সঞ্জীৱ ৰেড্ডী
নীলম সঞ্জীৱ ৰেড্ডী (Neelam Sanjiva Reddy; ১৯ মে' ১৯১৩ – ১ জুন ১৯৯৬) আছিল ভাৰতৰ ষষ্ঠগৰাকী ৰাষ্ট্ৰপতি। ভাৰতীয় কংগ্ৰেছ দলৰ লগত তেওঁ দীৰ্ঘ ৰাজনৈতিক জীৱনটো আৰম্ভ হৈছিল আৰু তাৰপিছত তেওঁ স্বৰাজোত্তৰ ভাৰতৰ কেইবাটাও গুৰুত্বপূৰ্ণ পদবীত কাৰ্যনিৰ্বাহ কৰিছিল।
-
মীৰা কুমাৰ
মীৰা কুমাৰ (Meira Kumar) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ পাঁচবাৰৰ বাবে লোকসভাৰ সাংসদ নিৰ্বাচিত হৈছিল। ভাৰতীয় জাতীয় কংগ্ৰেছৰ সক্ৰিয় সদস্য মীৰা কুমাৰ ২০১৭ চনৰ ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত সংযুক্ত প্ৰগতিশীল মিত্ৰগোটৰ মনোনীত প্ৰাৰ্থী আছিল।
-
সুমিত্ৰা মহাজন
সুমিত্ৰা মহাজন (Sumitra Mahajan, জন্ম: ১২ এপ্ৰিল ১৯৪৩) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেত্ৰী আৰু লোকসভাৰ ১৬তম অধ্যক্ষ। তেওঁ ভাৰতীয় জনতা পাৰ্টি দলৰ লগত জড়িত। ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰত তেওঁ অষ্টম বাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হয়।
-
ঔম বিৰলা
ঔম বিৰলা (Om Birla,জন্ম ২৩ নৱেম্বৰ,১৯৬২) এজন ভাৰতীয় ৰাজনীতিবিদ আৰু বৰ্তমান ১৭তম লোকসভাৰ অধ্যক্ষ। ভাৰতীয় জনতা পাৰ্টিৰ সদস্য ঔম বিৰলায়ে ১৬তম আৰু ১৭তম লোকসভালৈ ৰাজস্থানৰ কোটা-বুন্দী লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল।
-
লোকসভাৰ অধ্যক্ষ
লোকসভাৰ অধ্যক্ষ ভাৰতৰ সংসদৰ নিম্ন সদন লোকসভাৰ সভা পৰিচালক। সাধাৰণতে লোকসভাৰ অধ্যক্ষৰ নিৰ্বাচন লোকসভাৰ প্ৰথম বৈঠকত কৰা হয়। তেওঁৰ কাৰ্যকাল ৫ বছৰ। লোকসভাৰ অধ্যক্ষ গৰাকী লোকসভালৈ নিৰ্বাচিত সাংসদ সকলে নিৰ্বাচিত থাকে। সেয়ে সাধাৰণতে শাসক দলৰ বা তেওঁলোকৰ সংযুক্ত মৰ্চাৰ সমৰ্থিত প্ৰাৰ্থীয়ে এই পদবী লাভ কৰে।