ভাৰতীয় কূটনীতিবিদ
৯ প্ৰবন্ধ
-
কে আৰ নাৰায়ণন
কোচাৰিল ৰমন নাৰায়ণন (Kocheril Raman Narayanan; চমুকৈ কে আৰ নাৰায়ণন; ২৭ অক্টোবৰ ১৯২০ – ৯ নৱেম্বৰ ২০০৫) আছিল ভাৰতৰ দশম ৰাষ্ট্ৰপতি আৰু নৱমগৰাকী উপৰাষ্ট্ৰপতি। ৰাষ্ট্ৰপতি নাৰায়ণনক কেইবাটাও নজিৰ স্থাপনকাৰী কাৰ্য কৰাৰ বাবে আৰু তেওঁৰ স্বাধীনচিতীয়া মনোভাৱৰ বাবে স্মৰণ কৰা হয়।
-
বিজয়লক্ষ্মী পণ্ডিত
বিজয়লক্ষ্মী পণ্ডিত (Vijaya Lakshmi Pandit; ১৮ আগষ্ট ১৯০০ – ১ ডিচেম্বৰ ১৯৯০) এগৰাকী ভাৰতীয় কূটনীতিবিদ আৰু ৰাজনৈতিক নেত্ৰী। তেওঁ ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ ভগ্নী আছিল। লগতে ভাৰতৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ পেহী আৰু ৰাজীৱ গান্ধীৰ পেহী আইতা।
-
মীৰা কুমাৰ
মীৰা কুমাৰ (Meira Kumar) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ পাঁচবাৰৰ বাবে লোকসভাৰ সাংসদ নিৰ্বাচিত হৈছিল। ভাৰতীয় জাতীয় কংগ্ৰেছৰ সক্ৰিয় সদস্য মীৰা কুমাৰ ২০১৭ চনৰ ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত সংযুক্ত প্ৰগতিশীল মিত্ৰগোটৰ মনোনীত প্ৰাৰ্থী আছিল।
-
গোপালকৃষ্ণ গান্ধী
গোপালকৃষ্ণ দেৱদাস গান্ধী (Gopalkrishna Devdas Gandhi; জন্ম: ২২ এপ্ৰিল ১৯৪৫) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেতা আৰু প্ৰাক্তন কূটনীতিবিদ। তেওঁ ২০০৪ চনৰ পৰা ২০০৯ চনলৈ পশ্চিম বংগৰ ২৩তম ৰাজ্যপাল আছিল। তেওঁ মহাত্মা গান্ধীৰ নাতি।
-
চি. বি. মুথাম্মা
চনিৰা বেল্লিয়াপ্পা মুথাম্মা চমুকৈ চি. বি. মুথাম্মা (Chonira Belliappa Muthamma; ২৪ জানুৱাৰী ১৯২৪ – ১৪ অক্টোবৰ ২০০৯) এগৰাকী ভাৰতীয় কূটনীতিবিদ আৰু অসামৰিক সেৱা বিষয়া।
-
অৰুন্ধতী ঘোষ
অৰুন্ধতী ঘোষ (Arundhati Ghose,২৫ নৱেম্বৰ ১৯৩৯ – ২৫ জুলাই ২০১৬) এগৰাকী ভাৰতীয় কূটনীতিবিদ আছিল৷ তেওঁ জেনেভাত থকা ৰাষ্ট্ৰসংঘৰ কাৰ্যালয়ত ভাৰতৰ স্থায়ী প্ৰতিনিধি আছিল আৰু ১৯৯৬ চনত জেনেভাত অনুষ্ঠিত নিৰস্ত্ৰকৰণ সন্মিলনত বিস্তৃত পাৰমাণৱিক পৰীক্ষা নিষেধাজ্ঞা চুক্তি (চিটিবিটি) আলোচনাত অংশগ্ৰহণ কৰা ভাৰতীয়…
-
সুব্ৰমনিয়ম জয়শংকৰ
সুব্ৰমনিয়ম জয়শংকৰ (Subrahmanyam Jaishankar; জন্ম ৯ জানুৱাৰী ১৯৫৫) এগৰাকী কূটনীতিবিদ আৰু বৰ্তমান ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী। ইয়াৰ আগতে তেওঁ ২০১৫ চনৰ পৰা ২০১৮ চনলৈ ভাৰতৰ বিদেশ সচিব পদত অধিষ্ঠিত আছিল। তেওঁ ১৯৭৭ চনত ভাৰতীয় বৈদেশিক সেৱাত অংশগ্ৰহণ কৰিছিল।
-
চৈয়দ আকবৰুদ্দিন
চৈয়দ আকবৰুদ্দিন (Syed Akbaruddin) এগৰাকী ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়া আৰু পূৰ্বৰ ৰাষ্ট্ৰসংঘলৈ ভাৰতৰ স্থায়ী প্ৰতিনিধি। ১ জানুৱাৰী ২০১৭ৰ পৰা ১৯ মে' ২০২০ লৈ তেওঁ এই পদত অধিষ্ঠিত হৈ আছিল।
-
বিক্ৰম মিশ্ৰী
বিক্ৰম মিশ্ৰী (Vikram Misri; জন্ম:-৭ নৱেম্বৰ ১৯৬৪) ভাৰতীয় বৈদেশিক সেৱাৰ এজন ভাৰতীয় কূটনীতিবিদ৷ তেওঁ ২০২৪ চনৰ জুলাই মাহৰ পৰা ভাৰতৰ ৩৫ সংখ্যক বৈদেশিক সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।