ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া
২২ প্ৰবন্ধ
-
য়েছে দৰজে ঠংচি
য়েছে দৰজে ঠংচি (Yese Dorjee Thongchi) এগৰাকী বিশিষ্ট ঔপন্যাসিক আৰু গল্পকাৰ। ‘জোনবাই’ নামৰ কবিতা লিখি সাহিত্যিক জীৱন আৰম্ভ কৰা ঠংচিয়ে স্কুলীয়া দিনৰে পৰা সাহিত্য-চৰ্চাত মনোনিবেশ কৰিছিল।
-
বীৰেশ্বৰ বৰুৱা
বীৰেশ্বৰ বৰুৱা (Bireswar Baruah; ১৯৩৩ - ২০১০)অসমৰ এগৰাকী কবি আৰু সমালোচক। ৰামধেনু যুগত আত্মপ্ৰকাশ কৰি পৰৱৰ্তী কালত গল্পকাৰ আৰু ঔপন্যাসিক ৰূপে তেওঁ প্ৰতিষ্ঠা লাভ কৰিছিল।
-
মীৰা কুমাৰ
মীৰা কুমাৰ (Meira Kumar) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ পাঁচবাৰৰ বাবে লোকসভাৰ সাংসদ নিৰ্বাচিত হৈছিল। ভাৰতীয় জাতীয় কংগ্ৰেছৰ সক্ৰিয় সদস্য মীৰা কুমাৰ ২০১৭ চনৰ ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত সংযুক্ত প্ৰগতিশীল মিত্ৰগোটৰ মনোনীত প্ৰাৰ্থী আছিল।
-
গোপালকৃষ্ণ গান্ধী
গোপালকৃষ্ণ দেৱদাস গান্ধী (Gopalkrishna Devdas Gandhi; জন্ম: ২২ এপ্ৰিল ১৯৪৫) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেতা আৰু প্ৰাক্তন কূটনীতিবিদ। তেওঁ ২০০৪ চনৰ পৰা ২০০৯ চনলৈ পশ্চিম বংগৰ ২৩তম ৰাজ্যপাল আছিল। তেওঁ মহাত্মা গান্ধীৰ নাতি।
-
চি. বি. মুথাম্মা
চনিৰা বেল্লিয়াপ্পা মুথাম্মা চমুকৈ চি. বি. মুথাম্মা (Chonira Belliappa Muthamma; ২৪ জানুৱাৰী ১৯২৪ – ১৪ অক্টোবৰ ২০০৯) এগৰাকী ভাৰতীয় কূটনীতিবিদ আৰু অসামৰিক সেৱা বিষয়া।
-
সুহাস ললিনাকেৰী য়াথিৰাজ
সুহাস ললিনাকেৰী য়াথিৰাজ (Suhas Lalinakere Yathiraj; জন্ম: ২ জুলাই ১৯৮৩) হৈছে এগৰাকী ভাৰতীয় প্ৰসাশনিক বিষয়া তথা পেছাদাৰী পেৰা-বেডমিণ্টন খেলুৱৈ। সুহাসে ভাৰতীয় প্ৰশাসনিক সেৱাত যোগদান কৰি উত্তৰ প্ৰদেশৰ বিভিন্ন জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।
-
অশোক শইকীয়া
অশোক শইকীয়া (Ashok Saikia) ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ৰ (Prime Minister’s Office, PMO) যুটীয়া সম্পাদক আছিল। ১৯৮০ দশকত তেওঁ দৰং জিলাৰ অতিৰিক্ত উপায়ুক্ত, কাৰ্বি আংলং জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
আন্না ৰাজম মলহোত্ৰা
আন্না ৰাজম মলহোত্ৰা (১৭ জুলাই ১৯২৭ – ১৭ ছেপ্টেম্বৰ ২০১৮) এগৰাকী ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া আছিল। তেওঁ ভাৰতীয় প্ৰশাসনিক সেৱাত যোগদান কৰে প্ৰথম গৰাকী মহিলা। তেওঁ ১৯৫০ চনত অসামৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ মাদ্ৰাজ কেডাৰত যোগদান কৰিছিল।
-
যতিন মিপুন
যতীন মিপুন (Jatin Mipun) এজন লেখক আৰু ভাৰতীয় পুলিচ সেৱাত যোগদান কৰা প্ৰথমজন মিচিং জনগোষ্ঠীৰ লোক আছিল। 'মিক্চিজিলি' (Miksijili) শীৰ্ষক উপন্যাস খনৰ বাবে তেখেতে অসম সাহিত্য সভাৰ পৰা অম্বিকাগিৰি ৰায়চৌধাৰী বঁটা লাভ কৰিছিল।
-
শকুন্তলা দলে গামলিন
শকুন্তলা দলে গামলিন (Shakuntala Doley Gamlin) এগৰাকী অৰুণাচল প্ৰদেশ-গোৱা-মিজোৰাম-কেন্দ্ৰীয় শাসিত অঞ্চল (Arunachal Pradesh-Goa-Mizoram-Union territory- AGMUT) কেডাৰৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া। বৰ্তমান তেওঁ ভাৰত চৰকাৰৰ বাধাগ্ৰস্ত ব্যক্তিৰ সৱলীকৰণ বিভাগৰ সচিব হিচাপে কৰ্মৰত।
-
শ্ৰীকান্ত জিচকাৰ
শ্ৰীকান্ত জিচকাৰ (Shrikant Jichkar, श्रीकांत जिचकार; ১৪ চেপ্টেম্বৰ ১৯৫৪ – ২ জুন ২০০৪) ভাৰতৰ সৰ্বাধিক ডিগ্ৰীধাৰী ব্যক্তি হিচাপে পৰিচিত আছিল। তেওঁ ৪২খন বিশ্ববিদ্যালয়ৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পিছত ২০টা ডিগ্ৰী অৰ্জন কৰিছিল।
-
হৰিশংকৰ ব্ৰহ্ম
হৰিশংকৰ ব্ৰহ্ম (Harishankar Brahma; জন্ম: ১৯ এপ্ৰিল ১৯৫০) হৰিশংকৰ ব্ৰহ্মই ২০১১ চনৰ এপ্ৰিল মাহত কেন্দ্ৰীয় শক্তি মন্ত্ৰালয়ৰ সচিব হিচাপে অৱসৰ গ্ৰহণ কৰে। ব্ৰহ্ম নিৰ্বাচন আয়োগত ২০১৫ চনৰ ১৬ জানুৱাৰীৰ পৰা ২০১৫ চনৰ ১৬ জানুৱাৰীত তেখেতে মুখ্য নিৰ্বাচন আয়ুক্ত ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে আৰু ২০১৫ চনৰ ১৮ এপ্ৰিল…
-
ৰঞ্জিৎ শেখৰ মুছাহাৰী
ৰঞ্জিৎ শেখৰ মুছাহাৰী (Ranjit Shekhar Mooshahary; জন্ম ১৯৪৬) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ২০০৮ চনৰ পৰা ২০১৩ চনলৈ মেঘালয়ৰ ৰাজ্যপাল হিচাপে নিযুক্ত আছিল (১ জুলাই ২০০৮ ৰ পৰা ৭ জুলাই ২০১৩ লৈকে)।
-
ইৰা সিংঘল
ইৰা সিংঘল (Ira Singhal; জন্ম: ৩১ আগষ্ট ১৯৮৩) এগৰাকী ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া আৰু কম্পিউটাৰ বিজ্ঞান অভিযন্তা। তেওঁ ২০১৪ বৰ্ষৰ বাবে ইউ পি এছ চিয়ে অনুষ্ঠিত কৰা অসামৰিক সেৱা পৰীক্ষাত সৰ্বাধিক নম্বৰ লাভ কৰি সৰ্বভাৰতীয় পৰ্যায়ত শীৰ্ষস্থান লাভ কৰিছিল।
-
জ্যোতিপ্ৰসাদ ৰাজখোৱা
জ্যোতিপ্ৰসাদ ৰাজখোৱা Jyoti Prasad Rajkhowa (জন্ম: ১৯৪৪) ভাৰতীয় প্ৰশাসনিক সেৱা (IAS)-ৰ ১৯৬৮ বৰ্ষৰ বিষয়া আৰু অসমৰ প্ৰাক্তন মুখ্য সচিব। তেওঁ ২০১৫ চনৰ ১২ মে'ত অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰে আৰু ২০১৬ চনৰ আগষ্টলৈকে সেই দায়িত্ব পালন কৰে।
-
পাৰুল দেৱী দাস
পাৰুল দেৱী দাস (Parul Devi Das) হ'ল অসমৰ প্ৰথমগৰাকী মহিলা আই এ এছ বিষয়া। ২০২১ চনৰ ২৬ এপ্ৰিল তাৰিখে ক'ভিড আক্ৰান্ত হৈ তেখেতৰ মৃত্যু হয়।
-
যশৱন্ত সিনহা
যশৱন্ত সিনহা (Yashwant Sinha; জন্ম ৬ নৱেম্বৰ ১৯৩৭) এজন ভাৰতীয় প্ৰশাসক আৰু ৰাজনীতিবিদ। প্ৰধানমন্ত্ৰী চন্দ্ৰ শেখৰৰ অধীনত ১৯৯০ চনৰ পৰা ১৯৯১ চনলৈ আৰু পুনৰ ১৯৯৮ চনৰ মাৰ্চ মাহৰ পৰা ২০০২ চনৰ জুলাই মাহলৈকে প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ অধীনত তেওঁ বিত্তমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
সঞ্জয় মালহোত্ৰা
সঞ্জয় মালহোত্ৰা (Sanjay Malhotra, জন্ম ১৪ ফেব্ৰুৱাৰী ১৯৬৮) এগৰাকী ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া আৰু বৰ্তমান ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ২৬তম গভৰ্নৰ। ৰিজাৰ্ভ বেংকৰ পদবীত অধিষ্ঠিত হোৱাৰ আগতে তেওঁ বিত্ত মন্ত্ৰালয়ৰ সচিব (ৰাজহ) পদত অধিষ্ঠিত আছিল।
-
সুব্ৰমনিয়ম জয়শংকৰ
সুব্ৰমনিয়ম জয়শংকৰ (Subrahmanyam Jaishankar; জন্ম ৯ জানুৱাৰী ১৯৫৫) এগৰাকী কূটনীতিবিদ আৰু বৰ্তমান ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী। ইয়াৰ আগতে তেওঁ ২০১৫ চনৰ পৰা ২০১৮ চনলৈ ভাৰতৰ বিদেশ সচিব পদত অধিষ্ঠিত আছিল। তেওঁ ১৯৭৭ চনত ভাৰতীয় বৈদেশিক সেৱাত অংশগ্ৰহণ কৰিছিল।
-
অশ্বিনী বৈষ্ণৱ
অশ্বিনী বৈষ্ণৱ (জন্ম ১৮ জুলাই ১৯৭০) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু প্ৰাক্তন আই এ এছ বিষয়া যিয়ে বৰ্তমান ২০২১ চনৰ পৰা ভাৰত চৰকাৰৰ ৩৯ তম ৰেল মন্ত্ৰী, ৫৫ তম যোগাযোগ মন্ত্ৰী আৰু ২য় ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে আৰু ৰাজ্যসভাৰ সদস্য ৰূপে ২০১৯ চনৰ পৰা ওড়িশাক…
-
চৈয়দ আকবৰুদ্দিন
চৈয়দ আকবৰুদ্দিন (Syed Akbaruddin) এগৰাকী ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়া আৰু পূৰ্বৰ ৰাষ্ট্ৰসংঘলৈ ভাৰতৰ স্থায়ী প্ৰতিনিধি। ১ জানুৱাৰী ২০১৭ৰ পৰা ১৯ মে' ২০২০ লৈ তেওঁ এই পদত অধিষ্ঠিত হৈ আছিল।
-
ৰ'মান চেইনী
ৰ'মান চেইনী ভাৰতৰ এজন উদ্যোগী, সুবক্তা আৰু কণিষ্ঠতম প্ৰশাসনিক বিষয়াসকলৰ ভিতৰত অন্যতম। তেওঁ ২২ বছৰ বয়সত ২০১৩ চনত অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল। ৰ'মান চেইনী এজন টি. ই. ডি.