অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ভূপেন উজীৰ

ভূপেন উজীৰ (Bhupen Uzir) হৈছে অসম, ভাৰতৰ এগৰাকী সংগীত শিল্পী, সুৰকাৰ, বাদ্যযন্ত্ৰী আৰু সংগীত পৰিচালক৷ তেখেতে জীৱন সুৰভি, ব’হাগৰ দুপৰীয়া, প্ৰতিদান, বুকুৰ মাজত জ্বলে, যৌৱনে আমনি কৰে, এই মৰম তোমাৰ বাবেকে ধৰি বিশখনৰো অধিক অসমীয়া ছবিৰ বাবে সংগীত পৰিচালনা কৰিছে৷ ২০২৩ চনত তেখেতক জীৱনজোৰা সাধনাৰ বঁটা…

হালনাগাদ: ১০ জানুৱাৰী ২০২৪ ১১২ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

ভূপেন উজীৰ (Bhupen Uzir) হৈছে অসম, ভাৰতৰ এগৰাকী সংগীত শিল্পী, সুৰকাৰ, বাদ্যযন্ত্ৰী১ আৰু সংগীত পৰিচালক৷ তেখেতে জীৱন সুৰভি, ব’হাগৰ দুপৰীয়া, প্ৰতিদান, বুকুৰ মাজত জ্বলে, যৌৱনে আমনি কৰে,২ এই মৰম তোমাৰ বাবেকে ধৰি বিশখনৰো অধিক অসমীয়া ছবিৰ বাবে সংগীত পৰিচালনা কৰিছে৷১৩ ২০২৩ চনত তেখেতক জীৱনজোৰা সাধনাৰ বঁটা প্ৰদান কৰা হয়৷

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

ভূপেন উজীৰৰ জন্ম হৈছিল ১৯৫৩ চনৰ ৫ এপ্ৰিলত, যোৰহাটত। শিল্পীগৰাকীয়ে যোৰহাটতে শৈশৱ পাৰ কৰে৷ ১ তেখেতৰ পিতৃৰ নাম আছিল নীৰেন উজীৰ৷ যোৰহাটৰ চাৰি নম্বৰ ৱাৰ্ড প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি ভূপেন উজীৰে পৰৱৰ্তী সময়ত যোৰহাটৰে গৱৰ্ণমেণ্ট বয়জ হাইস্কুলত নামভৰ্তি কৰে৷ ইয়াত শিক্ষা শেষ কৰি পৰৱৰ্তী সময়ত তেখেত গুৱাহাটীৰ বাণিজ্য মহাবিদ্যালয়ত উচ্চশিক্ষাৰ বাবে নামভৰ্তি কৰে৷ বাল্যকালৰে পৰা সংগীতৰ প্ৰতি তেখেতে বিশেষ ৰুচি আছিল৷ গীটাৰকে ধৰি একাধিক বাদ্যযন্ত্ৰ বজাবলৈ তেওঁ শিকিছিল৷ ৪

কৰ্মজীৱন

ভূপেন উজীৰে ভাৰতীয় খাদ্য নিগমত কিছুসময়ৰ বাবে চাকৰি কৰে৷ চাকৰিৰ সময়ছোৱাতো তেখেতে সংগীতৰ অনুশীলন এৰি দিয়া নাছিল। যেতিয়া চাকৰিজীৱনে তেখেতৰ সাংগীতিক যাত্ৰাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰা যেন অনুমান হ'ল, তেতিয়া তেখেতে ভাৰতীয় খাদ্য নিগমৰ চাকৰি ত্যাগ কৰিলে৷১

চাকৰি ত্যাগ কৰি ভূপেন উজীৰে গুৱাহাটীৰ গীতানগৰত এটা ভাড়াঘৰ লয়৷ এইটো ভাড়াঘৰতে তেখেতে পোনপ্ৰথমবাৰৰ বাবে নিজাববীয়াকৈ এটা সংগীতৰ ষ্টুডিঅ' সাজু কৰি তুলিলে৷ ষ্টুডিঅ'টোৰ নাম আছিল অডিটেক। ১৪২ইতিমধ্যে ব্যৱহৃত এটা শব্দগ্ৰহণ যন্ত্ৰ ক্ৰয় কৰি তেখেতে এই ষ্টুডিঅ'টো আৰম্ভ কৰিছিল।১

ভূপেন উজীৰে পৰৱৰ্তী সময়ত ভ্ৰাইব্ৰেশ্বন নামেৰে এটি সাংগীতিক বেণ্ডো আৰম্ভ কৰে৷ উল্লেখ্য যে, বেণ্ডটোৱে ৰাইজৰ মাজত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হয়৷ তেখেতে নিজেই গীতাৰ নিৰ্মাণ কৰিছিল৷৪

সংগীত পৰিচালনা

ভূপেন উজীৰে সংগীত পৰিচালনা কৰা কেইখনমান অসমীয়া চলচ্চিত্ৰ হৈছে:

ব্যক্তিগত জীৱন

ভূপেন উজীৰে অসমীয়া সংগীত জগতৰ এগৰাকী পৰিচিত শিল্পী আৰু একাধিক অসমীয়া ছবি তথা এলবামত কণ্ঠদান কৰা শান্তা উজীৰৰ লগত বিবাহপাশত আবদ্ধ হৈছিল৷ পৰৱৰ্তী সময়ত ভূপেন-শান্তাৰ যুটিটোক অসমীয়া সংগীত জগতৰ এক উল্লেখযোগ্য যুটি বুলি অভিহিত কৰা হয়৷ ৪ পৰৱৰ্তী সময়ত দম্পতীটো প্ৰীতিস্মিতা আৰু কীৰ্তিকা নামৰ দুগৰাকী কন্যা সন্তানৰ অভিভাৱকত্ব অৰ্জন কৰে৷

বঁটা-বাহন

২০২৩ চনৰ ২৪ ডিচেম্বৰত ভূপেন উজীৰে অসমৰ ৰেঙনি মিউজিক এৱাৰ্ডৰ পৰা জীৱনজোৰা সাধনাৰ বঁটা লাভ কৰে৷ ৪

মৃত্যু

২০২৪ চনৰ পহিলা জানুৱাৰীৰ পৰা ভূপেন উজীৰ শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈ আছিল৷ তেখেতক ৬ তাৰিখে গুৱাহাটীস্থ নেমকেয়াৰ চিকিৎসালয়ত উন্নত চিকিৎসাৰ হেতু ভৰ্তি কৰোৱা হয়৷২ এইখন চিকিৎসালয়তে তেখেতে ৯ জানুৱাৰী, মঙলবাৰৰ নিশা দহ বজাত শেষ নিশ্বাস ত্যাগ কৰে।১ ৫ মৃত্যুৰ সময়ত তেওঁ পত্নী শান্তা উজীৰ আৰু দুগৰাকী জীয়ৰীক এৰি থৈ যায়৷

তথ্যসূত্ৰ

  1. ↑ (JANUARY 10, 2024). বিশিষ্ট সংগীত শিল্পী ভূপেন উজীৰৰ দেহাৱসান, আজি সম্পন্ন কৰা হ’ব শিল্পীগৰাকীৰ শেষকৃত্য. NEWS 18 ASSAM
  2. ↑ (10 January, 2024). Irreplaceable loss... News Live TV
  3. ↑ (9 January 2024). Veteran Music Director Bhupen Uzir Passes Away In Guwahati. assam front
  4. ↑ (১০ জানুৱাৰী, ২০২৪). সংগীতৰ কালজয়ী সৃষ্টি. দৈনিক জনমভূমি. পৃ. ১ আৰু ১৫
  5. ↑ (10 January, 2024). Legendary Music Director Bhupen Uzir. Sentinal

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিসংগীত পৰিচালকঅসমীয়া চলচ্চিত্ৰৰ সৈতে জড়িত ব্যক্তিবাদ্যযন্ত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভূপেন উজীৰ” প্ৰবন্ধৰ সংশোধন ৪০১৮৩৯ (১০ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।