অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ঠাকুৰ অনুকূলচন্দ্ৰ

অনুকূলচন্দ্ৰ চক্ৰৱৰ্তী বা শ্ৰীশ্ৰীঠাকুৰ অনুকূলচন্দ্ৰ (১৪ ছেপ্টেম্বৰ, ১৮৮৮ - ২৭ জানুৱাৰী, ১৯৬৯) ভাৰতৰ এগৰাকী ধৰ্ম সংস্কাৰক। তেওঁ সৎসঙ্গ নামৰ এটি সংগঠনৰ প্ৰবৰ্তক।তেওঁ ব্ৰিটিছ শাসিত ভাৰতৰ বঙ্গ প্ৰদেশৰ পাবনা জিলাৰ হিমায়তপুৰত (বৰ্তমান বাংলাদেশৰ অন্তৰ্গত) জন্মগ্ৰহণ কৰে।

হালনাগাদ: ১৭ জুলাই ২০২৪ ৩০২ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

অনুকূলচন্দ্ৰ চক্ৰৱৰ্তী বা শ্ৰীশ্ৰীঠাকুৰ অনুকূলচন্দ্ৰ (১৪ ছেপ্টেম্বৰ, ১৮৮৮ - ২৭ জানুৱাৰী, ১৯৬৯) ভাৰতৰ এগৰাকী ধৰ্ম সংস্কাৰক। তেওঁ সৎসংগ নামৰ এটি সংগঠনৰ প্ৰবৰ্তক।১২৩তেওঁ ব্ৰিটিছ ৰাজৰ বঙ্গ প্ৰদেশৰ পাবনা জিলাৰ হিমায়তপুৰত (বৰ্তমান বাংলাদেশৰ অন্তৰ্গত) জন্মগ্ৰহণ কৰে। কলিকতা চিকিৎসা মহাবিদ্যালয়ৰ পৰা চিকিৎসা-বিজ্ঞানৰ শিক্ষা সাং কৰি তেওঁ চিকিৎসা সেৱাৰ সৈতে জড়িত হৈ পৰে।৪ তেওঁ নিজৰ প্ৰতিষ্ঠিত চিকিৎসা সেৱাৰ অনুষ্ঠানটি বন্ধুৰ হাতত গতাই দি নিজে সৎসঙ্গ হিমায়তপুৰ স্থাপন কৰে।৫ ভাৰত বিভক্ত হোৱাৰ পূৰ্বে ১৯৪৬ চনৰ ২ ছেপ্টেম্বৰ তাৰিখে তেওঁ জনমভূমি হিমায়তপুৰৰ পৰা ঝাৰখণ্ডলৈ যায়।৪৬তেওঁ ঝাৰখণ্ডৰ দেওঘৰত ১৯৬৯ চনৰ ২৭ জানুৱাৰী তাৰিখে মৃত্যুবৰণ কৰিছিল।৬ মূলতঃ স্বাবলম্বন তথা পৰনিৰ্ভৰশীলতা ত্যাগৰ দীক্ষাই অনুকূলচন্দ্ৰৰ সৎসঙ্গ আশ্ৰমৰ আদৰ্শ। তেওঁৰ ভক্তসকলৰ সহযোগিতাত তপোবন বিদ্যালয়, দাতব্য চিকিৎসা কেন্দ্ৰ, ইঞ্জিনিয়াৰিং ৱৰ্কচপ, মূদ্ৰণ প্ৰতিষ্ঠান ইত্যাদি স্থাপন কৰে। ঠাকুৰ অনুকূলচন্দ্ৰই দৈনন্দিন জীবনত চলাৰ পথ আৰু উদযাপনৰ বহুকেইটা পথ দেখুৱাই থৈ গৈছে। তেওঁ ধৰ্ম, অৰ্থ,কৰ্ম, পৰমাৰ্থ, অধ্যাত্ন, ৰাজনীতি, সমাজনীতি, অৰ্থনীতি, বিজ্ঞান, শিক্ষা, বিবাহ, কৃষি, শিল্পকলা, বাণিজ্য, বৃত্তি, সত্তা, ব্যষ্টি, সমষ্টি, অতীত ও বৰ্তমান ভবিষ্যৎ আদি সকলোবোৰক সমন্বয়ৰ দোলৰে বান্ধিছে। তেওঁ অমৃতনিষ্যন্দী বাণীসমূহৰ দ্বাৰা এটা পূৰ্ণাংগ জীৱনৰ প্ৰকাশ কৰিছে। এই মহানবাণী সমূহ তেওঁ জনসাধাৰণৰ মাজত প্ৰচাৰৰ বাবে বিষয় ভেদে পৃথকে পৃথকে বিভিন্ন গ্ৰন্থৰ মাধ্যমেৰে প্ৰকাশ কৰিছে।

জীৱনৰ আদি কাল

শ্ৰীশ্ৰীঠাকুৰ অনুকূলচন্দ্ৰ
শ্ৰীশ্ৰীঠাকুৰ অনুকূলচন্দ্ৰছবি: MatirManush · CC BY-SA 4.0

অনুকূল চন্দ্ৰৰ জন্ম হয় ১৮৮৮ চনৰ ১৪ ছেপ্টেম্বৰ তাৰিখে। তেওঁ ব্ৰিটিছ ভাৰতৰ বঙ্গ প্ৰদেশৰ পাবনা জিলা (বৰ্তমান বাংলাদেশ)-ৰ হিমায়তপুৰত জন্মগ্ৰহণ কৰে। তেওঁৰ দেউতাক আছিল শিৱচন্দ্ৰ চক্ৰৱৰ্তী আৰু মাতৃ মনমোহিনী দেৱী। তেওঁ হিমায়তপুৰ গাঁৱত, ১৮৯৩ চনৰ পৰা তেওঁৰ আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰে। ১৮৯৮ চনত তেওঁ পাবনাৰ শিক্ষানুষ্ঠানত ভৰ্তি হয় অষ্টম শ্ৰেণীলৈকে শিক্ষা গ্ৰহণ কৰে।৭ তেওঁ খুব কম দিনৰ বাবে ৰাইপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ত নামভৰ্তি কৰি নাইহাটী হাইস্কুললৈ বদলি হয় আৰু ১৯০৫ চনলৈকে অধ্যয়ন কৰে। তেওঁ কলেজীয়া শিক্ষা গ্ৰহণ নকৰি তেওঁ মেট্ৰিক পৰীক্ষাৰ ভৰ্তি মাচুল লগৰ মাচুল আদায় দিব নোৱাৰা বন্ধু এজনক দি দিয়ে।৮৯ পিছলৈ তেওঁ কলিকতা চিকিৎসা মহাবিদ্যালয়ত অধ্যয়ন কৰে।১০১১

হাইস্কুলত পঢ়ি থকা সময়তে তেওঁ ভালে সংখ্যক চুটি নাট ৰচনা কৰে। তেওঁ গান আৰু কবিতাও লিখিছিল। পিছত এইসমূহ "দেবজানি ও অনন্যা" নামৰ এখন কিতাপ আকাৰে প্ৰকাশ হয়।১২১৩১৪ ১৯১০ চনত অনুকূলচন্দ্ৰ দেৱে তেওঁৰ এজন বন্ধু অতুলচন্দ্ৰ ভট্টাচাৰ্যৰ কাৰণে কিছুমান উপদেশ মূলক বাৰ্তা লিখিছিল আৰু এই সমূহ পিছলৈ ১৯১৮ চনত "সত্যানুসৰণ"(The Pursuit of Truth)নামৰ এখন কিতাপ আকাৰে প্ৰকাশিত হয়।১৫

১৯০৬ চনত তেওঁৰ মাক-দেউতাকে ৰামগোপাল ভট্টাচাৰ্যৰ কন্যা ষোড়শীবালাৰ সৈতে বিবাহ নিশ্চিত কৰে।১৬ পিছত তেওঁ সৰ্বমঙ্গলা দেৱীক বিয়া কৰায়, যি নেকি চ'ত' মা বুলি জনাজাত আছিল।১৭

উল্লেখযোগ্য গ্ৰন্থ

অনুকূলচন্দ্ৰ ঠাকুৰৰ প্ৰায় ৪৬খন পুথি ৰচনা কৰে। এই সমূহত ধৰ্মশিক্ষা, সমাজ প্ৰভৃতি বিষয়ে আদৰ্শ আৰু উপদেশসমূহ বৰ্ণিত হৈছে। এই সমূহৰ মাজত কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হ'ল:-

  • সত্যানুসৰণ
  • পুণ্যপুথি
  • অনুশ্ৰুতি (৬ খণ্ড)
  • চলাৰ সাথী
  • শাশ্বতী (৩ খণ্ড)
  • বিবাহ বিধায়না,
  • সমাজ সন্দীপন,
  • যতি অভিধৰ্ম১৮

ডাক টিকট

১৯৮৭ চনৰ ২ছেপ্টেম্বৰ তাৰিখে ভাৰত চৰকাৰৰে শ্ৰীশ্ৰী ঠাকুৰক সন্মান প্ৰদৰ্শনৰ অৰ্থে তেখেতৰ ছবিৰে ডাকটিকট মুকলি কৰে।১৯২০২১ ৬ ডিচেম্বৰ ২০১০ তাৰিখে ভাৰত চৰকাৰে পুনৰ এইগৰাকী ব্যক্তিত্বৰ ফটো সন্নিবিষ্ট প্ৰায় ২ মিলিয়ন ডাক টিকট মুকলি কৰে। এই টিকট সমূহ নাচিকৰ সুৰক্ষা ছপাশালত ছপা কৰা হৈছিল।২১ ২২

তথ্যসূত্ৰ

  1. ↑ Deoghar Tourism
  2. ↑ Baba Baidyanath Temple
  3. ↑ (15 February 2014). Politicians turn devotees at Satsang Vihar event. Times of India
  4. ↑ Biswas, Rebati Mohon. Sree Thakur Anukulchandra. Satsang Press
  5. ↑ Man Making Mission. Satsang America
  6. ↑ Brace, Kerry; Ganguly, Arun. Benign Lord. Satsang Publishing House
  7. ↑ Dattaroy 2012, পৃ. 57
  8. ↑ Brace 2012, পৃ. 29
  9. ↑ Hauserman 2011, পৃ. 48
  10. ↑ Brace 1977, পৃ. 13
  11. ↑ Dattaroy 2012, পৃ. 71
  12. ↑ Anukulchandra 2012
  13. ↑ Maiti 2013, পৃ. 25
  14. ↑ Dattaroy 2012, পৃ. 80
  15. ↑ Satyanusaran
  16. ↑ Bhora, Paresh Chandra. Chhotoder Sri Sri Thakur Anukulchandra. Tapoban prakashan
  17. ↑ Commissioner of Income-Tax vs Sarbamangala Devi. indiankanoon.org
  18. ↑ চেলিনা হুছেইন ও নুৰুল ইছলাম সম্পাদিত, বাংলা একাডেমী চৰিতাভিধান, বাংলা একাডেমী, ঢাকা, প্ৰথম পুনৰ্মুদ্ৰণ এপ্ৰিল ২০০৩, পৃষ্ঠা ৭-৮
  19. ↑ Literature. Satsang
  20. ↑ Indian postage stamp on Sree Sree Thakur
  21. ↑ Indian postage stamps
  22. ↑ sreesreebordastamp. StampGallery

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ধৰ্মীয় গুৰুদাৰ্শনিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঠাকুৰ অনুকূলচন্দ্ৰ” প্ৰবন্ধৰ সংশোধন ৪২৬০৪৫ (১৭ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।