বুদ্ধ পূৰ্ণিমা বা বুদ্ধ জয়ন্তী বা বেশক (Vesākha, Vaiśākha),১ পাৰম্পৰিক ভাবে ঘাইকৈ বৌদ্ধ ধৰ্মাৱলম্বী সকলে পালন কৰা এটি উৎসৱ। হিন্দু আৰু বৌদ্ধ সকলে বুদ্ধ পূৰ্ণিমা হিচাপে ভাৰত, শ্ৰীলংকা, নেপাল, তিব্বত স্বায়ত্তশাসিত অঞ্চল, বাংলাদেশ, ভূটান, ইণ্ডোনেছিয়া, ফিলিপাইন, ছিংগাপুৰ, থাইলেণ্ড, কম্বোডিয়া, লাউচ, মালয়েছিয়া, ম্যানমাৰ, মংগোলিয়া, আৰু চীন, জাপান, কোৰিয়া, টাইৱান আৰু ভিয়েটনামত বুদ্ধৰ জন্মদিন হিচাপে পালন কৰা হয়।২ থেৰবাদ বৌদ্ধ বা দক্ষিণ অঞ্চলৰ বৌদ্ধ সকলে বুদ্ধ পূৰ্ণিমাক গৌতম বুদ্ধৰ জন্ম, পৰম জ্ঞান লাভ আৰু মৃত্যু বা মহাপৰিনিৰ্মাণৰ দিৱস হিচাপে পালন কৰে।৩হিন্দুসকলৰ বাবেও এই দিনটো অতি পৱিত্ৰ। হিন্দুসকলে বুদ্ধক বিষ্ণুৰ নৱম অৱতাৰ বুলি বিশ্বাস কৰে।৪
ইতিহাস

১৯৫০ চনত শ্ৰীলংকাত অনুষ্ঠিত প্ৰথম বিশ্ব বৌদ্ধ ফেল'শ্বিপ সন্মিলনত বেশক বা বুদ্ধ পূৰ্ণিমাক বুদ্ধৰ জন্মদিন হিচাপে পালন কৰা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। আগৰে পৰা শতিকা জুৰি বৌদ্ধসকলে ইয়াক বুদ্ধৰ জন্মদিন হিচাপে পালন কৰি আহিছিল যদিও এই সন্মিলনৰ যোগেদি যি সৰ্বজনীন ৰূপত প্ৰতিষ্ঠিত হয়। এই সন্মিলনত বুদ্ধ পূৰ্ণিমাক বিশ্বৰ সকলো বৌদ্ধ ধৰ্মাৱলম্বী বাস কৰা দেশৰ চৰকাৰক চৰকাৰী বন্ধৰ দিন হিচাপে উদযাপন কৰিবলৈ আহ্বান জনোৱা হৈছিল।৫ বুদ্ধ পূৰ্ণিমাত বিশ্বৰ সকলো প্ৰান্তৰ বৌদ্ধ ধৰ্মাৱলম্বী সকলে গৌতম বুদ্ধৰ জন্ম, পৰম জ্ঞান লাভ আৰু মৃত্যু দিন হিচাপে পালন কৰে। বৌদ্ধ ধৰ্ম ভাৰতৰ পৰা পৃথিৱীৰ অন্যান্য দেশত সিঁচৰিত হোৱাৰ বাবে বুদ্ধ পূৰ্ণিমাৰ উদযাপন ভিন ভিন দেশত ভিন ভিন হয়।
২০০০ চনত ৰাষ্ট্ৰসংঘই নিউয়ৰ্কত অৱস্থিত ইয়াৰ মুখ্য কাৰ্যালয়ত আন্তৰ্জাতিক ভিত্তিত বুদ্ধ পূৰ্ণিমা অনুষ্ঠিত কৰে।৬
নাম
বুদ্ধ পূৰ্ণিমাৰ জনপ্ৰিয় পালি নাম vesākha আৰু সংস্কৃত vaiśākha নাম প্ৰাচীন ভাৰতীয় চন্দ্ৰমাহ বৈশাখৰ পৰা আহিছে। এই মাহ অসমীয়া ব’হাগ মাহৰ সমপৰ্যায়ৰ। বৈশাখ মাহৰ পূৰ্ণিমা তিথিত বুদ্ধ পূৰ্ণিমা পৰা বাবে ইয়াক বেশক নামে জনাজাত। পৃথিৱীৰ অনান্য ভাষাত এই দিন বেলেগ বেলেগ নামেৰে পৰিচিত। যেনে:
- বুদ্ধ পূৰ্ণিমা
- বুদ্ধ পূৰ্ণিমা, বুদ্ধ জয়ন্তী
- སྟོན་པའི་དུས་ཆེན་༥ འཛོམས་
- ကဆုန်လပြည့် ဗုဒ္ဓနေ့
- মন: တ္ၚဲကျာ်ဗုဒ္ဓ ဗပေၚ်ပသာ်
*, 佛誕, 浴佛節, 衛塞節
- बुद्ध पूर्णिमा, बुद्ध जयन्ती, वैशाख पूर्णिमा
- Hari Raya Waisak
- 花祭り
- វិសាខបូជា
- ಬುದ್ಧ ಪೌರ್ಣಮಿ
- 부처님오신날
- ວິສາຂະບູຊາ
- Hari Wesak (هاري ويسق)
- Бурхан Багшийн Их Дүйцэн Өдөр
- बुद्ध पोर्णिमा
- बुद्ध पुर्णिमा, बुद्ध जयन्ति
- ବୁଦ୍ଧ ପୂର୍ଣ୍ଣିମା
- වෙසක්
- விசாகத் திருநாள்
- Araw ni Buddha
- బుద్ధ పౌర్ణమి, వైశాఖ పౌర్ణమి
- วิสาขบูชา
- Phật Đản
উদযাপন

বুদ্ধ পূৰ্ণিমাৰ দিনা বৌদ্ধ ধৰ্মাৱলম্বী সকলে বুদ্ধ মন্দিৰ আৰু বিহাৰত গোট খায়। তাত তেওঁলোকে বৌদ্ধ পতাকা উত্তোলন কৰে আৰু বৌদ্ধ ধৰ্মৰ ত্ৰিনীতি বুদ্ধ, ধৰ্ম আৰু সংঘৰ গৰিমা গায়। ভক্ত সকলে ফুল, চাকি বা মমবাটি আৰু ধুপেৰে বুদ্ধৰ পূজা কৰে আৰু লগতে গুৰুকো সেৱা জনায়। এই দিনা নিৰামিষ আহাৰ গ্ৰহণ কৰা নিয়ম। শ্ৰীলংকাত বুদ্ধ পূৰ্ণিমাৰ সময়ত দুদিনৰ বাবে সকলো সুৰাৰ দোকান আৰু কচাইখানা বন্ধ ৰখা হয়। ইয়াৰ লগতে বন্দী চৰাই, পোক আৰু জন্তুক এইদিনা এৰি দিয়া হয়।৭
বৌদ্ধ ধৰ্মাৱলম্বী সকলৰ কিছুমানে এইদিনা সাধাৰণ বগা বসন পিন্ধে আৰু গোটেই দিন মন্দিৰত থাকি অষ্টাংগ মাৰ্গ পালন কৰে। কিছুমান মন্দিৰত বুদ্ধ প্ৰতিমাক অভিষেক কৰা হয়। ভক্ত সকলে এই দিনা বৌদ্ধ ভিক্ষুৰ প্ৰবচন আৰু বুদ্ধৰ বাণী শুনে।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ BBC on Buddhism. BBC Religions. BBC
- ↑ Fowler, Jeaneane D. (1997). World Religions: it is celebrated to mark the birth, enlightenment and the passing away of the Lord Buddha. An Introduction for Students. Sussex Academic Press. ISBN 1-898723-48-6
- ↑ Visakha Puja. Accesstoinsight.org
- ↑ শান্তনু কৌশিক বৰুৱা. (২০২১). অসম ইয়েৰ বুক, ২০২১. জ্যোতি প্ৰকাশন. পৃ. ১৮৪
- ↑ World Fellowship of Buddhists Second Two-Year Plan (B.E. 2544-2545/2001-2002). Buddha Dhyana Dana Review Online
- ↑ Resolution Adopted by the General Assembly: 54/115. International recognition of the Day of Vesak at United Nations Headquarters and other United Nations offices. United Nations
- ↑ (22 May 2016). Vesak Day practice of releasing animals harms ecosystems
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বুদ্ধ পূৰ্ণিমা” প্ৰবন্ধৰ সংশোধন ৬৩২৩৯১ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।