অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বি. আৰ. চোপ্ৰা

বি. আৰ. চোপ্ৰা (B. R. Chopra; সম্পূৰ্ণ নাম: বলদেৱ ৰাজ চোপ্ৰা; ২২ এপ্ৰিল ১৯১৪ – ৫ নৱেম্বৰ ২০০৮) আছিল এগৰাকী হিন্দী চলচ্চিত্ৰৰ নিৰ্মাতা তথা নিৰ্দেশক। তেখেতে 'নয়া দৌৰ' (১৯৫৭), 'কানূন' (১৯৬০), 'ৱক্ত' (১৯৬৫), 'হমৰাজ' (১৯৬৭) আদি চলচ্চিত্ৰৰ উপৰিও ১৯৮০ৰ দশকত দূৰদৰ্শনৰ ধাৰাৱাহিক 'মহাভাৰত' নিৰ্মাণ কৰি…

হালনাগাদ: ২২ আগষ্ট ২০২৫ ৫৮২ শব্দ · ৩ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

বি. আৰ. চোপ্ৰা (B. R. Chopra; সম্পূৰ্ণ নাম: বলদেৱ ৰাজ চোপ্ৰা; ২২ এপ্ৰিল ১৯১৪ – ৫ নৱেম্বৰ ২০০৮)১ আছিল এগৰাকী হিন্দী ভাষা চলচ্চিত্ৰৰ নিৰ্মাতা তথা নিৰ্দেশক। তেখেতে 'নয়া দৌৰ' (১৯৫৭), 'কানূন' (১৯৬০), 'ৱক্ত' (১৯৬৫), 'হমৰাজ' (১৯৬৭) আদি চলচ্চিত্ৰৰ উপৰিও ১৯৮০ৰ দশকত দূৰদৰ্শনৰ ধাৰাৱাহিক 'মহাভাৰত' নিৰ্মাণ কৰি জনপ্ৰিয় হৈছিল।২ ১৯৯৮ চনত তেখেতে চলচ্চিত্ৰৰ বঁটা দাদাচাহেব ফাল্কে বঁটা লাভ কৰিছিল।৩ তদুপৰি ২০০১ চনত তেখেতে পদ্মভূষণ বঁটাও লাভ কৰিছিল।

তেওঁৰ সৰু ভাই য়শ চোপ্ৰা, পুত্ৰ ৰবি চোপ্ৰা আৰু ভতিজা আদিত্য চোপ্ৰাও চলচ্চিত্ৰ উদ্যোগত কাম কৰে।৪

জীৱন বৃত্তান্ত

চোপ্ৰাৰ জন্ম ১৯১৪ চনৰ ২২ এপ্ৰিলত ৰাহোঁন, শহীদ ভগৎ সিং নগৰ জিলাত (পূৰ্বতে নৱাংশহৰ জিলাত) হৈছিল। তেওঁৰ পিতৃ বিলায়তি ৰাজ চোপ্ৰা পিডব্লিউডিত কৰ্মৰত আছিল। পিছত তেওঁ লাহোৰলৈ স্থানান্তৰিত হৈছিল। তেওঁ বহু ভাই-ভনীৰ ভিতৰত দ্বিতীয়জন আছিল; তেওঁৰ আটাইতকৈ সৰু ভাই আছিল চলচ্চিত্ৰ নিৰ্মাতা য়শ চোপ্ৰা।৫

চোপ্ৰাই লাহোৰস্থিত পঞ্জাব বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত এম.এ. উপাধি লাভ কৰিছিল। ১৯৪৪ চনত তেওঁ চিনে হেৰাল্ড নামৰ এখন চলচ্চিত্ৰ-মাহেকীয়া আলোচনীতে চলচ্চিত্ৰ সাংবাদিক হিচাপে নিজৰ পেছাগত জীৱন আৰম্ভ কৰিছিল। এই আলোচনীৰ সম্পাদনা তেওঁ লাহোৰতে কৰিছিল আৰু ১৯৪৭ চাললৈকে এইটো চলাইছিল।৬ সেই বছৰে তেওঁ আই. এছ. জোহৰৰ কাহিনীত আধাৰিত চাঁদনী চক নামৰ এখন চলচ্চিত্ৰ আৰম্ভ কৰিছিল। এই চলচ্চিত্ৰখনত নায়কৰ ভূমিকাত আছিল নঈম হাশমী আৰু নায়িকা আছিল এৰিকা ৰুখচি। চলচ্চিত্ৰখনৰ শ্বুটিং আৰম্ভ হ'বলৈ দিয়া অৱস্থাত লাহোৰত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষৰ বাবে তেওঁলোকৰ পৰিয়ালে লাহোৰ এৰি পলাব লগা হয়। ভাৰত আৰু পাকিস্তানৰ বিভাজনৰ পিছত তেওঁ দিল্লীলৈ গৈছিল আৰু পিছত মুম্বাইলৈ স্থানান্তৰিত হৈছিল। তাত তেওঁ প্ৰথম চলচ্চিত্ৰ কাৰৱাট (১৯৪৮) প্ৰস্তুত কৰিছিল যদিও এই চলচ্চিত্ৰখন ব্যৰ্থ হৈছিল। তেওঁৰ প্ৰথম নিৰ্দেশিত চলচ্চিত্ৰ অফচানা ১৯৫১ চনত মুক্তি লাভ কৰিছিল য'ত অশোক কুমাৰে দ্বৈত চৰিত্ৰত অভিনয় কৰিছিল। চলচ্চিত্ৰখন সফল হৈছিল আৰু তেওঁৰ নাম বলিউডত পৰিচিত কৰি তোলে। তেওঁ ১৯৫৪ চনত মীনা কুমাৰীক লৈ চাঁদনী চক বনাইছিল। ১৯৫৫ চনত তেওঁ বি. আৰ. ফিল্মছ নামৰ নিজৰ প্ৰযোজনা সংস্থা প্ৰতিষ্ঠা কৰে। এই সংস্থাৰ প্ৰথম চলচ্চিত্ৰ আছিল এক হি ৰাস্তা (১৯৫৬), যি অত্যন্ত সফল হৈছিল। তাৰ পিছতে তেওঁ দিলীপ কুমাৰ আৰু বৈজয়ন্তীমালা অভিনীত নয়া দৌৰ (১৯৫৭) নিৰ্মাণ কৰিছিল, যি এখন গোল্ডেন জুবিলী সফল চলচ্চিত্ৰ হৈছিল।৭৮ তাৰ পাছৰ কানুন, গুমৰাহ, হমৰাজ আদি ষাঠিৰ দশকৰ সফল চলচ্চিত্ৰ আছিল। ১৯৬৩ চনত তেওঁ ১৩তম বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ উৎসৱৰ জুৰীৰ সদস্য আছিল।৯ দিলীপ কুমাৰৰ সৈতে তেওঁৰ দ্বিতীয় চলচ্চিত্ৰ দাস্তান (১৯৭২) আছিল, যি বিৰাট বিফল হৈছিল।

১৯৭২ৰ পিছত তেওঁ বিভিন্ন ধৰণৰ জনপ্ৰিয় চলচ্চিত্ৰ নিৰ্দেশনা কৰিছিল। যেনে- চপেঞ্ছ থ্ৰিলাৰ ধুন্ধ (১৯৭৩), নাটকীয় চলচ্চিত্ৰ কৰ্ম (১৯৭৭), হাস্যৰসপূৰ্ণ পতি পত্নী ঔৰ ৱহ (১৯৭৮), অপৰাধ-ভিত্তিক ইনছাফ কা তাৰাজু (১৯৮০), মুছলিম সামাজিক নিকাহ (১৯৮২), আৰু ৰাজনৈতিক থ্ৰিলাৰ আৱাম (১৯৮৭)।

তেওঁ ধূল কা ফুল (১৯৫৯), ৱক্ত (১৯৬৫), আদমি ঔৰ ইনসান (১৯৬৯), ইত্তেফাক (১৯৬৯) আদি চলচ্চিত্ৰৰ প্ৰযোজক আছিল, যিবোৰ তেওঁৰ ভাই য়শ চোপ্ৰাই নিৰ্দেশনা কৰিছিল। তদুপৰি তেওঁ দ্য বাৰ্নিং ট্ৰেইন (১৯৮০), মজদূৰ (১৯৮৩), আজ কি আৱাজ (১৯৮৪), বাঘবান (২০০৩), বাবুল (২০০৬), ভূতনাথ (২০০৮) চলচ্চিত্ৰসমূহৰো প্ৰযোজক আছিল, যিবোৰ ৰবি চোপ্ৰাই নিৰ্দেশনা কৰিছিল।

চোপ্ৰাই টেলিভিছন জগতলৈ মহাভাৰতৰ জৰিয়তে প্ৰবেশ কৰিছিল, যি ভাৰতীয় টেলিভিছন ইতিহাসত ৯২% দৰ্শকৰ ৰেকৰ্ডসহ আটাইতকৈ সফল শৃংখলাসমূহৰ অন্যতম হৈ পৰিছিল। এই শৃংখলাত নিতীশ ভৰদ্বাজে কৃষ্ণৰ আৰু মুকেশ খান্নাই ভীষ্ম পিতামহৰ চৰিত্ৰত অভিনয় কৰিছিল। এইটো তেওঁৰ পুত্ৰৰ সৈতে তেওঁ সহ-নিৰ্দেশনা কৰিছিল। তেওঁ [ঋবাহাদুৰ শাহ জাফৰ, কানুন, বিষ্ণু পুৰাণ, আপ বীতি আৰু মা শক্তি নামৰ টিভি শৃংখলাও প্ৰস্তুত কৰিছিল।

তেওঁ ২০০৮ চনৰ ৫ নৱেম্বৰ তাৰিখে মুম্বাইত ৯৪ বছৰ বয়সতে পৰলোক গমন কৰে,১০ আৰু তেওঁ তেওঁৰ পুত্ৰ ৰবি চোপ্ৰা আৰু দুজনী কন্যা শশী আৰু বিনাক এৰি গৈছিল।১১

পুৰস্কাৰ

''নয়া দৌৰ''}} চলচ্চিত্ৰৰ সংগীত প্ৰকাশ অনুষ্ঠানত অংশগ্ৰহণ কৰিছে
নয়া দৌৰ}} চলচ্চিত্ৰৰ সংগীত প্ৰকাশ অনুষ্ঠানত অংশগ্ৰহণ কৰিছেছবি: Bollywood Hungama · CC BY 3.0

নাগৰিক বঁটা

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা

  • ১৯৬০: হিন্দী ভাষাৰ তৃতীয় শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ – কানুন১৩
  • ১৯৬১: হিন্দী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ – ধৰ্মপুত্ৰ (উৎপাদক হিচাপে)১৪
  • ১৯৬৩: হিন্দী ভাষাৰ তৃতীয় শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ – গুমৰাহ১৫
  • ১৯৬৭: শ্ৰেষ্ঠ হিন্দী চলচ্চিত্ৰ – হমৰাজ১৬
  • ১৯৯৮: দাদাচাহেব ফাল্কে বঁটা১৭

ফিল্মফেয়াৰ বঁটা

  • ১৯৬২: শ্ৰেষ্ঠ পৰিচালক ফিল্মফেয়াৰ বঁটা – কানুন
  • ২০০৪: ফিল্মফেয়াৰ জীৱনজোৰা সাধনা বঁটা

চলচ্চিত্ৰ তালিকা

বৰ্ষচলচ্চিত্ৰপৰিচালকপ্ৰযোজকটোকা
১৯৪৯কৰৱট
১৯৫১অফচানা১৮
১৯৫৩শোলে
১৯৫৪চান্দনী চাউক
১৯৫৬এক হি ৰাস্তা
১৯৫৭নয়া দৌৰ
১৯৫৮সাধনা
১৯৫৯ধূলি কা ফুল১৯
১৯৬০কানুন
১৯৬১ধৰ্মপুত্ৰ
১৯৬৩গুমৰাহ২০
১৯৬৫ৱক্ত২১
১৯৬৭হামৰাজ
১৯৬৯আদমী ঔৰ ইনসান
১৯৬৯ইত্তেফাক২২
১৯৭২দাস্তান
১৯৭৩ধুন্ধ২৩
১৯৭৫জমিৰ
১৯৭৬ছোটি চি বাত
১৯৭৭কৰ্ম
১৯৭৮পতি পত্নী ঔৰ ৱোহ
১৯৮০দ্য বৰ্ণিং ট্ৰেইন
১৯৮০ইনছাফ কা তৰাজু
১৯৮১অগ্নি পৰীক্ষা
১৯৮২বেটা
১৯৮২নিকাহ
১৯৮২তেৰী মেৰী কাহানীটিভি চলচ্চিত্ৰ
১৯৮৩মজদুৰ
১৯৮৩ধৰ্তি আকাশটিভি চলচ্চিত্ৰ
১৯৮৪আজ কি আৱাজ
১৯৮৫ঘজল
১৯৮৫তৱায়েফ
১৯৮৬কিৰায়াদাৰ
১৯৮৬দহলিজ
১৯৮৬বাহাদুৰ শ্বাহ জাফৰটিভি শৃংখলা ২৪
১৯৮৭আৱাম
১৯৮৮মহাভাৰতটিভি শৃংখলা ২৫
১৯৯১মহাভাৰত কথাটিভি শৃংখলা
১৯৯১প্ৰতিজ্ঞাবদ্ধ
১৯৯২কাল কি আৱাজ
১৯৯২সৌদাটিভি শৃংখলা
১৯৯৩কানুনটিভি শৃংখলা
২০০০বিষ্ণু পুৰাণটিভি শৃংখলা
২০০২–২০০৪ৰামায়ণটিভি শৃংখলা
২০০১–২০০৪আপ বীতিটিভি শৃংখলা
২০০২–২০০৩মা শক্তিটিভি শৃংখলা
২০০৩বাগবান
২০০৪কমিনী দমিনীটিভি শৃংখলা
২০০৬–২০০৭ভিৰাসতটিভি শৃংখলা
২০০৬বাবুল

তথ্যসূত্ৰ

  1. ↑ Filmmaker B R Chopra passes away. Press Trust of India via NDTV. 5 November 2008
  2. ↑ B.R.Chopra made socially relevant films The Hindu, 6 November 2008
  3. ↑ B.R. CHOPRA – Purposeful Film Maker – 30th Recipient – 1998 Dadasaheb Phalke Award
  4. ↑ Taliculam, Sharmila. (4 April 1997). And miles to go... Rediff.com
  5. ↑ Taliculam, Sharmila. (4 April 1997). And miles to go... Rediff.com
  6. ↑ Films transformed Chopra's destiny and vice-versa দ্য টাইম্‌ছ অৱ ইণ্ডিয়া, 6 November 2008
  7. ↑ Thombare, Suparna. (2019-07-23). Which is the Highest Grossing Indian Film of All Time?. TheQuint
  8. ↑ Srivastava, Himani. (2018-03-09). Highest Grossing Films of Indian Cinema, Ever. IndianFilmInstitute
  9. ↑ Berlinale: Juries. berlinale.de
  10. ↑ Filmmaker B.R. Chopra dead. Thaindian.com (5 November 2008). Retrieved on 2018-11-09
  11. ↑ Bollywood producer BR Chopra dies. BBC News, 5 November 2008
  12. ↑ (2015). Padma Awards. সৰ্গীয় বিষয়ক মন্ত্ৰণালয়, ভাৰত চৰকাৰ
  13. ↑ 8th National Film Awards. International Film Festival of India
  14. ↑ 9th National Film Awards. International Film Festival of India
  15. ↑ 11th National Film Awards. International Film Festival of India
  16. ↑ The Times of India, Entertainment. National Awards Winners 1967: Complete list of winners of National Awards 1967. timesofindia.indiatimes.com
  17. ↑ (21 October 1999). Rediff On The NeT: B R Chopra chosen for Dadasaheb Phalke Award. Rediff.com
  18. ↑ Majumdar, Neepa. (2009). Wanted Cultured Ladies Only!: Female Stardom and Cinema in India, 1930s-1950s. University of Illinois Press. পৃ. 138. ISBN 978-0-252-07628-2
  19. ↑ (16 November 2009). Nehru's vision shaped many Bollywood golden oldies. The Times of India
  20. ↑ (25 April 2020). Gumrah, BR Chopra's tale of a woman's desire that challenged conventions back in 1963. ThePrint
  21. ↑ Chopra, Anupama. (2007). King of Bollywood: Shah Rukh Khan and the Seductive World of Indian Cinema. Grand Central Publishing. পৃ. 120. ISBN 978-0-446-57858-5
  22. ↑ Here are 6 films adapted from Gujarati plays
  23. ↑ (22 November 2017). Aboard the mystery train. Cinema Express
  24. ↑ (19 September 2021). When Juhi Chawla "Kept Forgetting Her Lines" On The Sets Of BR Chopra's Bahadur Shah Zafar
  25. ↑ Mohan, Lavanya. (16 October 2015). Epic television. The Hindu

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ চলচ্চিত্ৰ পৰিচালকহিন্দী ভাষাৰ চলচ্চিত্ৰ পৰিচালকদাদাচাহেব ফাল্কে বঁটা বিজয়ীপদ্মভূষণ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বি. আৰ. চোপ্ৰা” প্ৰবন্ধৰ সংশোধন ৫৩৪৩৮৭ (২২ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।