অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মীনা কুমাৰী

মীনা কুমাৰী ( Meena Kumari; জন্ম মেহজবিন বানো; ১ আগষ্ট ১৯৩৩ - ৩১ মাৰ্চ ১৯৭২) এগৰাকী হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী আৰু কবি আছিল। তেওঁ ট্ৰেজেদী কুইন নামেৰে বিশেষভাৱে জনাজাত আছিল। অভিনয় জগতত তেওঁ ১৯৩৯ চনৰ পৰা ১৯৭২ চনলৈ সক্ৰিয় হৈ আছিল।

হালনাগাদ: ২২ মাৰ্চ ২০২৬ ৭২১ শব্দ · ৪ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

মীনা কুমাৰী ( Meena Kumari; জন্ম মেহজবিন বানো; ১ আগষ্ট ১৯৩৩ - ৩১ মাৰ্চ ১৯৭২)১ এগৰাকী হিন্দী ভাষা চলচ্চিত্ৰৰ অভিনেত্ৰী আৰু কবি আছিল। তেওঁ ট্ৰেজেদী কুইন নামেৰে বিশেষভাৱে জনাজাত আছিল।২৩ অভিনয় জগতত তেওঁ ১৯৩৯ চনৰ পৰা ১৯৭২ চনলৈ সক্ৰিয় হৈ আছিল।৪ ৩৩ বছৰীয়া কৰ্মময় জীৱনত চাহিব বিবি ঔৰ গুলাম, পাকিজা, মেৰে অপনে, আৰতি, বেইজু বাৱৰা, পৰিণীতা, দিল অপনা ঔৰ প্ৰীত পৰায়ে, ফুটপাথ, দিল এক মন্দিৰ, কাজল আদি তেওঁ প্ৰায় ৯২খন ছবিত অভিনয় কৰিছে।৫

মীনা কুমাৰীয়ে শ্ৰেষ্ঠ অভিনেত্ৰী শিতানত চাৰিটা ফিল্মফেয়াৰ বঁটা লাভ কৰিছে। ১৯৫৪ চনত বেইজু বাৱৰাৰ বাবে, ১৯৫৫ চনত পৰিণীতাৰ বাবে এই বঁটা পাইছে। ১০ম ফিল্মফেয়াৰ বঁটাৰ (১৯৬৩) শ্ৰেষ্ঠ অভিনেত্ৰীৰ তিনিওটা মনোনয়ন তেৱেঁ পাইছিল আৰু ইয়াৰ ভিতৰত নিৰ্বাচিত হৈছিল চাহিব বিবি ঔৰ গুলাম। একেগৰাকী অভিনেত্ৰীয়ে একেটা শিতানত তিনিখনকৈ মনোনয়ন পোৱাটো ভাৰতীয় চলচ্চিত্ৰৰ ইতিহাসৰ এক উল্লেখযোগ্য ঘটনা। চতুৰ্থটো ফিল্মফেয়াৰ বঁটা (১৯৬৩) পায় কাজল ছবিৰ বাবে। সমালোচকসকলে প্ৰায়ে চাহিব বিবি ঔৰ গুলামত কৰা তেওঁৰ চৰিত্ৰটো তেওঁৰ জীৱন কাহিনীৰ সৈতে মিলি যোৱা বুলি উল্লেখ কৰে।

প্ৰাৰম্ভিক জীৱন

মীনা কুমাৰীৰ জন্মৰ নাম আছিল মেহজবিন। ১৯৩৩ চনৰ ১ আগষ্টত এটা দুখীয়া মুছলমান, থিয়েটাৰ শিল্পীৰ পৰিয়ালত তেওঁৰ জন্ম হৈছিল। দেউতাক আৰু মাকৰ নাম আছিল ক্ৰমে আলি বক্স আৰু ইকবাল বেগম। ল’ৰা হব বুলি ভাবি থকা আলি বক্সে ছোৱালী জন্ম হোৱাত যথেষ্ট হতাশ হৈছিল। ৬ তেওঁ আছিল মাক-দেউতাকৰ দ্বিতীয় জীয়ৰী। খুৰচীদ জুনিয়ৰ তেওঁৰ বায়েক আৰু মহলিকা বা মধু ভনীয়েক আছিল। ৭ মধু বেবী মাধুৰী নামেৰে প্ৰখ্যাত এজনী শিশুশিল্পী আছিল। ৮ মীনা কুমাৰীৰ প্ৰসৱৰ সময়ত ডাক্তৰৰ খৰচ যোগাৰ কৰিব নোৱাৰি তেওঁক এটা অনাথ গৃহত সমৰ্পন কৰাৰ মন মেলিছিল। কেই ঘণ্টামান পাছত যেনিবা দেউতাৰ মন ঘূৰাত কেঁচুৱা মীনাক ঘৰলৈ লৈ আহিল।

অলপ ডাঙৰ হোৱাৰ পিছত মাক-দেউতাকে তেওঁক লৈ কামৰ সন্ধানত ষ্টুডিঅ’ই ষ্টুডিঅ’ই ঘূৰি ফুৰিবলৈ ধৰিলে, যদিও তেওঁৰ অভিনয়ৰ প্ৰতি আগ্ৰহ নাছিল আৰু পঢ়া-শুনাৰ প্ৰতিহে বেছি মন আছিল।৯১০ পৰিচালক বিজয় ভাটে মীনাক ফৰজন্দে ৱতন (১৯৩৯) ছবিৰ বাবে ২৫টকা পাৰিশ্ৰমিকৰ বিনিময়ত চুক্তি কৰালে।১১

চলচ্চিত্ৰ পঞ্জী

  • গোমতী কি কিনাৰে (১৯৭২)
  • গঙ্গা
  • পাকিজা (১৯৭২)
  • দুচমন (১৯৭১)
  • মালতি
  • মেৰা অপনা (১৯৭১)
  • আনন্দী দেৱী
  • সীমা (১৯৭১)
  • জবাব (১৯৭০)
  • বিদ্যা
  • সাত ফিৰি (১৯৭০)
  • অভিলাষ (১৯৬৮)
  • বাহাৰো কি মঞ্জিল (১৯৬৮)
  • বহু বেগম (১৯৬৭)
  • চন্দন কা পালনা (১৯৬৭)
  • মঝলি দিদি (১৯৬৭)
  • নূৰজাহান (১৯৬৭)
  • পিঞ্জৰে কি পঞ্চী (১৯৬৬)
  • ফুল ঔৰ পত্থৰ (১৯৬৬)
  • ভিগি ৰাত (১৯৬৫)
  • চি.আই.ডি. (১৯৬৫)
  • কাজল (১৯৬৫)
  • পূৰ্ণিমা (১৯৬৫)
  • চিত্ৰলেখা (১৯৬৪)
  • গজল (১৯৬৪)
  • সাঝ ঔৰ সবেৰা (১৯৬৪)
  • মেঁই ভি লড়কী হুঁ (১৯৬৪)
  • বেনজিৰ (১৯৬৪)
  • অকেলি মত যাইয়ো (১৯৬৩)
  • দিল এক মন্দিৰ (১৯৬৩)
  • কিনাৰে কিনাৰে (১৯৬৩)
  • আৰতি (১৯৬২)
  • মেঁই চুপ ৰহুংগা (১৯৬২)
  • চাহিব বিবি ঔৰ গুলাম (১৯৬২)
  • প্যাৰ কা সাগৰ (১৯৬১)
  • জিন্দেগী ঔৰ খোৱাব (১৯৬১)
  • বাহানা (১৯৬০)
  • কহিনূৰ (১৯৬০)
  • দিল পনা ঔৰ প্ৰীত পৰায়ে (১৯৬০)
  • চিৰাগ কাহাঁ ৰোচনী কাহাঁ (১৯৫৯)
  • জাগিৰ (১৯৫৯)
  • মধু (১৯৫৯)
  • সত্তা বাজাৰ (১৯৫৯)
  • সৰাৰত (১৯৫৯)
  • অৰ্ধাঙ্গিনী (১৯৫৯)
  • চান্দ (১৯৫৯)
  • ফোৰ ফেচেজ অফ ইণ্ডিয়া (১৯৫৯)
  • ফৰিস্তা (১৯৫৮)
  • চবেৰা (১৯৫৮)
  • ইহুদী (১৯৫৮)
  • চাহাৰা (১৯৫৮)
  • মিচ মেৰী (১৯৫৭)
  • সাৰদা (১৯৫৭)
  • বন্ধন (১৯৫৬)
  • হালাকু (১৯৫৬)
  • নয়া আন্দাজ (১৯৫৬)
  • সতৰঞ্জ (১৯৫৬)
  • এক হি ৰাস্তা (১৯৫৬)
  • মেম চাহেব (১৯৫৬)
  • আজাদ (১৯৫৫)
  • বন্দিশ (১৯৫৫)
  • আদিল ই জাহাঙ্গিৰ (১৯৫৫)
  • ৰুকচানা (১৯৫৫)
  • চান্দনী চ'ক (১৯৫৪)
  • ইলজাম (১৯৫৪)
  • পৰিণীতা (১৯৫৩)
  • দানা পানী (১৯৫৩)
  • ফুটপাথ (১৯৫৩)
  • দো বিঘা জমিন (১৯৫৩)
  • দি ফিঁয়াসে (১৯৫৩)
  • আলাদিন এণ্ড দি ৱণ্ডাৰফুল ল্যাম্প (১৯৫২)
  • বেইজু বাৱৰা (১৯৫২)
  • তামাশা (১৯৫২)
  • হনুমান পাতাল বিজয় (১৯৫১)
  • লক্ষ্মী নাৰায়ন (১৯৫১)
  • চনম (১৯৫১)
  • অনমোল ৰতন (১৯৫০)
  • হামাৰা ঘৰ (১৯৫০)
  • প্ৰাউড (১৯৫০)
  • শ্ৰী গণেশ মহিমা (১৯৫০)
  • বিছড়ে বলম (১৯৪৮)
  • পিয়া ঘৰ আয়া (১৯৪৭)
  • বচ্ছো কা খেল (১৯৪৬)
  • দুনিয়া এক সাৰাই (১৯৪৬)
  • লাল হাভেলি (১৯৪৪)
  • প্ৰতিজ্ঞা (১৯৪৩)
  • গৰীব (১৯৪২)
  • বহেন (১৯৪১) (বেবী মিনা)
  • কচৌটি (১৯৪১) (বেবী মিনা)
  • নয়ী ৰোচনী (১৯৪১)
  • এক হি ভুল (১৯৪০)
  • পূজা (১৯৪০)
  • ফৰজন্দে ৱতন (১৯৩৯)

পৰৱৰ্তী জীৱন

চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰনাট্যকাৰ কামাল আমৰোহীৰ সৈতে তেওঁৰ বিয়া হয়। আমৰোহীয়ে মুঠ চাৰিবাৰ বিয়া কৰাইছিল। মীনা কুমাৰী আছিল তেওঁৰ তৃতীয় পত্নী। আমৰোহীয়ে তেওঁক তামাচা নিৰ্মাণ কৰি থকা সময়ত লগ পাইছিল।অভিনেতা অশোক কুমাৰে দুয়োকো চিনাকী কৰাই দিছিল। প্ৰথমে প্ৰেম আৰু ১৯৫২ চনৰ ১৪ ফেব্ৰুৱাৰীত একেবাৰে অনুষ্ঠুপীয়াকৈ দুয়োৰো বিবাহ অনুষ্ঠিত হয়। দুয়োৰ বিবাহ ১১ বছৰ স্থায়ী হৈছিল। সেই সময়ত মীনা কেৰিয়াৰৰ চূড়ান্ত পৰ্যায়ত আছিল। দুয়োৰো মাজত সংঘাত আৰম্ভ হোৱাত বেলেগে থকাৰ সিদ্ধান্ত ল’লে আৰু অৱশেষত ১৯৬৪ চনত তেওঁলোকৰ বিবাহ-বিচ্ছেদ হয়।১২

অতিপাত সুৰা সেৱন কৰা মীনাৰ ১৯৬৮ চনত লিভাৰ চিৰ’চিচ ৰোগ ধৰা পৰে। পাকিজা ছবিখনৰ মুক্তিৰ তিনি সপ্তাহ পিছতে তেওঁৰ শাৰীৰিক অৱস্থা অতিপাত বেয়া হোৱাত চেইণ্ট এলিজাবেথ নাৰ্চিং হোমত ভৰ্তি কৰা হয়। ১৯৭২ চনৰ ৩১ মাৰ্চত তেওঁৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৩৮ বছৰ।১২

গ্ৰন্থপঞ্জী

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (2020-07-31). Homage — Meena Kumari. Journal of Indian Cinema
  2. ↑ Meena Kumari birth anniverary: She is inspiration for all!. Free Press Journal
  3. ↑ (19 July 2017). Meena Kumari – Interview (1952). Cineplot.com
  4. ↑ Mohamed, Khalid. (25 March 2016). Remembering the Tragedy Queen Meena Kumari. Khaleej Times
  5. ↑ Meena Kumari – "The Tragedy Queen of Indian Cinema". Rolling Frames Film Society
  6. ↑ Mehta 2016
  7. ↑ Mehta 2016
  8. ↑ Mehta 2016
  9. ↑ (10 January 2013). Meena Kumari, the tragedy Queen – Rare Pictures and Unknown facts. Filmibeat.com
  10. ↑ Flashback Meena Kumari. Indusladies.com
  11. ↑ (14 August 2016). Muslim female icons of Bollywood. The Nation
  12. ↑ Iyengar, Shriram. Meena Kumari, the poet. Cinestaan.com

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীফিল্মফেয়াৰ বঁটা বিজয়ীমদ্যপানজনিত মৃত্যুভাৰতীয় মহিলা কবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মীনা কুমাৰী” প্ৰবন্ধৰ সংশোধন ৫৯২০৩৯ (২২ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।