এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী
- ১৫৫৬ - পাণি পথৰ দ্বিতীয় যুদ্ধত আকবৰৰ মোগল বাহিনীৰ হাতত আফগান সেনাপতি হিমু নিহত হয়।
- ১৯১৪ - গ্ৰেট ব্ৰিটেইনে চাইপ্ৰাছ অধিকাৰ কৰে।
- ১৯১৬ - পোলেণ্ডে স্বাধীনতা লাভ কৰে।
- ১৯২০ - ভাৰতীয় ৰেডক্ৰছ সন্থা গঠন কৰা হয়।
- ১৯৭৭ - ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত বৈদেশিক মন্ত্ৰী অটল বিহাৰী বাজপায়ীয়ে হিন্দী ভাষাত ভাষণ প্ৰদান কৰে।
জন্ম
- ১৯৩৪ - কিৰা মুৰাট'ভা, ইউক্ৰেনীয়ান চলচ্চিত্ৰ পৰিচালিকা, চিত্ৰনাট্যকাৰ আৰু অভিনেত্ৰী।
- ১৯৬০ - ৰানু মণ্ডল, ভাৰতীয় নেপথ্য কণ্ঠশিল্পী।
- ১৯৮৮ - বিৰাট কোহলি, ভাৰতীয় ক্ৰিকেট খেলুৱৈ।
- ১৯৮৮ - আবু নেচিম, অসমৰ ক্ৰিকেটাৰ।
মৃত্যু
- ১৮৭৯ - জেমছ ক্লাৰ্ক মেক্সৱেল, স্কটলেণ্ডৰ পদাৰ্থ বিজ্ঞানী।
- ২০০৮ - বি. আৰ. চোপ্ৰা, হিন্দী চলচ্চিত্ৰৰ নিৰ্দেশক আৰু নিৰ্মাতা তথা দূৰদৰ্শনৰ ধাৰাবাহিক মহাভাৰতৰ নিৰ্মাতা। (জন্ম: ২২ এপ্ৰিল, ১৯১৪)
- ২০১১ - ড॰ ভূপেন হাজৰিকা, সুধাকণ্ঠ, বিশ্ববৰণ্য শিল্পী, ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন, দাদা চাহেব ফাল্কে। ( জন্ম: ৮ ছেপ্তেম্বৰ, ১৯২৬ চন শদিয়াত।
- ২০২২ - ভাৰতৰ প্ৰথম ভোটাৰ শ্যাম চৰণ নেগী হিমাচল প্ৰদেশৰ কিন্নৌৰত থকা তেওঁৰ বাসগৃহত মৃত্যুবৰণ কৰে। তেওঁৰ বয়স আছিল ১০৬ বছৰ।
দিৱস
- বেংক ট্ৰেন্সফাৰ দিৱস (আমেৰিকা যুক্তৰাষ্ট্ৰ)।
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৫ নৱেম্বৰ” প্ৰবন্ধৰ সংশোধন ৩৩৮৬৯২ (২২ নৱেম্বৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।