অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

বিদেশত আপোন মানুহ

বিদেশত আপোন মানুহ হৈছে ২০০১ চনৰ পৰা ২০০৮ চনলৈ গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰযোগে প্ৰচাৰিত এখন ভ্ৰমণ বিষয়ক ধাৰাবাহিক। ধাৰাবাহিকখনত উপস্থাপিকা ববিতা শৰ্মাই বিভিন্ন দেশলৈ ভ্ৰমণ কৰি বিদেশত থকা অসমীয়া লোকসকলৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিছিল।

হালনাগাদ: ৩ আগষ্ট ২০২৫ ১৬৯ শব্দ · ১ মিনিট সংগৃহীত ৯০
সংশোধনৰ পৰামৰ্শ

বিদেশত আপোন মানুহ হৈছে ২০০১ চনৰ পৰা ২০০৮ চনলৈ ডী ডী অসমযোগে প্ৰচাৰিত এখন ভ্ৰমণ বিষয়ক ধাৰাবাহিক। ধাৰাবাহিকখনত উপস্থাপিকা ববিতা শৰ্মাই বিভিন্ন দেশলৈ ভ্ৰমণ কৰি বিদেশত থকা অসমীয়া লোকসকলৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিছিল। তেওঁলোকৰ জীৱনধাৰা, বিদেশী ভূমিত কৰা সংগ্ৰাম আৰু সফলতা, লগতে দ্বিতীয় প্ৰজন্মৰ অসমীয়াৰ জন্মভূমি আৰু অসমৰ প্ৰতি অনুভূতি আদি ধাৰাবাহিকখনত দাঙি ধৰা হৈছিল। ধাৰাবাহিকখনৰ আৰম্ভণি হয় ২০০১ চনৰ ৪ নৱেম্বৰত কানাডাৰ টৰণ্টোত অনুষ্ঠিত অসম সন্মিলনৰ পৰা। ধাৰাবাহিকখনৰ চিত্ৰগ্ৰহণ কানাডা, আমেৰিকা যুক্তৰাষ্ট্ৰ, যুক্তৰাজ্য, ফ্ৰান্স, নেদাৰলেণ্ড, নৰৱে, জাৰ্মানী, নিউজিলেণ্ড, অষ্ট্ৰেলিয়া, ছিংগাপুৰ, থাইলেণ্ড, সংযুক্ত আৰৱ আমিৰাত আদিত কৰা হৈছিল।১

নিৰ্মাণ

এক সাক্ষাৎকাৰত প্ৰযোজক চিন্ময় শৰ্মাই প্ৰকাশ কৰে যে লণ্ডনত চিত্ৰগ্ৰহণ কৰা ভূপেন হাজৰিকাৰ এক সাক্ষাৎকাৰ পাছত তেওঁৰ মনত বিদেশত আপোন মানুহৰ বীজ সূচনা হয়।২ ধাৰাবাহিকখনৰ পৰিচালনা আৰু সম্পাদনা কৰিছিল মানস অধিকাৰীয়ে, প্ৰযোজনা কৰিছিল চিন্ময় শৰ্মা আৰু ববিতা শৰ্মাই, চিত্ৰনাট্য আৰু শীৰ্ষক গীতটোৰ কথা লিখিছিল জিমণি চৌধুৰীয়ে। চাজুৱে কণ্ঠদান কৰা শীৰ্ষক গীতটোৱে দৰ্শকৰ সমাদৰ লাভ কৰিবৰ সক্ষম হৈছিল।৩

সম্প্ৰচাৰ

দেওবাৰে সন্ধিয়া ৭:৩০ বজাত প্ৰচাৰিত এই আধাঘণ্টীয়া ধাৰাবাহিকখনৰ ২৩০টা খণ্ড সম্প্ৰচাৰ হৈছিল।১ গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত দীৰ্ঘদিন ধৰি সম্প্ৰচাৰিত ধাৰাবাহিকসমূহৰ ভিতৰত এখন হৈছে বিদেশত আপোন মানুহ।৪৫ ২০১৬ চনত ৰেঙণি চেনেলযোগে ধাৰাবাহিকখনৰ পুনঃসম্প্ৰচাৰ কৰা হয়।২

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ About Bidexot Apun Manuh on YouTube. www.youtube.com
  2. ↑ (January 20-29, 2016). Meet Chinmoy Sharma. G Plus, Volume 3 Issue 15. পৃ. 17
  3. ↑ Dutta, Reema. নিজানত বাৰু এতিয়াও মনত পৰেনে “বিদেশত আপোন মানুহ”. ৰূপালীপৰ্দা ডট কম
  4. ↑ Das, Nabina. Bobbeeta Sharma: From reel to real. @businessline
  5. ↑ Guwahati LS seat: Catfight between Queen Ojah and Bobbeeta Sharma. NORTHEAST NOW

সম্পৰ্কিত শ্ৰেণী

অসমীয়া ভাষাৰ দূৰদৰ্শন ধাৰাবাহিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিদেশত আপোন মানুহ” প্ৰবন্ধৰ সংশোধন ৫২৯৯৩২ (৩ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।